অসম

assam

উন্নত হৈছে বুঢ়া চাপৰিৰ বান পৰিস্থিতি: পুনৰ ঘূৰি আহিছে বন্য জীৱ-জন্তু - Assam Flood 2024

By ETV Bharat Assamese Team

Published : Jul 17, 2024, 10:49 PM IST

Bura Chapari : বাঢ়নী পানীয়ে ধুই নিয়াৰ পিচত বৰ্তমান বুঢ়া চাপৰি সংৰক্ষিত বনাঞ্চলখনত বন শিবিৰ সমূহ চেনিটাইজ কৰিছে বিভাগে ৷ বানৰ সময়ত জীৱ-জন্তুসমূহ কাষৰীয়া অঞ্চলত আশ্ৰয় লৈছিল যদিও বৰ্তমান পুনৰ ঘূৰি আহিছে ৷

FLOOD IN SONITPUR
উন্নত হৈছে বুঢ়া চাপৰিৰ বান পৰিস্থিতি (ETV BHARAT ASSAM)

তেজপুৰ, 17 জুলাই : ৰাজ্যৰ চৌদিশে বানে জুৰুলা কৰাৰ পিচত অভয়াৰণ্য তথা উদ্যানসমূহত বন বিভাগে পুনৰ বীজাণুমুক্ত কৰি সাজু কৰিছে আশ্ৰয় শিবিৰসমূহ ৷ দ্বিতীয়তো বানত শোণিতপুৰ জিলাৰ বুঢ়া চাপৰি সংৰক্ষিত বনাঞ্চল জলমগ্ন হৈ পৰাত বনৰীয়া জীৱ-জন্তুয়ে আশ্ৰয় বিচাৰি তেজপুৰ চহৰৰ ভিন্ন প্ৰান্তত আশ্ৰয় লোৱাৰ লগতে কেবাজনো লোকক আক্ৰমণৰ লক্ষ্য কৰি লৈছিল ৷ বনৰীয়া ম'হ আৰু হাতীৰ আক্ৰমণত 7 জন লোক গুৰুতৰভাৱে আহত হয় ৷

বাঢ়নী পানীয়ে ধুই নিয়াৰ পিচত বৰ্তমান সংৰক্ষিত বনাঞ্চলখনত বন শিবিৰ সমূহ চেনিটাইজ কৰিছে বিভাগে ৷ বুঢ়া চাপৰি সংৰক্ষিত বনাঞ্চলৰ বনাঞ্চলিক বিষয়া ডনা গুপ্তাই জনাই যে , বানৰ সময়ত জীৱ-জন্তুসমূহ কাষৰীয়া অঞ্চলত আশ্ৰয় লৈছিল যদিও বৰ্তমান পুনৰ ঘূৰি আহিছে ৷ একমাত্ৰ বনাঞ্চলৰ গঁড়সমূহ বাহিৰলৈ ওলাই অহা নাছিল ৷ বনৰীয়া ম'হ, হাতী ,পহু আদিয়ে আশ্ৰয় বিচাৰি কাষৰীয়া অঞ্চলত বসবাস কৰিছে ৷ সংৰক্ষিত বনাঞ্চলখন কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সৈতে সংযোগ আছে ৷ বুঢ়া চাপৰি সংৰক্ষিত বনাঞ্চল বেদখলমুক্ত কৰাৰ পিচত এতিয়া জীৱ-জন্তুৰ মুক্ত বিচৰণস্থলীত পৰিণত হৈছে ৷

বুঢ়াচাপৰি সংৰক্ষিত বনাঞ্চল :

এই বনাঞ্চল 44.06 বৰ্গ কিলোমিটাৰ ৷ ইয়াত গঁড়, বাঘ, নাহৰফুটুকী, বনৰীয়া ম'হ, পহু, বনৰীয়া গাহৰি, হাতীকে ধৰি আন কেবাটাও প্ৰজাতিৰ বন্য জীৱ, উদ্ভিত আৰু চৰাই পোৱা যায় ৷ শোণিতপুৰ জিলা প্ৰশাসনে 2023 চনৰ 14 ফেব্ৰুৱাৰীৰ পৰা তিনিদিনীয়াকৈ কৰা উচ্ছেদ অভিযানত মুঠ 2099 হেক্টৰ ভূমি বেদখলৰ কবলৰ পৰা মুকলি কৰে ৷ ইয়াৰ ভিতৰত 1282 হেক্টৰ বন ভূমি আৰু 817 হেক্টৰ চৰকাৰী ভূমিত মুঠ 2553 টা ঘৰ আৰু 12765 জন লোকক উচ্ছেদ কৰে ৷ উল্লেখযোগ্য যে, বুঢ়াচাপৰিত মুঠ 1892 হেক্টৰ ভূমিত 1553 টা ঘৰৰ 11,610 জন লোকে বেদখল কৰি আছিল ৷ এই বনাঞ্চলত বসতি কৰা লোকসকল নগাওঁ, মৰিগাঁও অঞ্চলৰ পৰা আহি কৃষি কাৰ্যত জড়িত হৈ বেদখল কৰি আহিছিল ৷

লগতে পঢ়ক :বানত প্ৰাণ হেৰুৱালে কাজিৰঙাৰ ১০ টা গঁড়সহ ১৭৪ টা বন্যপ্ৰাণীয়ে - Assam Flood 2024

ABOUT THE AUTHOR

...view details