অসম

assam

ETV Bharat / state

চাকৰিৰ পৰা বৰ্খাস্ত হ'ল দৰঙৰ পূৰ্বৰ আৰক্ষী অধীক্ষক ৰাজমোহন ৰায় - Dhula Minor Death Case

Former Darrang SP dismissed : চাকৰিৰ পৰা বৰ্খাস্ত হ'ল কিশোৰী হত্যাৰ গোচৰত উৎকোচ লোৱাৰ অভিযোগত নিলম্বিত হোৱা আৰক্ষী অধীক্ষক ৰাজমোহন ৰায় ৷ এই কথা সদৰী কৰে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে ৷ উৎকোচ লৈ হত্যাকাণ্ডৰ ঘটনা গাপ দিয়াৰ ঘটনাৰে জড়িত আছিল ৰাজমোহন ৰায় ৷

FORMER DARRANG SP DISMISSED
ৰাজমোহন ৰায়ক চাকৰিৰ পৰা বৰ্খাস্ত

By ETV Bharat Assamese Team

Published : Apr 6, 2024, 8:06 PM IST

গুৱাহাটী, 6 এপ্ৰিল : অৱশেষত চাকৰিৰ পৰা বৰ্খাস্ত হ'ল দৰঙৰ নিলম্বিত আৰক্ষী অধীক্ষক ৰাজমোহন ৰায় ৷ কিশোৰী হত্যাৰ গোচৰত উৎকোচ লোৱাৰ অভিযোগত নিলম্বিত হোৱা এ পি এছ বিষয়া ৰাজমোহন ৰায়ক পহিলা এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে ৷ সামজিক মাধ্যম যোগে আজি এই কথা সদৰী কৰে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে ৷

সামাজিক মাধ্যমত জি পি সিঙে কয় যে শূণ্য সহনশীল নীতিৰ আধাৰত অসৎ আচৰণৰ বাবে তেতিয়াৰ দৰঙৰ আৰক্ষী অধীক্ষক ৰাজমোহন ৰায়ক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে ৷ লগতে তেওঁক ভৱিষ্যতৰ নিযুক্তিৰ বাবে অযোগ্য ঘোষণা কৰা হৈছে ৷ উল্লেখ্য যে দৰঙৰ নিলম্বিত আৰক্ষী অধীক্ষক ৰাজমোহন ৰায় উৎকোচ লৈ হত্যাকাণ্ডৰ ঘটনা গাপ দিয়াৰ ঘটনাৰে জড়িত আছিল ৷ ঘটনাটো আছিল 2022 চনৰ জুন মাহৰ ৷ দৰং জিলাৰ ধূলা থানাৰ অন্তৰ্গত কৃষ্ণকমল বৰুৱা নামৰ এজন লোকৰ ঘৰত এগৰাকী কিশোৰীৰ ৰহস্যজনক মৃত্যুক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছিল ৷ ঢেকীয়াজুলিৰ প্ৰজা পথৰ 13 বছৰীয়া এগৰাকী কিশোৰী চিপ লৈ ওলমি থকা অৱস্থাত উদ্ধাৰ কৰা হৈছিল ৷ সেই কিশোৰী গৰাকী কৃষ্ণকমল বৰুৱা নামৰ লোকজনৰ ঘৰত বনকৰা ছোৱালী হিচাপে আছিল ৷

ঘটনাৰ তদন্তৰ বাবে ধূলা আৰক্ষী থানাত কিশোৰীগৰাকীৰ পৰিয়ালে এজাহাৰ দিবলৈ গৈছিল যদিও সেই ক্ষেত্ৰত বাধা প্ৰদান কৰা হৈছিল ৷ এই সমগ্ৰ ঘটনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দৃষ্টিগোচৰ হোৱাত এই সন্দৰ্ভত তদন্ত কৰিবলৈ নিৰ্দেশ দিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ কিন্তু মুখ্যমন্ত্ৰীগৰাকীৰ নিৰ্দেশকো আওকাণ কৰি ঘটনাৰ তদন্ত কৰা হোৱা নাছিল ৷ আনকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মৃত কিশোৰীগৰাকীৰ পৰিয়ালবৰ্গক সাক্ষাৎ কৰিবলৈ ঢেকীয়াজুলিৰ প্ৰজাপথৰ বাসগৃহত উপস্থিত হৈছিল ৷ তেতিয়াই আৰক্ষীৰ অৱহেলা আৰু গুৰুত্বহীনতাৰ কথা পোহৰলৈ অহাত নিলম্বিত হ'বলগা হয় দৰঙৰ আৰক্ষী অধীক্ষক ৰাজমোহন ৰায়কে ধৰি আন দুজন বিষয়া ৷ ইয়াৰ পিচত মুখ্যমন্ত্ৰীৰ নিৰ্দেশত বিশেষ তদন্তকাৰী গোট গঠন কৰি ঘটনাৰ তদন্ত কৰাত বহু বিস্ফোৰক তথ্য পোহৰলৈ আহিছিল ৷

একমাত্ৰ টকাৰ লোভৰ বাবেই আৰক্ষী বিষয়া, দণ্ডাধীশ, চিকিৎসকে হত্যাকাণ্ডৰ ঘটনা এটাক আত্মহত্যাৰ ৰূপ দিয়াত আগভাগ লৈছিল ৷ এগৰাকী 13 বছৰীয়া বনকৰা কিশোৰীক ঘৰৰ মালিক তথা বি এছ এফৰ এজন জোৱানে ধৰ্ষণ কৰি হত্যা কৰাৰ এটা ঘটনাক গাপ দি তদন্তক বিপথে পৰিচালিত কৰাৰ বাবে আৰক্ষী, চিকিৎসক আৰু দণ্ডাধীশে কিদৰে অপৰাধীৰ সৈতে হাত মিলাইছিল তাৰ ভয়ংকৰ তথ্য তদন্তত উন্মোচন হৈছিল ৷

ঢেকিয়াজুলিৰ আদিবাসী সম্প্ৰদায়ৰ কিশোৰীগৰাকীৰ ধৰ্ষণ তথা হত্যাৰ ঘটনাক আত্মহত্যাৰ ৰূপ দি চি আই ডিৰ হাতত গ্ৰেপ্তাৰ হৈছিল তিনিজন চিকিৎসকৰ লগতে দুজন আৰক্ষী বিষয়া ৷ কিশোৰীগৰাকীৰ হত্যাকাণ্ডৰ ঘটনাত দৰং জিলাৰ ধূলা থানাৰ তদানীন্তন অ’চি উৎপল বৰাক গ্ৰেপ্তাৰ কৰাৰ পাচত কিশোৰীগৰাকীৰ মৰণোত্তৰ পৰীক্ষাৰ নামত ভুৱা প্ৰতিবেদনেৰে হত্যাৰ ঘটনাক আত্মহত্যা বুলি প্ৰমাণ কৰাৰ অপচেষ্টা চলোৱাৰ অপৰাধত চি আই ডিয়ে মঙলদৈ জিলা অসামৰিক চিকিৎসালয়ৰ তিনি চিকিৎসকক গ্ৰেপ্তাৰ কৰিছিল ৷

ইফালে একেটা গোচৰতে ধনৰ বিনিময়ত তদন্তক বিপথে পৰিচালিত কৰাৰ অভিযোগত দৰঙৰ নিলম্বিত অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপম ফুকনকো গ্ৰেপ্তাৰ কৰিছিল ৷ আনহাতে কিশোৰীগৰাকীৰ হত্যাৰ ঘটনাক আত্মহত্যাৰ ৰূপ দিয়াৰ অভিযোগত অভিযুক্ত কৰা হৈছিল দৰঙৰ নিলম্বিত আৰক্ষী অধীক্ষক ৰাজমোহন ৰায় আৰু এজন কাৰ্যবাহী দণ্ডাধীশক ৷ সেইসময়ত ৰাজমোহন ৰায়ে আত্মগোপন কৰিছিল যদিও পৰৱৰ্তী সময়ত অগ্ৰিম জামিন নাপাই চি আই ডিৰ ওচৰত আত্মসমৰ্পণ কৰিছিল ৷

লক্ষণীয় বিষয় যে এই হত্যাকাণ্ডক গাপ দিয়াৰ বাবে 5 লাখ টকা লোৱা ধূলা থানাৰ সেই সময়ৰ ভাৰপ্ৰাপ্ত বিষয়া উৎপল বৰাক গ্ৰেপ্তাৰ কৰাৰ পাচতেই বৰাই নাম লৈছিল এছ পি ৰাজমোহন ৰায় আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপম ফুকনৰ ৷ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপম ফুকনে হত্যাৰ ঘটনাক গাপ দিয়াৰ বাবে অ’চি উৎপল বৰাৰ মধ্যস্থতাত অভিযুক্তৰ আত্মীয়ৰ পৰা লৈছিল 1.50 লাখ টকা ৷ এই ঘটনাত আৰক্ষী অধীক্ষক ৰাজমোহন ৰায়েও অভিযুক্তৰ পক্ষৰ পৰা লাভ কৰিছিল লক্ষাধিক টকা ৷ ইয়াৰ পিচতে অৱশেষত নিলম্বিত আৰক্ষী অধীক্ষক ৰাজমোহন ৰায়ক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হ'ল ৷

লগতে পঢ়ক :স্বাস্থ্য বেয়া-টকাৰ অভাৱ; ইমান দূৰলৈ গৈ কেছ খেলিব নোৱাৰো : জোনমণি ৰাভাৰ মাতৃৰ প্ৰতিক্ৰিয়া - Junmoni Rabha Death Case

ABOUT THE AUTHOR

...view details