অসম

assam

ETV Bharat / state

থলুৱা কৃষকৰ উৎপাদিত সামগ্ৰীৰে যোৰহাটত মুকলি শ্ৰীভূমি

Sri Bhumi Farmers Own Shop : নাবাৰ্ডৰ সহযোগত যোৰহাটত মুকলি শ্ৰীভূমি । উপলব্ধ হ'ব থলুৱা কৃষকৰ উৎপাদিত সামগ্ৰী । লাখপতি কৃষক সৃষ্টিত গুৰুত্ব নাবাৰ্ডৰ ।

Sri Bhumi Farmers Own Shop
যোৰহাটত মুকলি শ্ৰীভূমি (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : 4 hours ago

যোৰহাট : ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংক চমুকৈ নাবাৰ্ডৰ সহায়ত উত্তৰ-পশ্চিম যোৰহাট কৃষক উৎপাদক কোম্পানীৰ সহযোগত বুধবাৰে যোৰহাটৰ কটকী পুখুৰীস্থিত আই এছ বি টিৰ সমীপত মুকলি কৰা হয় ‘‘শ্ৰীভূমি, কৃষকৰ নিজা দোকান’’ নামৰ এখন বিপণি ।

এই বিপণিত উপলব্ধ হ'ব যোৰহাটৰ কৃষিপ্ৰধান অঞ্চল হিচাপে পৰিচিত উত্তৰ-পশ্চিম যোৰহাটৰ এলেংমৰা, বাঁহফলা আদি অঞ্চলত উৎপাদিত থলুৱা সামগ্ৰীসমূহ । থলুৱা সামগ্ৰী উৎপাদন, এই সামগ্ৰীসমূহৰ প্ৰচাৰ-প্ৰসাৰৰ লগতে বিশেষ বজাৰ প্ৰদানৰ উদ্দেশ্যৰে নাবাৰ্ডৰ উদ্যোগত এই পদক্ষেপ গ্ৰহণ কৰা হৈছে ।

থলুৱা কৃষকৰ উৎপাদিত সামগ্ৰীৰে যোৰহাটত মুকলি শ্ৰীভূমি (ETV Bharat Assam)

যিসময়ত আমাৰ কৃষকসকলে যথেষ্ট কষ্টৰে কপালৰ ঘাম মাটিত পেলাই উৎপাদন কৰা সামগ্ৰীৰ প্ৰকৃত মূল্য লাভ কৰিবলৈ সক্ষম নহয়, তেনে ক্ষেত্ৰত কৃষকসকলৰ উৎপাদিত সামগ্ৰীৰ এক বজাৰ প্ৰদান কৰাৰ ক্ষেত্ৰত শ্ৰীভূমিয়ে বিশেষ ভূমিকা গ্ৰহণ কৰিব বুলি কৃষক ৰাইজে আশা কৰিছে ।

শ্ৰীভূমিৰ এই বিশেষ বিপণীখন উদ্বোধন কৰে নাবাৰ্ড, অসমৰ সাধাৰণ সম্পাদক নবীন কুমাৰ ৰয়ে । বিশেষ বিপণীখন মুকলি কৰি সাংবাদিকৰ আগত নবীন কুমাৰ ৰয়ে কয়, "উত্তৰ-পশ্চিম যোৰহাটৰ কৃষক উৎপাদক কোম্পানীৰ উদ্যোগত আজি মুকলি কৰা এই অনুষ্ঠানত উপস্থিত থাকি যথেষ্ট আনন্দিত হৈছো । এই এই ক্ষেত্ৰত নাবাৰ্ডে সহযোগিতা আগবঢ়াই যথেষ্ট গৌৰৱবোধ কৰিছো । আমাৰ কৃষকসকলে উৎপাদন কৰে, কিন্তু সমস্যা সৃষ্টি হয় মাৰ্কেটিঙৰ ক্ষেত্ৰত । এই ক্ষেত্ৰত যাতে কৃষক ৰাইজৰ কোনো অসুবিধা নহয় তাত আমি গুৰুত্ব দিছো ।"

তেওঁ লগতে কয়, "এটা সময় আছিল যেতিয়া কৃষকসকলক কেৱল উৎপাদনৰ পথ দেখুওৱা হৈছিল, কিন্তু মাৰ্কেটিঙৰ পথ দেখুওৱা হোৱা নাছিল । এতিয়া আমি এই সকলো ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছোঁ । এটা ক্ষেত্ৰ বিকশিত হ'বৰ বাবে সকলো ক্ষেত্ৰৰ সহায়ৰ প্ৰয়োজন । অসমত কৃষি ক্ষেত্ৰৰ যথেষ্ট উন্নয়ন হৈছে । কিন্তু আমি দেশবাসীৰ আগত সেয়া প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা নাই ।"

অন্য ৰাজ্যৰ উদাহৰণ দাঙি ধৰি তেওঁ কয়, "গুজৰাট, তামিলনাডুৰ দৰে ৰাজ্যৰ কৃষি উন্নয়ন সকলোৰে দৃষ্টিগোচৰ হয়, কিন্তু অসমৰ কথা নহয় । কিন্তু অসম আত্মনির্ভৰশীল হৈছে কৃষি উৎপাদনৰ জৰিয়তে । এই ক্ষেত্ৰত গুৰুত্ব দিয়া হৈছে । চৰকাৰে লাখপতি বাইদেউ সৃষ্টিত গুৰুত্ব দিছে । কিন্তু ইয়াৰ সমান্তৰালভাৱে আমি লাখপতি কৃষক সৃষ্টিত গুৰুত্ব দিব লাগিব সৰু সৰু গোটসমূহৰ জৰিয়তে ।"

লগতে পঢ়ক :নাটকৰ যৱনিকা; বিহালীত কংগ্ৰেছে দিলে বিজেপি নেতা জয়ন্ত বৰাক প্ৰাৰ্থিত্ব
লগতে পঢ়ক :কিয় পাঁচ জনগোষ্ঠীয় সংগঠনে মানি নলয় উচ্চতম ন্যায়ালয়ৰ ৰায়দান ?

ABOUT THE AUTHOR

...view details