হাফলং, 4 আগষ্ট :ডিমা হাছাও জিলাৰ উমৰাংচু ডালমিয়া চিমেন্ট ফেক্টৰীত সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা ৷ এই দুৰ্ঘটনাটোত 5 গৰাকীকৈ শ্ৰমিকৰ মৃত্যু হোৱা বুলি আশংকা প্ৰকাশ কৰা হৈছে । লগতে সাতগৰাকী শ্ৰমিক গুৰুতৰভাৱে আহত হৈছে বুলি জানিব পৰা গৈছে । লক্ষণীয় বিষয় যে, বাতৰি যুগুত কৰা পৰলৈকে ডালমিয়া চিমেন্ট কৰ্তৃপক্ষই এই সন্দৰ্ভত কোনো মন্তব্য প্ৰকাশ কৰা নাই ।
জানিব পৰা মতে, উমৰাংচু ডালমিয়া চিমেন্ট ফেক্টৰীৰ দ্বিতীয়টো লাইনত নতুন প্ৰকল্পৰ কাম আৰম্ভ হৈছে । শনিবাৰে বিয়লি ভাগত ডালমিয়া চিমেণ্টৰ নতুনকৈ কাম আৰম্ভ হোৱা দ্বিতীয়টো লাইনত ক্ৰেং টাৱাৰ ভাঙি যায় ৷ ফলত 5 গৰাকী শ্ৰমিকৰ মৃত্যু হোৱা বুলি আশংকা কৰা হৈছে । ইয়াৰ লগতে আন সাতগৰাকী শ্ৰমিক গুৰুতৰভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক :ঝাৰখণ্ডত ৰে'ল দুৰ্ঘটনা : দুগৰাকী যাত্ৰী নিহত - Jharkhand train accident