ৰঙিয়া,২৬ এপ্ৰিল:আজি পুৱা ৭ বজাৰ পৰা অনুষ্ঠিত হৈছে দ্বিতীয় পৰ্যায়ৰ ভোটযুদ্ধ । পচন্দৰ প্ৰাৰ্থীগৰাকীক ভোট দি জয়যুক্ত কৰিবলৈ হিলদ'ল ভাঙি ওলাই আহিছে সৰ্বসাধাৰণ ৰাইজ । নতুন ভোটাৰকে আদি কৰি অশীতিপৰ বৃদ্ধয়ো সাব্যস্ত কৰিছে ভোটাধিকাৰ । ইয়াৰ মাজতে দেখা গ'ল এখন বিশেষ ছবি । বাৰ্ধক্যকো নেওচি ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ওলাই আহিল এগৰাকী প্ৰাক্তন মন্ত্ৰী ।
লাখুঁটিত ভৰ দি ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহিল ৰঙিয়াৰ প্ৰাক্তন বিধায়ক, প্ৰাক্তন শিক্ষা তথা ৰাজহ মন্ত্ৰী থানেশ্বৰ বড়ো । নৰীয়া দেহাৰেই ৰঙিয়াৰ ৭৮ নং সিদ্ধিনাথ বিদ্যামন্দিৰ হাইস্কুল কেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰিলে জেষ্ঠ অগপ নেতাগৰাকীয়ে । কিন্তু ভোট দিবলৈ আহি বিপাঙত পৰিল জ্যেষ্ঠ নেতাগৰাকী । গছৰ তলতে বহি অপেক্ষা কৰিলে ভোট দিবলৈ ।
প্ৰশাসনে প্ৰতিটো কেন্দ্ৰতে জ্যেষ্ঠ নাগৰিকসকলৰ সুবিধাৰ বাবে হুইল চেয়াৰৰ ব্যৱস্থা কৰিছে । কিন্তু উক্ত কেন্দ্ৰটোত এই সুবিধাৰ পৰা বঞ্চিত হ'ল খোদ এগৰাকী প্ৰাক্তন মন্ত্ৰী । হুইল চেয়াৰৰ অপেক্ষাত বহু সময় গছৰ তলতে বহি ৰ'ল প্ৰাক্তন মন্ত্ৰীগৰাকী । বহু সময় অপেক্ষাৰ অন্ততো হুইল চেয়াৰৰ ব্যৱস্থা নোহোৱাত অৱশেষত উপস্থিত ৰাইজৰ সহায়ত লাখুঁটিত ভৰ দি কোনোমতে ভোটদান কেন্দ্ৰত উপস্থিত হ'ল থানেশ্বৰ বড়ো ।