অসম

assam

ETV Bharat / state

মৰহি যোৱা শইচলৈ চাই কৃষকে টুকিছে চকুলো - Assam flood 2024

Flood in Kaliabor : প্ৰলয়ংকৰী বানৰ পিচত কৃষকৰ হাহাকাৰ । কলিয়াবৰত বানে ধুই নিয়া খেতিপথাৰলৈ চাই কৃষকে কাঢ়িছে হুমুনিয়াহ ।

By ETV Bharat Assamese Team

Published : Jul 8, 2024, 6:35 PM IST

Flood in Kaliabor
কলিয়াবৰত কৃষকৰ হুমুনিয়াহ (ETV BHARAT ASSAM)

কলিয়াবৰ, ৮ জুলাই: বানে জুৰুলা কৰা কলিয়াবৰত এতিয়া কেৱল কৃষকৰ হুমুনিয়াহ । যেনিয়ে চাই তেনিয়েই দেখা যায় কৃষকৰ সপোন ভগাৰ ছবি । খেতিপথাৰত মৰহি যোৱা শইচলৈ চাই কৃষকে টুকিছে চকুলো । আকৌ এবাৰ দিশহাৰা হৈ পৰিল কৃষকসকল । কলঙৰ বানত বিধ্বস্ত খেতিপথাৰৰ দৃশ্য় দেখি কৃষকে এতিয়া সকলোপ্ৰকাৰে সাহাৰ্য কৰিবলৈ চৰকাৰক আহ্বান জনাইছে ।

মৰহি যোৱা শইচলৈ চাই কৃষকে টুকিছে চকুলো (ETV BHARAT ASSAM)

কলঙৰ বানে নষ্ট কৰিছে কলিয়াবৰৰ হাজাৰ হাজাৰ বিঘা কৃষিভূমি । বিশেষকৈ কলিয়াবৰৰ পশ্চিম অঞ্চলত অধিক কৃষিভূমি নষ্ট হৈছে কলঙৰ বানত । শাক-পাচলিৰ লগতে বিঘাই-বিঘাই মৰাপাটৰ খেতি ডুব গৈছে এই বানত । কলিয়াবৰৰ গঢ়গুৰি অঞ্চলত বিঘাই বিঘাই শাক-পাচলিৰ খেতি ডুব গৈছে । কলঙৰ পাহাৰীয়া উপ-নৈ মিছা আৰু দিজুৰ পানীয়ে কলিয়াবৰৰ পশ্চিম অঞ্চলত পুনৰ বৃদ্ধি কৰিছে কলঙৰ জলস্তৰ । ফলত জলমগ্ন হৈছে মিছামুখ, খালৈআটি, গঢ়গুৰি, শিৱস্থান আদি অঞ্চল ।

মৎস্য পালন কৰি স্বাৱলম্বী হোৱা যুৱকৰ পুখুৰীও প্লাৱিত হৈছে কলঙৰ বানত । গঢ়গুৰি গাঁৱৰ সৌৰভজ্যোতি বৰা নামৰ মৎস্য পালকজনৰ তিনিটাকৈ পুখুৰী বুৰালে কলঙৰ বানে । তেওঁৰ তিনিটা পুখুৰীৰ পৰা তিনি লাখ টকাৰ মাছ উটি গ'ল বাঢ়নী পানীত ।

এইবাৰ ৬ লাখ টকাৰ পটল, কুন্দুলী, জিকা, তুৰৈ, তিয়হ, বেঙেনা, কল, মৰাপাট খেতিকে ধৰি যুৱকজনৰ আঠ বিঘা কৃষিভূমি নষ্ট হৈছে বানত । এনেদৰে গঢ়গুৰি গাঁৱৰ বহুকেইজন কৃষকৰ গড়ে ৫-৬ লাখ টকা লোকচান হোৱা বুলি কয় ।

অঞ্চলটোৰ ৰাইজে কলঙৰ বানৰ পৰা ৰক্ষা পাবলৈ মথাউৰিটো ওখকৈ নিৰ্মাণ কৰিবলৈ দাবী জনাইছে । যদিহে চৰকাৰে ৰাইজৰ দাবীৰ প্ৰতি সঁহাৰি জনাই কোনো পদক্ষেপ গ্ৰহণ নকৰে তেন্তে ভৱিষ্য়তে ইয়াতকৈ আৰু অধিক লোকচানৰ সন্মুখীন হ'ব লাগিব ।

লগতে পঢ়ক:বলিয়া বানে বিঘাই বিঘাই নষ্ট কৰিলে ভোট জলকীয়াৰ খেতি - Assam flood 2024

২৮ খন জিলাৰ ৩৪৪৬ খন গাঁও এতিয়াও বানৰ কবলত; দেওবাৰে বানে প্ৰাণ ল’লে ৮ গৰাকীৰ - Assam Flood 2024

ABOUT THE AUTHOR

...view details