অসম

assam

By ETV Bharat Assamese Team

Published : 6 hours ago

ETV Bharat / state

ডেৰ বছৰলৈ তেজপুৰৰ শালনিবাৰী বিমানবন্দৰৰ পৰা নচলে যাত্ৰীবাহী বিমান - Fight services shut at Tezpur

Tezpur airport : ৩০ ছেপ্টেম্বৰত তেজপুৰৰ শালনিবাৰী বিমানবন্দৰৰ পৰা অন্তিমখন যাত্ৰীবাহী বিমানে উৰা মাৰিছে । ২০২৬ চনৰ ৩১ মাৰ্চলৈ এই বিমানবন্দৰ যাত্ৰীবাহী বিমানৰ বাবে বন্ধ থাকিব । ভিআইপি আৰু জৰুৰীকালীন পৰিস্থিতিত বিমানৰ চলাচলৰ বাবে বিমানবন্দৰ কৰ্তৃপক্ষই সিদ্ধান্ত গ্ৰহণ কৰিব । কিন্তু কিয় ?

Tezpur airport
ডেৰ বছৰলৈ তেজপুৰৰ শালনিবাৰী বিমানবন্দৰত নচলে যাত্ৰীবাহী বিমান (ETV Bharat)

তেজপুৰ, ১ অক্টোবৰ : তেজপুৰ তথা অসমৰ বিমান যাত্ৰীৰ বাবে এটা বেয়া খবৰ ! তেজপুৰৰ শালনিবাৰী বিমানবন্দৰৰ পৰা যাত্ৰীবাহী বিমানৰ চলাচল বন্ধ কৰা হৈছে । ১ অক্টোবৰৰ পৰা তেজপুৰ বিমানবন্দৰৰ পৰা নিয়মীয়া আৰু তিনিদিনীয়া বিমান সেৱাৰ পৰা বঞ্চিত হ'ব যাত্ৰীসকল । ছেপ্টেম্বৰ মাহৰ শেষৰ দিনা তেজপুৰৰ শালনিবাৰী বিমানবন্দৰৰ পৰা শেষৰ খন স্পাইছ জেট বিমানে ৫৪ গৰাকী যাত্ৰীৰে উৰা মাৰিলে । এই কথা সদৰী কৰিছে তেজপুৰ বিমানবন্দৰ প্ৰাধিকাৰী জি শিৱ কুমাৰে ।

তেওঁ ইটিভি ভাৰতক জনায় যে তেজপুৰ বিমানবন্দৰৰ পৰা যাত্ৰীবাহী বিমানৰ চলাচল ১ অক্টোবৰ অৰ্থাৎ আজিৰে পৰা ২০২৬ চনৰ ৩১ মাৰ্চলৈ বন্ধ থাকিব । ইয়াৰ কাৰণ হৈছে ভাৰতীয় বায়ুসেনাৰ তেজপুৰ ঘাটিৰ লগত সংলগ্ন হৈ থকা তেজপুৰ বিমানবন্দৰৰ ৰাণৱেৰ আধুনিকীকৰণ প্ৰকল্পৰ কাম । তেজপুৰ বায়ু সেনাৰ তৰফৰ পৰা তেজপুৰ শালনিবাৰী যাত্ৰীবাহী বিমানবন্দৰ প্ৰাধিকাৰীক যোৱা ৮ জুলাইত এক পত্ৰৰ জৰিয়তে এই বিষয়ে অৱগত কৰা হৈছিল ।

যাত্ৰীবাহী বিমানৰ বাবে শালনিবাৰী বিমানবন্দৰ ১ বছৰ ৬ মাহ পৰ্যন্ত বন্ধ হৈ থাকিব । ফলস্বৰূপে ঘৰুৱা যাত্ৰীৰ লগতে বিমানবন্দৰৰ সৈতে জড়িত ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ বাবে এক প্ৰকাৰ হতাশা হিচাপে দেখা গৈছে । এই বিমানবন্দৰৰ বাবেই একাংশ থলুৱা নিবনুৱা পৰিবহণ সেৱাৰ সৈতে জড়িত হৈ উপাৰ্জনৰ পথ মুকলি কৰিছিল । কিন্তু বিমানৰ চলাচল বন্ধ হোৱাৰ লগে লগে সেই সেৱাৰ সৈতে জড়িত নিবনুৱাসকলো প্ৰভাৱিত হ'ব ।

শালনিবাৰী বিমানবন্দৰৰ পৰা নচলে যাত্ৰীবাহী বিমান (ETV Bharat)

ইফালে অন্তিম দিনটোত মুঠ ৫৮ গৰাকী যাত্ৰী কলকাতাৰ পৰা তেজপুৰ বিমানবন্দৰত অৱতৰণ কৰে আৰু ৫৪ গৰাকী যাত্ৰীক লৈ কলকাতালৈ বিমানখন উৰা মাৰে । কিন্তু বিশেষ ভিআইপি বা জৰুৰী বিমান অৱতৰণৰ ক্ষেত্ৰত বায়ু সেনা কৰ্তৃপক্ষই সিদ্ধান্ত গ্ৰহণ কৰিব ।

তেজপুৰ বিমানবন্দৰ স্থাপন :

ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত শোণিতপুৰ জিলাৰ সদৰ তেজপুৰ চহৰৰ পৰা ১২ কিলোমিটাৰ নিলগত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ৫০০ মিটাৰ দূৰত্বত অৱস্থিত শালনিবাৰী বিমানবন্দৰ । ১৯৪২ চনত ব্ৰিটিছ শাসনৰ সময়ত শালনিবাৰীত স্থাপন কৰা এই বিমানবন্দৰত এটা টাৰ্মিনেল আছে । য'ত মুঠ ৪০০ গৰাকী যাত্ৰীৰ অহা-যোৱাৰ বাবে সুবিধা আছে ।

তেজপুৰ-কলকাতা সংযোগী বিমান :

তেজপুৰ বিমানবন্দৰত বিগত ২০২৩ চনৰ ২৫ জুনৰ পৰা সংযোগ হৈছিল তৃতীয়খন যাত্ৰীবাহী বিমান স্পাইছ জেটৰ । প্ৰথম দিনাই মুঠ ৩০ গৰাকী যাত্ৰীৰে তেজপুৰৰ পৰা কলকাতালৈ পোনপটীয়াকৈ সংযোগ স্থাপন কৰা স্পাইছ জেটৰ ৭০ খন আসনৰ বিমানখন উৰা মাৰিছিল । ইয়াৰ উপৰিও দুখন এলায়েন্স এয়াৰৰ বিমান গুৱাহাটী, পাছিঘাট, তেজপুৰ হৈ কলকাতালৈ দৈনিক চলাচল কৰি আছিল । পূৰ্বতে সপ্তাহত ৩ দিন কলকাতা সংযোগী বিমান চলাচল কৰিছিল যদিও সেয়া বিমান কৰ্তৃপক্ষই নিজৰ খেয়াল-খুচি মতে যাত্ৰীৰ বাবে সেৱা আগবঢ়াইছিল । তেজপুৰ চহৰৰ পৰা বিমান সন্দৰ্ভত দীৰ্ঘদিনীয়া দাবী থকা স্বত্বেও চৰকাৰী কৰ্তৃপক্ষই কোনো ভ্ৰূক্ষেপ কৰা নাছিল বুলি অভিযোগ উত্থাপন হৈ আহিছে ।

উল্লেখ্য যে তেজপুৰ বিমানবন্দৰ বায়ুসেনা ঘাটিৰ লগত সংযোগ থকাৰ বাবে বিমানবন্দৰত বহু যাত্ৰীয়ে প্ৰৱেশত অসুবিধাৰ সন্মুখীন হয় । এনে পৰিস্থিতিত তেজপুৰ বিমানবন্দৰত যাত্ৰীৰ সংখ্যা বহু কম আৰু ফলস্বৰূপে যাত্ৰী কমি যোৱাৰ লগে লগেই বিমান চলাচল বন্ধ হৈ পৰিছিল ।

এলায়েন্স এয়াৰ সেৱা :

তেজপুৰ বিমানবন্দৰৰ পৰা এলায়েন্স এয়াৰৰ বিমান তেজপুৰৰ পৰা লীলাবাৰী আৰু গুৱাহাটীলৈ ৩০ ছেপ্টেম্বৰলৈকে তিনিদিনীয়াকৈ চলি আছিল । বুধবাৰ, শুকুৰবাৰ আৰু দেওবাৰে চলাচল কৰিছিল এই বিমান ।

বিকল্প ব্যৱস্থা :

তেজপুৰ বিমানবন্দৰ প্ৰাধিকাৰী জি শিৱ কুমাৰে জনোৱা মতে ইতিমধ্যে এই ফিক্স উইং বিমান চলাচল বন্ধ হোৱাৰ লগে লগেই যাত্ৰীৰ সুবিধাৰ্থে পৱন হংস হেলিকপ্টাৰ সেৱা আগবঢ়োৱাৰ সম্ভাৱনা আছে । এই বিষয়ে বৰ্তমান কোনো আলোচনা হোৱা নাই । পৱন হংস হেলিকপ্টাৰ সেৱা মাত্ৰ গুৱাহাটী, লখিমপুৰ, লীলাবাৰী আৰু যোৰহাটলৈহে আগবঢ়োৱাৰ সম্ভাৱনা আছে বুলি কুমাৰে জনায় ।

বিমানবন্দৰ বন্ধৰ ফলত সমস্যা :

তেজপুৰ চহৰ বাণিজ্যিক আৰু পৰ্যটনৰ বাবে উত্তৰ অসমৰ এক প্ৰাণকেন্দ্ৰ । বিভিন্ন সময়ত অৰুণাচল প্ৰদেশৰ টাৱাং, বমডিলা আৰু শোণিতপুৰ জিলাৰ দাঁতিকাষৰীয়া অঞ্চলৰ পৰা ব্যৱসায়িক প্ৰতিষ্ঠানৰ লোকসকলে পোনপটীয়াকৈ কলকাতালৈ যোৱাৰ সুবিধা লাভ কৰিছিল । ইয়াৰ উপৰিও ভাৰতীয় সেনা, বায়ু সেনা বাহিনীৰ আৰু অন্যান্য সুৰক্ষা বাহিনীৰ লোকসকলৰ বাবে এক অসুবিধাৰ সন্মুখীন হ'ব । তেজপুৰৰ সেনা বাহিনীৰ এক বৃহৎ ঘাটি উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে সকলো সামৰিক বাহিনীৰ উত্তৰ-পূৰ্বাঞ্চলৰ মুখ্য কাৰ্যালয় তেজপুৰত অৱস্থিত হোৱাৰ বাবে বিমান যাত্ৰীৰ সংখ্যা বহুখিনি বেছি । ছেপ্টেম্বৰ মাহলৈ মুঠ ৯০ গৰাকী যাত্ৰী কঢ়িয়াই লৈ যোৱা স্পাইছ জেটৰ বিমানখনৰ কলকাতাৰ পৰা তেজপুৰ আৰু তেজপুৰৰ পৰা কলকাতালৈ সম্পূৰ্ণ আসনে ভৰ্তি হৈ থাকে ।

লগতে পঢ়ক :চমক সৃষ্টিৰ বাবে সাজু হৈ উঠিছে মহানগৰীৰ বিভিন্ন পূজা মণ্ডপ : থলুৱা শিল্প, থলুৱা শিল্পীক প্ৰাধান্য - Durga Puja 2024

ABOUT THE AUTHOR

...view details