বাক্সা:বাক্সা জিলাৰ বড়ো সাহিত্য গোষ্ঠী 'বেৰে বাছা'(মৌ বাহ)ৰ উদ্যোগত সম্বৰ্ধনা জনোৱা হয় অঞ্চলটোৰ এগৰাকী জনপ্ৰিয় কবি, নাট্যকাৰ প্ৰযোজক নিৰ্মল বসুমতাৰীক । বাক্সা জিলাৰ বৰমা অঞ্চলৰ বড়ো সাহিত্য গোষ্ঠী 'বেৰে বাছা'ৰ উদ্যোগত অনুষ্ঠিত হোৱা কবি সন্মিলনত বাক্সা জিলাৰ পুৰাণ শ্ৰীপুৰ গাঁৱৰ বিশেষভাৱে সক্ষম নিৰ্মল বসুমতাৰীক সুদীৰ্ঘ বছৰ ধৰি বড়ো আৰু অসমীয়া ভাষাত সাহিত্য চৰ্চা কৰাৰ বাবে তেখেতক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয় ।
বিশেষভাৱে সক্ষম নিৰ্মল বসুমতাৰীয়ে ইতিমধ্যে অসমীয়া আৰু বড়ো ভাষাত এখনকৈ কবিতাপুথি লিখি উলিয়াইছে । কোনো আনুষ্ঠানিক স্কুলীয়া শিক্ষা অবিহনে সাহিত্য চৰ্চা কৰি অহা কবিগৰাকীক এই অনুষ্ঠানতেই বড়ো সাহিত্য সভায়ো অভিনন্দন জ্ঞাপন কৰে ।
সম্বৰ্ধনা গ্ৰহণ কৰি নিৰ্মল বসুমতাৰীয়ে কয়,"সাহিত্য হৈছে এটা জাতিৰ বাবে আগবাঢ়ি যোৱা জখলা । সাহিত্য হৈছে মানুহৰ অন্তৰ ধুই পখালি চাফা কৰা এটা চাবোন, সাহিত্য মানুহৰ বাবে গা-ধোৱা নৈৰ ঘাট । তেওঁ জানিবলৈ দিয়ে যে চৰকাৰী সাহায্য হিচাপে বি টি চি চৰকাৰৰ পৰা পচিশ হাজাৰ টকা আৰু অসম চৰকাৰৰ পৰা পঞ্চাশ হাজাৰ টকা দুবাৰকৈ লাভ কৰে ।"