অসম

assam

ETV Bharat / state

ঢকুৱাখনাৰ হত্যাকাণ্ড : মাৰাথন জেৰা অভিযুক্তৰ পৰিয়ালৰ সদস্যক - Dhakuakhana murder case - DHAKUAKHANA MURDER CASE

Dhakuakhana Sunil Gogoi case updates: ক্ষীপ্ৰ গতিৰে আগবাঢ়িছে ঢকুৱাখনা সাপতীয়া চেতিয়া গাঁৱৰ চাঞ্চল্যকৰ হত্যাকাণ্ডটোৰ তদন্ত প্ৰক্ৰিয়া ৷ আৰক্ষীৰ নিৰ্দেশ মৰ্মে থানাত উপস্থিত অভিযুক্ত সুনীলৰ পত্নী-পুত্র আৰু ভতিজাক ৷ অভিযুক্তৰ পুত্ৰক লৈও তালাচী অভিযান আৰক্ষীৰ ৷

family members of the accused sunil gogoi in the Dhakuakhana murder case appeared in the police station
অব্যাহত আৰক্ষীৰ তালাচী অভিযান (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Jun 19, 2024, 5:27 PM IST

লখিমপুৰ, 19 জুন: বুধবাৰে থানাত উপস্থিত হ’ল ঢকুৱাখনা সাপতীয়া চেতিয়া গাঁৱৰ হত্যাকাণ্ডৰ ঘটনাটোৰ মূল অভিযুক্ত সুনীল গগৈৰ পত্নী-পুত্র আৰু ভতিজা ৷ ঘটনাস্থলীত অভিযুক্তৰ পুত্ৰক লৈও তালাচী চলাই আৰক্ষীয়ে ৷ মঙলবাৰৰ নিশাই অভিযুক্ত সুনীলৰ পত্নী-পুত্র আৰু ভতিজাকক থানাত হাজিৰ হোৱাৰ নিৰ্দেশ দিছিল আৰক্ষীয়ে ।

অব্যাহত আৰক্ষীৰ তালাচী অভিযান (ETV Bharat Assam)

উল্লেখ্য যে লখিমপুৰৰ ঢকুৱাখনাৰ সাপতীয়া চেতিয়া গাঁৱত 1 জুনৰ নিশা সংঘটিত হৈছিল এক শিহৰণকাৰী হত্যাকাণ্ডৰ ঘটনা ৷ প্ৰথমাৱাস্থাত ভুক্তভোগী সুনীল গগৈ বুলিহে ধাৰণা কৰা হৈছিল যদিও ডিএনএ পৰীক্ষাৰ ফলাফলৰ অন্তত ভুক্তভোগী সুনীল গগৈ ঘটনাটোৰ মূল অভিযুক্ত হিচাবেহে পৰিণত হ’ল । অভিযোগ অনুসৰি বিজেপি নেতা তথা ঠিকাদাৰ সুনীল গগৈ সমগ্ৰ ঘটনাটোৰ মাষ্টাৰ মাইণ্ড আৰু গগৈয়ে ৰচনা কৰা নাটকীয় ঘটনাটোৰ প্ৰকৃত ছবিখন পোহৰলৈ আহে 18 দিনৰ মূৰতহে ৷

লগতে পঢ়ক:সুনীল গগৈৰ ৰহস্যজনক হত্যাকাণ্ডৰ আগদিনাই নোহোৱা হৈছিল জাহাংগীৰ; কিন্তু জাহাংগীৰ কোন ? - SUNIL GOGOI MURDER CASE

ইয়াৰ পাচতেই সুনীল গগৈক অভিযুক্ত কৰি বুধবাৰৰ পৰা আৰক্ষীয়ে আৰম্ভ কৰিছে জাহাংগীৰ হত্যাৰ তদন্ত । বৰ্তমানেও আৰক্ষীয়ে সোধ-পোচ অব্যাহত ৰাখিছে অভিযুক্ত সুনীলৰ পত্নী-পুত্র আৰু ভতিজাকক ৷

উল্লেখ্য যে, লখিমপুৰৰ ঢকুৱাখনা সাপতীয়া চেতিয়া গাঁৱত বিজেপি নেতা তথা ঠিকাদাৰ সুনীল গগৈৰ ছিন্নমুণ্ড উদ্ধাৰৰ ঘটনাই ৰাজ্যজুৰি সৃষ্টি কৰিছিল জোকাৰণিৰ ৷ মঙলবাৰে ডি এন এ পৰীক্ষাৰ ফলাফল পোহৰলৈ নহা পৰ্যন্ত সুনীল গগৈৰে মৃত্যু হোৱা বুলি সকলোৱে ধাৰণা কৰিছিল যদিও ডি এন এ পৰীক্ষাৰ ফলাফলে সমগ্ৰ ঘটনাটোকেই এক অন্য দিশলৈ গতি কৰোৱালে ৷

ধুবুৰী জিলাৰ গৌৰীপুৰৰ ফলিমাৰি 2 নম্বৰ গাঁৱৰ বাসিন্দা আছিল জাহাংগীৰ হুছেইন । পত্নীসহ দুই কন্যা সন্তানৰ পিতৃ ভুক্তভোগী জাহাংগীৰ । বিগত এবছৰমান ধৰি জাহাংগীৰ অভিযুক্ত তথা ঠিকাদাৰ সুনীলৰ ঠিকা কামৰ প্ৰধান ৰাজমিস্ত্ৰী । জাহাংগীৰে সুনীলৰ ঘৰৰ চৌহদৰে এটা অস্থায়ী ঘৰত থাকি জীৱন-জীৱিকা চলাই গৈছিল ।

লগতে পঢ়ক:সুনীল গগৈ নে জাহাংগীৰ হুছেইন- অৰ্ধদগ্ধ মৃতদেহটো কাৰ আছিল ? - SUNIL GOGOI MURDER CASE

আনহাতে জাহাংগীৰৰ এজন ভাতৃয়েও লখিমপুৰতে থাকি মিস্ত্রীৰ কাম কৰিছিল । আৰক্ষীয়ে সেইজন ভাতৃৰ পৰা ডি এন এ পৰীক্ষাৰ বাবে তেজৰ নমুনা সংগ্রহ কৰাৰ পাচতেই সমগ্ৰ ঘটনা পৰিক্ৰমাই অন্য দিশলৈ গতি কৰে । সমান্তৰালভাবে সলনি হয় আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়াও ৷

উল্লেখ কৰা প্ৰয়োজন যে, সমগ্ৰ ঘটনাটোৰ মাষ্টাৰ মাইণ্ড সুনীল গগৈৰ বৰ্তমানেও কোনো সম্ভেদ উলিয়াব পৰা নাই আৰক্ষীয়ে ৷ অসম আৰক্ষীয়ে পলাতক ঘোষণা কৰা তথা ম’ষ্ট ৱাণ্টেড সুনীল গগৈৰ সন্ধান দিওতালৈ 50 হেজাৰ টকাৰ পুৰষ্কাৰ ঘোষণা কৰিছে ৷

লগতে পঢ়ক:সুনীল গগৈ নহয়, মুণ্ডহীন মৃতদেহটো জাহাংগীৰৰহে আছিল - Dhakuakhana Murder Case

ABOUT THE AUTHOR

...view details