গুৱাহাটী: গুৱাহাটীৰ গড়চুকত ওলাইছে কাঁহী, বাটি, ঘটি, লোটা আদি । অলপ নহয় ৷ বস্তাই বস্তাই ওলাইছে ৷ গড়চুকৰ লাচিতগঁড় হাইস্কুলৰ সমীপত থকা এটা ডেম্পত বস্তাই বস্তাই ওলাইছে এই সামগ্ৰীসমূহ ।
গড়চুক আৰক্ষীয়ে শনিবাৰে চলোৱা এক অভিযানৰ সময়ত এই সামগ্ৰীসমূহ ডেম্পটোৰ পৰা উদ্ধাৰ কৰা হয় ৷ ঘটনা সন্দৰ্ভত ইতিমধ্যে দুজন লোকক গ্ৰেপ্তাৰো কৰা হৈছে বুলি গড়চুক আৰক্ষী থানাৰ এজন বিষয়াই জানিবলৈ দিয়ে ৷
গড়চুক আৰক্ষী থানাৰ বিষয়াগৰাকীয়ে কয়, "এক গোপন সূত্ৰৰ পম খেদি গড়চুকৰ লাচিতগঁড় হাইস্কুলৰ সমীপত থকা এইছ কে ট্ৰেডিং এজেন্সী নামৰ ডেম্প এটাত এই অভিযান চলাও ৷ মহানগৰীৰ বিভিন্ন ধৰ্মীয় অনুষ্ঠানৰ পৰা চুৰি হোৱা সামগ্ৰীবোৰ এইচ কে ট্ৰেডিং এজেন্সী নামৰ ডেম্পটোত থকা বুলি গোপন সূত্ৰৰ পৰা এটা খবৰ পাইছিলো । এই গোপন সূত্ৰৰ ভিত্তিত ডেম্পটোত অভিযান চলাই বৃহৎ পৰিমাণৰ কাঁহ, পিতল, তামৰ সামগ্ৰী জব্দ কৰা হৈছে । মহানগৰীৰ ধৰ্মীয় অনুষ্ঠান মন্দিৰ আৰু মছজিদৰ পৰা চুৰি কৰা সামগ্ৰী উদ্ধাৰ কৰা হয় ডেম্পটোৰ পৰা ।"