অসম

assam

ETV Bharat / state

হালধীয়া সপোন গজিব লেচিয়াৰ দুয়োপাৰে... - MUSTARD CULTIVATION

ধেমাজি জিলাখনৰ ভিতৰতে সৰিয়হ খেতিৰ বাবে বিখ্যাত লেচিয়া পথাৰত এতিয়া কৃষকৰ মূৰ তুলিবলৈ যেন আহৰি নাই ৷ সকলো ব্যস্ত সৰিয়হ সিঁচাত-

mustard cultivation
লেচিয়া নৈৰ পাৰত সৰিয়হ খেতি (ETV Bharat)

By ETV Bharat Assamese Team

Published : Nov 12, 2024, 3:07 PM IST

Updated : Nov 12, 2024, 7:00 PM IST

ধেমাজি: এতিয়া ৰবি শস্যৰ বতৰ ৷ সেয়ে এইবেলিও ধেমাজিৰ ঐতিহাসিক লেচিয়া নৈৰ দুয়োপাৰৰ সুবিশাল পাঁচ হাজাৰ হেক্টৰৰো অধিক মাটি সৰিয়হৰ হালধীয়া দলিচালৈ পৰিণত কৰাৰ বাবে যো-জা চলাইছে কৃষকে ৷ ধেমাজিৰ কৃষকৰ বাবে আশীৰ্বাদ হৈ পৰা লেচিয়া নদীৰ পানীয়ে পলস পেলাই থৈ যোৱা ভূমিত এতিয়া যেন হালধীয়া সপোনৰ বীজ সিঁচি দিছে কৃষকৰ পৰিয়ালে ৷

ধেমাজি জিলাখনৰ ভিতৰতে সৰিয়হ খেতিৰ বাবে বিখ্যাত এইখন লেচিয়া পথাৰত পুৱাৰে পৰা আবেলিলৈকে ব্যস্ত হৈ থাকে কৃষকসকল ৷ একেখন পথাৰতে অঞ্চলটোৰ প্ৰায় 50 খন গাঁৱৰ ৰাইজে পৃথকে পৃথকে সৰিয়হৰ খেতি কৰে ৷ সেয়ে এতিয়া সকলোৱে নিজৰ নিজৰ পথাৰসমূহ চহ কৰি প্ৰস্তুত কৰি উলিয়াইছে । ইতিমধ্যে একাংশ কৃষকে সৰিয়হ সিঁচা কাম সমাপ্ত কৰিছে ৷ কোনো কোনো কৃষকে সৰিয়হ সিঁচা কাম আৰম্ভ কৰিছে আৰু কোনোৱে ট্ৰেক্টৰেৰে মাটি চহাই বীজ সিঁচিবলৈ সাজু কৰি তুলিছে ৷

লেচিয়া নৈৰ পাৰত সৰিয়হ খেতি (ETV Bharat)

বঙালমাৰী গাঁৱৰ খেতিয়ক মহেন্দ্ৰ বুঢ়াগোঁহাইয়ে কয়, “মই প্ৰতিবছৰে 200 বিঘা মাটিত অকল সৰিয়হ খেতি কৰো ৷ ইয়াতে বেলেগ খেতি নহয় । বাও খেতি বা শালি খেতি কৰিবলৈ এৰি দিলো বন্যহস্তীৰ উপদ্ৰৱৰ বাবে ৷ এই সৰিয়হ খেতিটোতে আমি বহুত উৎপাদন পাওঁ আৰু ইয়াৰেই আমাৰ পৰিয়াল চলে । এই গোটেই এলেকাটোত প্ৰায় পাঁচ হাজাৰ হেক্টৰতকৈও বেছি মাটি আছে ৷ এটা সময়ত গোটেইবিলাক হালধীয়া হৈ যায় ৷’’

খেতিয়কসকলে জনোৱা মতে প্ৰতিবছৰে জানুৱাৰী-ফেব্ৰুৱাৰী মাহত ধেমাজিৰ বিখ্যাত বঙালমাৰী-লেচিয়া পথাৰ অঞ্চলত সৰিয়হতলিৰ দৃষ্টিনন্দন দৃশ্য উপভোগ কৰিবলৈ উজনি অসমৰ বিভিন্ন ঠাইৰ পৰা মানুহৰ আগমন হয় ৷ ওচৰৰ গাঁৱৰ প্ৰায় ঘৰ মানুহতে চাকৰি নাই । বহুতে এম এ পাছ কৰিছে যদিও তেওঁলোকে খেতি কৰিবলৈ আৰম্ভ কৰিছে ৷ ইয়াত বঙালমাৰী আহোম গাঁও, বঙালমাৰী মিচিং গাঁও, কাপোৰধোৱা গাঁও, মাটিখোলা, বটুৱা গাঁও, দুসুঁতি গাঁও, নপাম গাঁও, গোহাঁই গাঁও, আমগুৰিৰ ফালৰ পৰা আমগুৰি আহোম গাঁও, আমগুৰি কুলি গাঁও আদি পঞ্চাশখনমান গাঁৱৰ মানুহে খেতি কৰে ।

তদুপৰি খেতিয়ক বুঢ়াগোঁহাইয়ে সৰিয়হ খেতিৰ পৰা লাভ কৰিব পৰা সম্ভাৱনাৰ সম্পৰ্ক কয়, “থলুৱা মানুহে এইখিনি সৰিয়হৰ তেল খাবলৈ নাপায় ৷ ইয়াৰ পৰা সৰিয়হ বাহিৰলৈ যায় ৷ জিলা কৃষি বিভাগক অনুৰোধ জনাইছো যে ইয়াত এটা ডাঙৰ সৰিয়হৰ তেল পেৰা উদ্যোগ স্থাপন কৰিলে ৰাইজে নিৰ্ভেজাল তেল খাবলৈ পাব ৷’’

আন এগৰাকী কৃষক কুমুদ দিহিঙীয়াই কয়, “যেতিয়া পৰা মই হাল বাব জানিছো, তেতিয়াৰে পৰাই সৰিয়হ খেতি কৰি আহিছো । বাওঁ আৰু শালি খেতি কৰিলে হাতীয়ে অনিষ্ট কৰে, সৰিয়হ নাখায় । গতিকে সকলোৱেই সৰিয়হ খেতিকে কৰে ৷ কোনোৱাই এবিঘা কৰিছে কোনোৱে দহ বিঘা কৰিছে, কিন্তু ভাল উৎপাদন পোৱাৰ বাবে সকলোৱে সুখী ৷’’

উল্লেখ্য যে এইবাৰ জিলা কৃষি বিভাগে কৃষকসকলৰ কৰ্মসংস্কৃতি দেখি উদ্বুদ্ধ হৈ দুই এজন কৃষকক সৰিয়হৰ বীজ আৰু সাৰ যোগান ধৰিছে যদিও সৰহ সংখ্যক কৃষকে চৰকাৰৰ বীজ আৰু সাৰলৈ অপেক্ষা নকৰি নিজৰ মূলধনেৰে খেতি কৰি আহিছে ৷ এতিয়া সকলোৱে পথাৰখন সেউজীয়া হৈ হালধীয়া দলিচালৈ পৰিণত হোৱা দিনটোলৈ অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছে ৷

লগতে পঢ়ক:৯০ বিঘা ভূমিত সৰিয়হ খেতি কৰি স্বাৱলম্বী এদল যুৱক

নিজৰ খেতিডৰা দেখি আত্মসন্তুষ্টিৰ হাঁহি মোহনৰ মুখত

হালধীয়া হৈ পৰিছে ধেমাজিৰ লেচিয়া নদীৰ দুয়োপাৰ

Last Updated : Nov 12, 2024, 7:00 PM IST

ABOUT THE AUTHOR

...view details