অসম

assam

ETV Bharat / state

বানাক্ৰান্তৰ কাষত কংগ্ৰেছ নেতা আনোৱাৰ হুছেইন - Assam flood 2024

Flood in Laharighat : বানাক্ৰান্তৰ মাজত খাদ্যৰ টোপোলা বিতৰণ কৰিলে কংগ্ৰেছ নেতা আনোৱাৰ হুছেইনে ৷ বানাক্ৰান্তৰ অভাৱ দূৰ কৰিবলৈ চৰকাৰৰ প্ৰতি আহ্বান কংগ্ৰেছ নেতাগৰাকীৰ ৷

By ETV Bharat Assamese Team

Published : Jul 14, 2024, 8:26 PM IST

Flood in Laharighat
বানাক্ৰান্তৰ কাষত কংগ্ৰেছ নেতা আনোৱাৰ হুছেইন (ETV Bharat Assam)

ধিং, ১৪ জুলাই : ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে প্ৰলয়ংকাৰী বানে তচনচ কৰিছে লাহৰীঘাট সমষ্টিৰ চৰ চাপৰিৰ জনজীৱনো । বানে শ শ পৰিয়ালৰ বাসগৃহ বুৰাই পেলোৱাত অতি কষ্টসাধ্য জীৱন যাপন কৰিব লগা হৈছে অঞ্চলবাসীয়ে । চৰৰ এই দুখীয়া দৰিদ্ৰ লোকসকলে অনাহাৰত দিন-ৰাতি কটাবলগীয়া হৈছে ।

বানাক্ৰান্তৰ কাষত কংগ্ৰেছ নেতা আনোৱাৰ হুছেইন (ETV Bharat Assam)

চৰবাসীক কিছু সকাহ দিয়াৰ বাবে হাতত খাদ্যৰ টোপোলা লৈ শনিবাৰে বানাক্ৰান্তৰ শিৱিৰত উপস্থিত হয় কংগ্ৰেছ নেতা আনোৱাৰ হুছেইন ৷ কংগ্ৰেছ নেতাগৰাকীয়ে বুজ লয় চৰ-চাপৰিৰ বানাক্ৰান্ত লোকৰ দুখ-দুৰ্দশাৰ ৷ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক আনোৱাৰ হুছেইনে চৰবাসীক বান সাহায্য প্ৰদান কৰে ।

বানাক্ৰান্তৰ কাষত থিয় দিলে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক আনোৱাৰ হুছেইন ৷ চৰৰ মাজে মাজে থকা ওখ ভেটি আৰু বিভিন্ন স্থানত আশ্ৰয় লৈ থকা বন্যাৰ্তৰ বতৰা লৈ নিজাববীয়াকৈ খাদ্যৰ টোপোলা প্ৰদান কৰিলে কংগ্ৰেছ নেতাগৰাকীয়ে ।

লগতে পঢ়ক :ৰ‍াজ্যৰ ২১খন জিলাৰ আঠ লক্ষাধিক লোক এতিয়াও বানৰ কবলত; মৃতকৰ সংখ্যা ৯১ লৈ বৃদ্ধি

শনিবাৰে লাহৰীঘাট সমষ্টিৰ কেবাটাও চৰ এলেকাৰ বানাক্ৰান্ত পৰিয়ালৰ অৱস্থাৰ বুজ লৈ সহায়ৰ হাত আগবঢ়ায় নেতাগৰাকীয়ে ৷ আনোৱাৰ হুছেইনে চৰবাসীৰ দুৰ্যোগৰ সময়ত সহায়ৰ আগবঢ়োৱাত অঞ্চলবাসীয়ে সন্তুষ্টি প্ৰকাশ কৰে ।

আনোৱাৰ হুছেইনৰ লগতে সংগ দিয়ে মৈৰাবাৰী ব্লক কংগ্ৰেছ কমিটীৰ সভাপতি ফাইজুৰ ৰহমান আৰু কেবাজনো প্ৰবীণ কংগ্ৰেছ কৰ্মীয়ে ৷ উল্লেখযোগ্য যে বানৰ কবলত পৰি প্ৰায় ১৫ দিন ধৰি চৰবাসীয়ে অতি দুখ দুৰ্গতি আৰু কষ্টৰ মাজেৰে জীৱন যাপন কৰি আছে যদিও চৰকাৰৰ ফালৰ পৰা পৰ্যাপ্ত পৰিমাণে খাদ্য সামগ্ৰী যোগান ধৰা নাই । লাভ কৰা নাই পশুখাদ্যও । গৰু, ম’হ, ছাগলী আদি অনাহাৰত থাকিবলগীয়া হৈছে ।

বানে চৰবাসীৰ শাক-পাচলি, মৰাপাট, মাকৈ খেতি নষ্ট কৰাত বৰ্তমান এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ সেয়ে বানত ক্ষতিগ্ৰস্ত হোৱা চৰবাসীক যাৱতীয় সাহায্য প্ৰদানৰ কাৰ্যব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনাইছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক আনোৱাৰ হুছেইনে ৷

লগতে পঢ়ক :বিলাসীপাৰাত বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন AIUDF প্ৰধান বদৰুদ্দিন আজমলৰ

ABOUT THE AUTHOR

...view details