অসম

assam

গোৱালপাৰাত বৰশী বোৱা প্ৰতিযোগিতাৰ বিজয়ীয়ে লাভ কৰিব বিলাসী বাহন

By ETV Bharat Assamese Team

Published : Feb 25, 2024, 5:49 PM IST

Traditional fishing in Assam: ‘‘বৰশী বাইছা নে পুঙালৈ চাইছা নে ’’ বিহু গীতটো নিশ্চয় আপুনিও শুনিছে ! অথবা ল’ৰালি কালত পুখুৰী বা নৈ পাৰত বৰশী ৱোৱাৰ কথা আপোনাৰ মনত আছে নে ! সেই বৰশী বোৱা ৰোমাঞ্চকৰ পৰিৱেশে নিশ্চয় স্মৃতি সজীৱ কৰিব ৷ কিন্তু বিশ্বায়নৰ দিনত বৰশী বোৱাৰ সময় নোহোৱাৰ মাজতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত গঢ় লৈ উঠিছে বৰশী বোৱাৰ প্ৰতিযোগিতা ৷

Traditional fishing in Assam
ছোট মাটিয়াত বৰশী বোৱা প্ৰতিযোগিতা

ছোট মাটিয়াত বৰশী বোৱা প্ৰতিযোগিতা

গোৱালপাৰা, ২৫ ফেব্ৰুৱাৰী: গোৱালপাৰা জিলাৰ দুধনৈৰ ছোট মাটিয়াত এক আকৰ্ষণীয় বৰশী বোৱা প্ৰতিযোগিতাৰ আয়োজন কৰা হয় । আকৰ্ষণীয় বৰশী বোৱা প্ৰতিযোগিতাত অংশ গ্ৰহণৰ বাবে আজি পুৱাৰে পৰা অসমৰ বিভিন্ন প্ৰান্তৰ লগতে চুবুৰীয়া ৰাজ্য পশ্চিম বংগ,মেঘালয়,মণিপুৰ,অৰুণাচল আৰু নাগালেণ্ডৰ পৰা অহা প্ৰতিযোগীৰে এক উখল-মাখল পৰিৱেশৰ সৃষ্টি কৰে । এইখন প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ হিচাপে আগবঢ়োৱা হৈছে লাখ টকীয়া বিলাসী বাহন ।

আনহাতে, দ্বিতীয় পুৰস্কাৰ "ৰেনল্ড কুইড" তৃতীয় পুৰস্কাৰ "মাৰুতি এল্ট' " আৰু চতুৰ্থ পুৰস্কাৰ "আপাচি বাইক" আগবঢ়োৱা হৈছে । ইয়াৰ উপৰি পঞ্চম পুৰস্কাৰ হিচাপে আছে নগদ এক লাখ টকা, ষষ্ঠ পুৰস্কাৰ ৭০ হাজাৰ টকা আৰু সপ্তম পুৰস্কাৰ ৫০ হাজাৰ টকা । তদুপৰি নিচুকণি পুৰস্কাৰ হিচাপে ১০ হাজাৰকৈ আছে মুঠ ৫০ টা পুৰস্কাৰ । বৰশী বোৱা প্ৰতিযোগিতাত যিজন প্ৰতিযোগিয়ে আটাইতকৈ ডাঙৰ মাছ ধৰিব পাৰিব সেই জন প্ৰতিযোগীয়েই প্ৰথম পুৰস্কাৰ হিচাপে লাভ কৰিব "মহিন্দ্ৰা থাৰ"। যাৰ বাবে আজি পুৱাৰে পৰা সহস্ৰাধিক প্ৰতিযোগীয়ে ভিৰ কৰে প্ৰতিযোগিতাস্থলীত।

আজি পুৱাৰে পৰা দুধনৈৰ ছোট মাটিয়া গাঁৱৰ হেৰম্ভ ৰাভাৰ ৮ বিঘা ভূমিৰ ৪ টা বৃহৎ আকাৰৰ পুখুৰীত আৰম্ভ হৈছে এই আকৰ্ষণীয় বৰশী বোৱা প্ৰতিযোগিতা । প্ৰতিযোগিতাত প্ৰায় পোন্ধৰ শ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে । উল্লেখ্য যে তিনি হাজাৰ পাঁচশ টকা যোগদান মাচুলেৰে যোগদান কৰে প্ৰতিযোগীসকল । পুৱাৰ পৰা আবেলিলৈ অনুষ্ঠিত বৰশী বোৱা প্ৰতিযোগিতা চাবলৈ স্থানীয় লোকৰ লগতে বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় পাঁচ সহস্ৰাধিক লোকৰ সমাগম ঘটে ।

লগতে পঢ়ক:গোলাঘাটত উদ্যানসহ ৭টা পথ উদ্বোধন অজন্তা নেওগৰ

ABOUT THE AUTHOR

...view details