মৰাণ, ১৬ অক্টোবৰ :শিৱসাগৰৰ বকতা শ'লগুৰিত বুধবাৰে পুৱতিনিশা এক গুলীচালনাৰ ঘটনা সংঘটিত হয় । মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত খটখটি খেলমাটি গাঁৱৰ নিবাসী ৰাহুল হাজৰিকা ওৰফে লাডেন হাজৰিকাক আৰক্ষীয়ে আলফাৰ লিংকমেনৰ সন্দেহত নিশা ঘৰৰ পৰা লৈ যায় ।
বিশেষ সূত্ৰে জানিব পৰা মতে বকতা, ডিমৌ, মৰাণ আৰু শিৱসাগৰ আৰক্ষীয়ে লাডেনক থানালৈ আনি থকা অৱস্থাত থানাৰ গাড়ীখন যান্ত্ৰিক বিজুটি ঘটাত ৰাহুল হাজৰিকা ওৰফে লাডেনে আৰক্ষীৰ বেহু ভেদি পলাবলৈ চেষ্টা কৰাত আৰক্ষীয়ে ভৰিত গুলীয়ায় । বৰ্তমান গুলীবিদ্ধ ৰাহুল হাজৰিকা ওৰফে লাডেনক ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰি চিকিৎসা কৰি থকা হৈছে ।
অৱশ্যে সমগ্ৰ ঘটনা সন্দৰ্ভত কিন্তু আৰক্ষীয়ে এই মুহূৰ্তলৈকে কোনো তথ্য ৰাজহুৱা কৰা নাই । ইফালে পৰিয়ালৰ লোকে এয়া এক পৰিকল্পিত তথা ভুৱা এনকাউণ্টাৰ বুলি উল্লেখ কৰিছে ।
লাডেনৰ ভাতৃয়ে কয়, "নিশা ২ বজাত চাৰিখনকৈ থানাৰ আৰক্ষীয়ে কোনো কাৰণ নদৰ্শোৱাকৈ দাদাক ঘৰৰ পৰা উঠাই লৈ যায় । ইয়াৰ পিচত কোনো খবৰ পোৱা নাই । পুৱা টিভিৰ বাতৰি দেখিহে এনকাউণ্টাৰ কৰা বুলি জানিব পাৰো ।"
উল্লেখ্য যে ২০১৬ আৰু ২০১৯ চনত দুবাৰকৈ আলফাত যোগদান কৰা ৰাহুল ওৰফে লাডেনে আত্মসমৰ্পণ কৰি পৰিয়ালসহ ঘৰতে আছিল । লাডেনৰ ভাতৃয়ে লগতে অভিযোগ কৰি কয়, "এয়া আৰক্ষীৰ ভুৱা এনকাউণ্টাৰ । আৰক্ষীয়ে পৰিকল্পিতভাৱে এই ঘটনা কৰিছে ।"