অসম

assam

ETV Bharat / state

প্ৰেমজনিত সংঘাতৰ কৰুণ পৰিণতি; চাৰিজনকৈ লোকৰ নৃশংস হত্যাকাণ্ডই জোকাৰিছে নগাঁও - NAGAON BRUTAL MURDER CASE

নগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড । চাৰিজনকৈ লোকক ডিঙি কাটি হত্যা দুৰ্বৃত্তৰ । কন্যাৰ বিবাহৰ প্ৰাকমুহূৰ্তত ঘৰৰ ভিতৰতে উদ্ধাৰ পিতৃ, মাতৃ, ভগ্নীৰ মৃতদেহ ।

Nagaon murder case
চাৰিজনকৈ লোকৰ নৃশংস হত্যাকাণ্ডই জোকাৰিছে নগাঁও (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Nov 23, 2024, 7:20 AM IST

Updated : Nov 23, 2024, 10:28 AM IST

নগাঁও : চাৰিদিন পিছত ঘৰখনত সৃষ্টি হ'বলগা আছিল এক উৎসৱমুখৰ পৰিৱেশ । পদূলি উদুলি-মুদুলি হোৱাৰ লগতে ৰভাতলীত আত্মীয়-স্বজনেৰে ভৰি পৰিবলগা আছিল । কাৰণ চাৰিদিন পিছত ঘৰখনৰ বৰজীয়াৰীয়ে শিৰত সেন্দুৰ পিন্ধিবলগা আছিল । পৰিয়াল তথা আত্মীয়ই শোকাকুলভাৱে ঘৰৰ পৰা বিদায় দিবলগা আছিল ।

কিন্তু নিয়তিৰ পৰিহাস ! সেইখন ঘৰত এতিয়া এক অন্য পৰিৱেশ । কেউফালে স্তব্ধতা, সকলো যেন অবাক-নিৰ্বাক । মাথোঁ ঘৰৰ ভিতৰত পৰি থকা চাৰিটাকৈ ৰক্তাক্ত মৃতদেহ সকলোৱে চকু থৰ লাগি প্ৰত্যক্ষ কৰাৰ বাহিৰে কৰিবলগা কাৰোৰে হাতত একো নাই । নিমিষতে থানবান হৈ গ'ল এখন ঘৰ, সকলো সপোন ।

চাৰিজনকৈ লোকৰ নৃশংস হত্যাকাণ্ডই জোকাৰিছে নগাঁও (ETV Bharat Assam)

এক গাৰ নোম শিয়ৰি উঠা ঘটনা । এটা নৃশংস হত্যাকাণ্ডই জোকাৰণিৰ সৃষ্টি কৰিছে সমগ্ৰ নগাঁৱত । উপ-নিৰ্বাচনৰ ভোটগণনাক লৈ সকলো ব্যস্ত থকাৰ সময়তে শুকুৰবাৰে সন্ধিয়া নগাঁৱৰ ৰূপহীহাটৰ গড়াজানত সংঘটিত হয় নৃশংস হত্যাকাণ্ড ।

নগাঁও হত্যাকাণ্ড সন্দৰ্ভত আৰক্ষী অধীক্ষকৰ মন্তব্য (ETV Bharat Assam)

গড়াজানৰ ঘনুধৰ সৰকাৰৰ বাসগৃহত সংঘটিত হয় এই ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনা । ঘনুধৰ সৰকাৰৰ কন্য়া মৃদুস্মিতা সৰকাৰৰ বিয়াৰ পূৰ্ণ প্ৰস্তুতি চলি আছিল ঘৰখনত । অহা বুধবাৰে হ'বলগীয়া আছিল আখি সৰকাৰৰ বিয়া । কিন্তু শুভ বিবাহৰ প্ৰাকমুহূৰ্তত ঘৰখনত সৃষ্টি হয় অবৰ্ণনীয় পৰিৱেশ ।

কৰ্মসূত্ৰে আখি সৰকাৰ নগাঁৱত থকা সময়তেই সৰকাৰৰ গড়াজানস্থিত বাসগৃহত শুকুৰবাৰে সন্ধিয়া দুৰ্বৃত্তই প্ৰৱেশ কৰি পৰিয়ালটোৰ তিনিজনকৈ সদস্যক ডিঙি কাটি অতি নৃশংসভাৱে হত্যা কৰে । পৰিয়ালটোৰ মুৰব্বী তথা বিয়া হ'বলগীয়া আখি সৰকাৰৰ পিতৃ ঘনুধৰ সৰকাৰৰ লগতে মাতৃ আৰু ভগ্নীকো হত্যা কৰে দুৰ্বৃত্তই । পৰিয়ালটোৰ মুৰব্বী ঘনুধৰ সৰকাৰৰ লগতে সনুধৰ সৰকাৰ, জয়াস্মীতা সৰকাৰৰ উপৰি আন আজন যুৱকৰ মৃতদেহ উদ্ধাৰ হয় ঘৰৰ ভিতৰতে ।

পৰিয়ালটোৰ এগৰাকী আত্মীয়ই বিয়াৰ নিমন্ত্ৰণী পত্ৰ বিতৰণ কৰিবলৈ ঘৰখনত উপস্থিত হোৱাৰ পাছতেই চাৰিটাকৈ মৃতদেহ পৰি থকা প্ৰত্যক্ষ কৰি চুবুৰীয়াৰ লগতে খবৰ দিয়ে আৰক্ষীক । লগে লগেই স্থানীয় লোকৰ লগতে ৰূপহীহাট আৰক্ষীৰ লগতে নগাঁও আৰক্ষী অধীক্ষক উপস্থিত হৈ তদন্ত আৰম্ভ কৰে ।

অৱশ্যে এই প্ৰতিবেদন প্ৰস্তুত কৰালৈকে হত্যাকাণ্ড সন্দৰ্ভত কোনো মন্তব্য কৰা নাই তদন্ত অব্যাহত ৰখা আৰক্ষীয়ে । আনহাতে, নিশাতেই স্নিফাৰ ডগৰ সহায়ত তদন্ত আৰম্ভ কৰে আৰক্ষীয়ে । লগতে ঘটনাস্থলীত উদ্ধাৰ হোৱা আন এজন যুৱকৰ মৃতদেহ নিশা পৰ্যন্ত চিনাক্ত হোৱা নাই বুলি জানিব পৰা গৈছে । ইফালে ঘটনা সন্দৰ্ভত মৃদুস্মিতা সৰকাৰকো আৰক্ষীয়ে সোধ-পোছ কৰা বুলি জানিব পৰা গৈছে ।

  • হত্যাকাণ্ড সন্দৰ্ভত মন্তব্য নগাঁও জিলা আৰক্ষী অধীক্ষকৰ বক্তব্য

নগাঁৱৰ গড়াজানত শনিবাৰে সন্ধিয়া সংঘটিত চাঞ্চল্যকৰ হত্যাকাণ্ডত একেটা পৰিয়ালৰ তিনিজনকৈ লোকক ডিঙি কাটি হত্যা কৰাৰ লগতে উদ্ধাৰ হৈছিল আন এজন যুৱকৰ মৃতদেহ । মৃতদেহটো প্ৰথম অৱস্থাত চিনাক্ত হোৱা নাছিল যদিও অৱশেষত চিনাক্ত কৰে আৰক্ষীয়ে ।

গড়াজানৰ ঘুনুধৰ সৰকাৰৰ বাসগৃহত সংঘটিত হোৱা হত্যাকাণ্ড প্ৰেমজনিত কাৰণত সংঘটিত হোৱা বুলি সন্দেহ কৰিছে আৰক্ষীয়ে । পৰিয়ালৰ তিনিগৰাকীকৈ ব্যক্তিৰ কাষত উদ্ধাৰ হোৱা মৃতদেহটো অংশুমান সৰকাৰ বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে ।

এই সন্দৰ্ভত নগাঁৱৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই কয়, "অচিনাক্ত যুৱকজন ইতিমধ্যে আইডেনটিফাই হৈছে, তেওঁলোকৰ পৰিয়ালৰ মানুহে আইডেনটিফাই কৰিছে । তেওঁৰ নাম হৈছে অংশুমান সৰকাৰ । বাকী আমি তদন্ত কৰি আছো । তিনিজন একেটা পৰিয়ালৰ মৃত্যু হৈছে আৰু আনজন অংশুমান সৰকাৰ । তেওঁৰ ঘৰ নগাঁৱৰ তেলীয়াপট্টিত । তেওঁৰ মতদেহ তাত পোৱা গৈছে । আমাৰ ফৰেনচিক আৰু চি আই ডি টীম কালি ৰাতিয়ে আহিছে । প্ৰমাণ সংগ্ৰহ কৰা হৈছে আৰু তদন্ত চলি আছে ।"

  • প্ৰেমজনিত ঘটনাৰে পৰিণতি নেকি এই হত্যাকাণ্ড ?

ইফালে এই নৃশংস হত্যাকাণ্ড সংঘটিত হোৱাৰ পিচতে হত্যাকাণ্ডৰ কাৰণ সন্দৰ্ভত কেইবাটাও প্ৰশ্ন উত্থাপন হৈছে । তাৰে ভিতৰত এটা হৈছে প্ৰেমজনিত কাৰণ । কিয়নো বুধবাৰে আছিল পৰিয়ালটোৰ জীয়াৰী মৃদুস্মিতা সৰকাৰৰ বিয়া । কিন্তু বিয়াৰ চাৰিদিন পূৰ্বে সংঘটিত এই হত্যাকাণ্ড মৃদুস্মিতাৰ পূৰ্বৰ প্ৰেমৰ কিবা ঘটনাৰ লগত সংযোগ আছে নেকি সেই দিশটোও নিৰ্দেশ কৰে ।

এই সন্দৰ্ভত আৰক্ষী অধীক্ষকগৰাকীয়ে কয়, "২০২২ চনৰে পৰা তেওঁলোকৰ মাজত এটা প্ৰেমজনিত ঘটনা হৈ আছিল । এই সম্পৰ্কে কেছো হৈছে নগাঁও থানাত । আমি যিটো সন্দেহ কৰিছো সেইটোৱে হ'ব লাগে । বাকী পিচত আমি তদন্তৰ পিচত জনাব পাৰিম । অংশুমান সৰকাৰ যিজনৰ মৃতদেহ তাত পোৱা গৈছে তেওঁৰ সৈতেই প্ৰেমৰ সম্পৰ্ক আছিল । বেলেগ সন্দেহ নাই । কাৰণ যাৰ ওপৰত সন্দেহ কৰা হৈছিল তেওঁৰেই মৃতদেহ উদ্ধাৰ কৰা হৈছে । তেওঁলোকৰ মাজত মানে ভুক্তভোগী মৃদুস্মিতা আৰু অংশুমানৰ মাজত ২০২২ চনৰ পৰাই কিবা সংঘাত আছিল । প্ৰেমজনিত সংঘাত আছিল । সেই সম্পৰ্কে কেছো হৈ আছে নগাঁও থানাত । আৰু বিভিন্ন সময়ত হাৰাশাস্তি কৰা বুলি তেওঁ জনাইছে আমাক । গতিকে সেই সম্পৰ্কে আমি তদন্ত কৰি আছো ।"

লগতে পঢ়ক :পঢ়াৰ বোজা সহ্য কৰিব নোৱাৰি চৰমপন্থা ল'লে ষষ্ঠ শ্ৰেণীৰ ছাত্ৰই
লগতে পঢ়ক :মাতৃলৈ আবেগ ভৰা পত্ৰ লিখি চিকিৎসা বিজ্ঞানৰ ছাত্ৰৰ আত্মহত্য়া - Youth Commited Suicide
Last Updated : Nov 23, 2024, 10:28 AM IST

ABOUT THE AUTHOR

...view details