অসম

assam

ETV Bharat / state

ইমান পাষাণ কেনেকৈ হ’ব পাৰে এজন পিতৃ ? - Sensational Murder - SENSATIONAL MURDER

Murder case: নৃশংসতাৰ সীমা চেৰাই যোৱা এক কাণ্ড ৷ কন্যা সন্তানক নিৰ্মমভাৱে হত্যা কৰি আত্মহত্যাৰ চেষ্টা পিতৃৰ । বিদ্যুৎ পৰিবাহী তাঁৰত ধৰি আত্মহত্যাৰ চেষ্টা চলোৱা পিতৃক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি । ক'ত সংঘটিত হৈছে এই ঘটনা ? জানিবলৈ পঢ়ক এই প্ৰতিবেদন ।

Father attempts suicide by brutally killing two-year-old daughter in Dibrugarh
সন্তানক হত্যা কৰি আত্মহত্যাৰ চেষ্টা পিতৃৰ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Sep 15, 2024, 2:13 PM IST

ডিব্ৰুগড়,১৫ ছেপ্টেম্বৰ: ডিব্ৰুগড় জিলাৰ টিংখাঙত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা । পাষাণ পিতৃয়ে দুবছৰীয়া কন্যাক হত্যা কৰি নিজেও আত্মহত্যাৰ চেষ্টা কৰা ঘটনাই তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে । টিংখাং থানাৰ অন্তৰ্গত লাইপুলি গাঁৱত সংঘটিত হয় এই চাঞ্চল্যকৰ ঘটনাটো । গাঁওখনৰ চুটু মুড়া নামৰ লোকজনে দ্বিতীয় পত্নীৰ লগত অহা এগৰাকী দুবছৰীয়া কন্যা সন্তানক হত্যা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ।

সন্তানক হত্যা কৰি আত্মহত্যাৰ চেষ্টা পিতৃৰ (ETV Bharat Assam)

জানিব পৰা অনুসৰি দ্বিতীয় পত্নীৰ লগত অহা এগৰাকী দুবছৰীয়া কন্যা সন্তানক বিভিন্ন স্থানত আক্ৰমণ কৰাত অসুস্থ হৈ মৃত্যুক আঁকোৱালি লয় । সুস্থ সৱল কণমানিজনী হঠাৎ অসুস্থ হৈ মৃত্যু হোৱাৰ লগতে শৰীৰৰ বিভিন্ন ঠাইত আঘাতৰ চিন স্পষ্ট হৈ থকাত চুটু মুড়াই কণমানি জনীক হত্যা কৰা বুলি সন্দেহ কৰে ৰাইজে ৷ চুটুক সোধা-পোচা কৰাত শনিবাৰে বিয়লি চুটু মুড়াই দৌৰি গৈ কাষৰে এটা ট্ৰান্সফৰ্মাৰৰ বিদ্যুৎ পৰিবাহী তাঁৰত ধৰি আত্মহত্যাৰ চেষ্টা কৰে ।

লগে লগে স্থানীয় কেইজনমান যুৱকে উদ্ধাৰ কৰি আহত চুটু মুড়াক ততাতৈয়াকৈ ৰাজগড় সামূহিক চিকিৎসালয়লৈ লৈ যায় । চুটু মুড়াৰ এনে কাণ্ডৰ পৰা তেওঁৱেই যে কণমানিজনীক হত্যা কৰিছে সেয়া স্পষ্ট হৈ পৰিছে । চুটু মুড়াৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে । মৃত কণমানিজনী দ্বিতীয় পত্নীৰ লগত অহাৰ বাবেই হত্যা কৰা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে । ঘটনা পোহৰলৈ অহাৰ পাছতে ঘটনাস্থলীত টিংখাং আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে । ইতিমধ্যে মৃত শিশুটো উদ্ধাৰ কৰি আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে ।

(যদি আপোনাৰ মনলৈ আত্মহত্যাৰ চিন্তা আহিছে বা আপুনি কোনো বন্ধুৰ বাবে চিন্তিত বা আপোনাক আৱেগিক সমৰ্থনৰ প্ৰয়োজন হৈছে, তেন্তে স্নেহা ফাউণ্ডেশ্যনলৈ ফোন কৰক – ০৪৪২৪৬৪০০৫০ (২৪x৭ উপলব্ধ) বা আইকল, টাটা ইনষ্টিটিউট অৱ ছ’চিয়েল চায়েন্স হেল্পলাইন – ৯১৫২৯৮৭৮২১ সোমবাৰৰ পৰা শনিবাৰলৈ পুৱা ৮ বজাৰ পৰা নিশা ১০ বজালৈ উপলব্ধ ।)

লগতে পঢ়ক:হত্যাৰ আঁৰত কি ? স্বামী হত্যাৰ অভিযোগত পত্নী পৰিল আৰক্ষীৰ জালত - Sensational Murder

গাড়ীৰ ভিতৰ উদ্ধাৰ যুৱকৰ ক্ষত-বিক্ষত মৃতদেহ: কিছু দূৰৈত তেজেৰে তুমৰলি হৈ জীৱন্তে পৰি আছিল আন এজন - Sensational Murder

ABOUT THE AUTHOR

...view details