ধিং :মৰিগাঁও জিলাত শ শ বিঘা সৰিয়হ খেতিয়ে আশাৰ বতৰা আনিছে কৃষকলৈ । মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ পথাৰসমূহত সৰিয়হৰ খেতিৰ হালধীয়া ফুলে সৃষ্টি কৰা নান্দনিক দৃশ্যই সকলোকে মুগ্ধ কৰিছে । জিলাখনৰ ভূৰাগাঁও ৰাজহ চক্ৰ, লাহৰীঘাট ৰাজহ চক্ৰ দুটাত আংশিকভাৱে আৰু মায়ং, মিকিৰভেটা ৰাজহ চক্ৰ দুটাত পূৰ্বৰ তুলনাত যথেষ্ট সংখ্যক কৃষকে এইবেলি সৰিয়হ খেতি কৰিছে ।
সম্প্ৰতি জিলাখনৰ কিছু সংখ্যক পথাৰত সৰিয়হে চিৰা ধৰিছে যদিও বৰ্তমানো শেহতীয়াকৈ বীজ ৰোপন কৰা সৰিয়হ খেতিৰ হালধীয়া বৰণ সানি দিছে পথাৰসমূহক । বৰ্তমান বনভোজৰ বতৰত এই সৰিয়হ ফুলীয়া পথাৰবোৰে বনভোজৰ দলসমূহক আকৃষ্ট কৰিছে ।
বিভিন্ন প্ৰান্তৰ পৰা মায়ং, পবিতৰা, চনকা আদি জিলাখনৰ বনভোজৰ স্থানসমূহলৈ অহা দলসমূহে ৰাস্তাৰ কাষত গাড়ী ৰাখি সৰিয়হ ফুলীয়া পথাৰৰ এখন ফটো লোহাৰ দৃশ্য বোৰ বৰ্তমান তেনেই সুলভ হৈ পৰিছে । চকুৰে মনিব পৰালৈ কেৱল হালধীয়া ৰঙেৰে আবৃত পথাৰখন দেখিলে এনে লাগে যেন কোনোবাই গোটেই পথাৰ খনত এখন সেউজীয়া চাদৰ পাৰি দিছে ।
এখন হালধীয়া সাগৰ সদৃশ হৈ পৰিছে একোখন পথাৰ । মায়ং অঞ্চলৰ এনে একোখন সৰিয়হ ফুলীয়া পথাৰৰ কাষত দেখা গৈছে একাংশ মৌ পালকে মৌৰ বাহসমূহ শাৰী শাৰীকৈ ৰাখি মৌক সৰিয়হ ফুলৰ পৰা মৌ সংগ্ৰহ কৰিবলৈ সুবিধা কৰি দিছে । অঞ্চলটোৰ একাংশ মৌ পালকে প্ৰতি বছৰে এনেদৰে সৰিয়হ ফুলাৰ সময়ত মৌ বাহবোৰ ফুলা সৰিয়হৰ পথাৰৰ কাষলৈ স্থানান্তৰ কৰে । যাৰ দ্বাৰা অঞ্চলটোৰ মৌ, পালকসকলে নিৰ্ভেজাল মৌ উৎপাদন কৰে সৰিয়হ ফুলাৰ বতৰত ।
উল্লেখ্য যে জিলাখনৰ জাপৰি, বৰপথাৰ, মিকিৰভেটা, ভোৰবন্ধা, গাগলমাৰী, গৰমাৰি, ৰজামায়ং, বৰদিয়া পথাৰ আৰু পবিতৰা অভয়াৰণ্যৰ পাৰ্শ্বৱৰ্তী এলেকাসমূহৰ লগতে মায়ঙৰ বিস্তিন্ন এলেকাত শ শ বিঘা মাটিত কৃষকসকলে কৰিছে সৰিয়হ খেতি । ভূৰাগাঁও ৰাজহ চক্ৰ আৰু লাহৰীঘাট ৰাজহ চক্ৰ এলেকাৰ দুই এখন পথাৰত পোক পতংগৰ আক্ৰমণৰ বাবে কিছু কৃষক ক্ষতিগ্ৰস্ত হৈছে ।