মৰাণ, 2 মে’ :ৰাজ্যজুৰি অপৰাধমূলক কাৰ্যৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰ অভিযান চলাই থকাৰ পাচতো গা ল’ৰা নাই একাংশ জুৱাৰীৰ ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰতিদিনে পোহৰলৈ আহিছে জুৱাৰীৰ উপদ্ৰৱৰ ঘটনা ৷ আৰক্ষীৰ কঠোৰ অভিযানেও এতিয়া এইসকল জুৱাৰীৰ জুৱাৰ আড্ডা বন্ধ কৰিব পৰা নাই ৷
অসম আৰক্ষীক আধুনিকীকৰণ কৰা লগতে বৰ্তমান সময়ত অপৰাধ নিৰ্মূল কৰাত সদায় সজাগ সচেতন বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু আৰক্ষীৰ সঞ্চালকপ্ৰধান জি পি সিঙে কৈ থকা সময়ত ঐতিহাসিক চৰাইদেউ জিলাখন অপৰাধীৰ ৰম্যভূমিলৈ পৰিণত হৈছে ।
প্ৰতিদিনে জিলাখনৰ বিভিন্ন প্ৰান্তত ড্ৰাগছ উদ্ধাৰ হোৱা লগতে দিনক দিনে বৃদ্ধি পাইছে অবৈধ মদ আৰু বৃহৎ জুৱাৰ ঘাটি । ইয়াৰ মাজতে বুধবাৰে নিশা চৰাইদেউৰ সোণাৰিত জুৱাৰ বৃহৎ ঘাটি উচ্ছেদ কৰিবলৈ সক্ষম হয় । জুৱাৰ ঘাটি উচ্ছেদ কৰি সোণাৰি আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় পাঁচটা জুৱাৰীক ।
সোণাৰি নগৰৰ চেনীগুডামস্থিত প্ৰদীপ গগৈৰ ঘৰৰ পৰা আটক জুৱাৰীৰ দল এটাক । আটকাধীন জুৱাৰীকেইটাৰ পৰা আৰক্ষীয়ে 45,710 টকাসহ 7 টা মোবাইল ফোন আৰু তাচপাত জব্দ কৰিবলৈ সক্ষম হৈছে ।