গোৱালপাৰা,২০ জানুৱাৰী :বেদখলকাৰীৰ বিৰুদ্ধে পুনৰ সৰৱ হৈছে অসম চৰকাৰ । এইবাৰ বেদখলকাৰীৰ বিৰুদ্ধে গোৱালপাৰা জিলাত বৃহৎ উচ্ছেদ অভিযান চলালে বন বিভাগে । লক্ষীপুৰত শনিবাৰৰ পৰা বনবিভাগে প্ৰায় ৬০ হেক্টৰ চৰকাৰী ভূমিত উচ্ছেদ আৰম্ভ কৰিছে । বন বিভাগে জনোৱা মতে সেই স্থানৰ পৰা প্ৰায় ১,৪৬১ টা পৰিয়ালক উচ্ছেদ কৰা হ'ব । ইয়াৰ লগে লগে অঞ্চলটোৰ উচ্ছেদিত লোকসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ।
উল্লেখ্য যে গোৱালপাৰা জিলাৰ পঞ্চৰত্নৰ উচ্ছেদ অভিযানৰ প্ৰতিবাদ অব্যাহত থকাৰ মাজতে লক্ষীপুৰত শনিবাৰৰ পৰা আৰম্ভ হৈছে এই বৃহৎ উচ্ছেদ অভিযান । জিলাখনৰ লক্ষীপুৰ আঞ্চলিক বনাঞ্চলৰ অধীনস্থ কুমাৰখালি সংৰক্ষিত বনাঞ্চলত চলিছে বন বিভাগৰ এই অভিযান । জানিব পৰা মতে বনবিভাগে উচ্ছেদ চলোৱা কুমাৰখালিত উচ্ছেদিত লোকসকলে বহু বছৰ ধৰি বসবাস কৰি আহিছে । কিন্তু তেওঁলোকে বন বিভাগৰ মাটি দখল কৰি থকাৰ বাবে পুৱাই কটকটীয়া নিৰপত্তা বেষ্টনীৰ মাজত বন বিভাগে জিলা প্ৰশাসনৰ সহযোগত ১০ খনকৈ বুলড'জাৰেৰে এফালৰ পৰা উচ্ছেদ চলাই যায় । বহু পকী ঘৰ এফালৰ পৰা ভাঙি দিয়া হয় ।