গুৱাহাটী : উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ অধীনত থকা ৰে'লত কৰ্মৰত লোকো পাইলটসকলৰ বাবে প্ৰথমবাৰৰ বাবে ইঞ্জিনত প্ৰস্ৰাৱগাৰ স্থাপনৰ ব্যৱস্থা কৰিছে ৰে'ল বিভাগে । এই প্ৰস্ৰাৱগাৰ বিশেষ ধৰণে নিৰ্মাণ কৰা হৈছে ।
লোকো পাইলটৰ সুবিধাৰ্থে প্ৰস্ৰাৱগাৰ
প্ৰথমবাৰৰ বাবে ইঞ্জিনত পানীবিহীন প্ৰস্ৰাৱগাৰ স্থাপন (ETV Bharat) উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া কপিঞ্জল কিশোৰ শৰ্মাই এই কথা সদৰী কৰিছে । তেওঁ কয় যে পূৰ্বতে প্ৰায়ে ৭-৮ ঘণ্টা নিৰন্তৰভাৱে কাম কৰা ৰে'লৰ লোকো পাইলটসকলৰ ইঞ্জিনৰ ভিতৰত শৌচালয়ৰ সুবিধা নাছিল । যাৰ ফলত তেওঁলোকে অ-নিৰ্ধাৰিত ষ্টপেজৰ ওপৰত নিৰ্ভৰ কৰিবলৈ বাধ্য হৈছিল । এইক্ষেত্ৰত তেওঁলোক যথেষ্ট সমস্যাৰ সম্মুখীন হৈ আহিছে । তেওঁ কয়, "সেয়েহে লোকো পাইলটসকলৰ সুবিধা অধিক উন্নত কৰাৰ বাবে উত্তৰ-পূৱ সীমান্ত ৰে'লৱেই ৬ টা ডব্লিউ এ জি-৯এইচ চি শ্ৰেণীৰ ইঞ্জিনত উদ্ভাৱনীমূলক পানীবিহীন প্ৰস্ৰাৱগাৰ স্থাপন কৰি এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে । এই ব্যৱস্থাই লোকো পাইলটসকলৰ বাবে উন্নত সুবিধা প্ৰদান কৰিব ।
কেনেকুৱা হ'ব এই প্ৰস্ৰাৱগাৰ ?
তেওঁ লগতে কয়, "পানীবিহীন প্ৰস্ৰাৱগাৰত এক শুকান প্ৰণালী অৰ্থাৎ ভেকুৱাম থাকিব । প্ৰস্ৰাৱগাৰত ষ্টেইনলেছ ষ্টীলৰ তাঁৰৰ জাল, এটা সুগন্ধি বিতৰক আৰু প্ৰস্ৰাৱৰ মেটৰ সৈতে লগোৱা এটা ইপোক্সি-লেপযুক্ত গোন্ধহীন ইউনিচেক্স ডিজাইন থাকিব । প্ৰস্ৰাৱগাৰত প্ৰস্ৰাৱ স্বয়ংক্ৰিয় নিষ্কাশন হ'ব । লগতে প্ৰস্ৰাৱগাৰত এটা স্বয়ংক্ৰিয়-চেন্সৰ আধাৰিত হেণ্ড ছেনিটাইজাৰ আৰু এটা ইউ ভি-নিয়ন্ত্ৰিত জীৱাণুনাশক ব্যৱস্থাও আছে । এই ব্যৱস্থাটোৰ এক গুৰুত্বপূৰ্ণ সুৰক্ষা বৈশিষ্ট্য হ'ল যে ট্ৰেইনখন স্থিৰ হৈ থাকিলে আৰু লোকোমোটিভ ব্ৰেক প্ৰয়োগ কৰিলেহে প্ৰস্ৰাৱগাৰ ব্যৱহাৰ কৰিব পাৰিব ।"
মুখ্য জনসম্পৰ্কৰক্ষী বিষয়াগৰাকীয়ে লগতে কয়,"উত্তৰ-পূব সীমান্ত ৰে'লৱেই আগন্তুক সময়ত পৰ্যায়ক্ৰমে ৫০ টা ইঞ্জিনত এই সুবিধাসমূহ স্থাপন কৰাৰ পৰিকল্পনা কৰিছে । এই পদক্ষেপে লোকো পাইলটসকলৰ দীঘলীয়া কৰ্তব্যৰ সময়ত সুবিধা আৰু আৰাম বৃদ্ধি কৰাৰ লগতে পানীৰ ব্যৱহাৰ হ্ৰাস কৰি বহনক্ষম প্ৰচেষ্টাতো অৰিহণা যোগাব ।"
লগতে পঢ়ক :মহামৃত্যুঞ্জয় মন্দিৰ-বটদ্ৰৱা থানত সেৱা ল'লে ৰাজ্যপাল আচাৰ্যই