গোলাঘাট: বোকাখাত সমজিলাৰ নিকৰি ঘাটৰ পৰা মৰিয়াহোলা চ'গুৰি চহলালৈকে প্ৰায় আঢ়ৈশ কৃষকৰ ৪ কোটি ২০ লাখ মূল্যৰ মাটিমাহ উপযুক্ত বজাৰৰ অভাৱত মৰণা মাৰি বস্তাত ভৰাই দ'মাই থ'ব লগা হৈছে ।
অঞ্চলটোত প্ৰায় ৩ হেজাৰ বিঘা মাটিত কৰা হৈছিল মাটিমাহ খেতি । এই খেতিৰ পৰা উৎপাদন হৈছে প্ৰায় ৬ হাজাৰ কুইন্টল মাটিমাহ । বজাৰত ফলা মাটিমাহৰ দাম প্ৰতি কেজিত ১০০ টকা । সেই দিশৰ পৰা গোটা মাটিমাহ প্ৰতিকুইন্টলত ৭ হাজাৰ টকাকৈ পালেহে খা-খৰচ বাদ দি সামান্য ধন কৃষকৰ হাতত থাকিব ।
কৃষি মন্ত্ৰীৰ সমষ্টিতে হতাশাত ভুগিছে কৃষকে (ETV Bharat Assam) কিন্তু চৰকাৰে মাটিমাহৰ সমৰ্থন মূল্য ধাৰ্য নকৰাত বহু কৃষকে শ্ৰমিক আৰু অন্যান্য খা-খৰচৰ জোৰা মাৰিবলৈ বহু কুইন্টল মাটিমাহ আধামূল্যত বিক্ৰী কৰিলে যদিও এতিয়াও কৃষকৰ ঘৰে ঘৰে পৰি আছে ৫০ৰ পৰা ১০০ বস্তালৈকে মাটিমাহ ।
কৃষক দেবু শৰ্মা আৰু ৰাজীৱ ছেত্ৰীৰ ঘৰত দেখা গ'ল এনেকৈ দ'মাই থোৱা মাটিমাহৰ বস্তা । অঞ্চলটোৰ এগৰাকী সফল কৃষক দেবু শৰ্মাই এই সম্পৰ্কে কয়, "মই যথেষ্ট পৰিমাণে খেতি কৰোঁ । এই বছৰ ৬৫ বিঘা মাটিমাহৰ খেতি কৰিছিলোঁ ৷ প্ৰায় ১০০ কুইন্টল মাটিমাহ উৎপাদন হৈছে, সেই হিচাপে প্ৰতি কুইন্টলত ৭,০০০ টকাকৈ হ'লে আমাৰ ভাল হয় ৷ কিন্তু বেপাৰীয়ে ৬,২০০ বুলি কয় । "
তেওঁ লগতে কয়, "ইয়াৰ উপৰিও নিকৰি ঘাটৰ পৰা চ'গুৰি লৈকে প্ৰায় ৩,০০০ খেতিয়কে ৩,০০০ বিঘাৰ অধিক শস্য উৎপাদন কৰিছে য'ত প্ৰায় ৬ কোটি টকাৰ অকল মাটিমাহ । কিন্তু বজাৰত মুল্য একেবাৰে নিম্ন । এইক্ষেত্ৰত চৰকাৰে উচিত মূল্য নিৰ্ধাৰণ কৰিলে আমি উপকৃত হম । মোৰ গুদামত গ্ৰাহক আৰু উচিত মূল্যৰ অভাৱত মাটিমাহ পৰি আছে । ইয়াৰ উপৰিও মই ৫৫ বিঘা সৰিয়হ,৩৮ বিঘা ৰঙালাও, আলু, মটৰ আদিৰ খেতি কৰিছোঁ ।"