বাইহাটা: মানৱ সভ্যতা যিমানেই উন্নতিৰ জখলাত নবগাওক কিয়, এতিয়াও কিন্তু এলান্ধুকলীয়া চিন্তা-চৰ্চাৰ পৰা সম্পূৰ্ণ মুক্ত হ'ব পৰা নাই । তাৰেই এক শেহতীয়া নিদৰ্শন হৈছে কামৰূপ জিলাৰ শুৱালকুছিত সংঘটিত এক ঘটনা ।
আধুনিক মানৱ সমাজক লজ্জিত কৰা এই ঘটনাটোৱে পুনৰবাৰ উদঙাই দিছে এচাম ৰক্ষণশীল সমাজৰ বৰ্বৰ মানসিকতা । বহু সময়ত বিভিন্ন কাৰণত সমাজৰ পৰা এঘৰীয়া হ'বলগা ঘটনা পূৰ্বতে আমাৰ সমাজত সংঘটিত হৈছে । কিন্তু থিয়েটাৰ উপভোগ কৰাৰ বাবেই কোনো পৰিয়ালক সামাজিকভাৱে বৰ্জন ? এই ঘটনাই সংঘটিত হৈছে শুৱালকুছিত ।
থিয়েটাৰ চোৱাৰ বাবেই এঘৰীয়া হ'ল তিনিটা পৰিয়াল (ETV Bharat Assam) শুৱালকুছিত ভ্ৰাম্যমাণ থিয়েটাৰৰ নাটৰ মঞ্চ উদ্বোধন কৰা আৰু নাট উপভোগ কৰাৰ বাবে সমাজৰ পৰা এঘৰীয়া হ'বলগা হ'ল পৰিয়ালকেইটা ।
এই ঘটনা সংঘটিত হৈছে কামৰূপৰ শুৱালকুছিৰ শিলিগুড়িত । শুৱালকুছি আৰক্ষী থানাৰ অন্তৰ্গত শিলিগুড়ি মাহকালটোল চুবুৰীয়ে লক্ষ্মী মন্দিৰ নিৰ্মাণৰ সাহায্যাৰ্থে আমন্ত্ৰণ কৰিছিল ভ্ৰাম্যমাণ নাট্যদল বীণাপানী থিয়েটাৰ । এই থিয়েটাৰৰ মঞ্চ উদ্বোধন কৰিছিল এগৰাকী স্থানীয় শিক্ষক বিৰিঞ্চি কলিতাই ।
কিন্তু থিয়েটাৰৰ মঞ্চ উদ্বোধন কৰাটোৱেই অপৰাধ হ'ল শিক্ষক বিৰিঞ্চি কলিতাৰ । যাৰ বাবে শিক্ষক বিৰিঞ্চি কলিতাক এঘৰীয়া কৰাৰ কথা মাইকযোগে ঘোষণা কৰে শিলিগুড়িৰ ৰাইজে । আজিৰ উন্নত সভ্যতাৰ সময়তো কেৱল থিয়েটাৰৰ মঞ্চ উদ্বোধন কৰাৰ বাবেই ৰক্ষণশীল সমাজৰ বলি হ'বলগা হ’ল শিক্ষক বিৰিঞ্চি কলিতা ৷
এই সন্দৰ্ভত তেওঁ কয়, "যোৱা ছেপ্টেম্বৰ মাহৰ ১৮ তাৰিখে শিলিগুড়ি মাহকালটোল চুবুৰীত বীণাপানী থিয়েটাৰ নিমন্ত্ৰণ কৰিছিল । প্ৰথমদিনা মঞ্চ উদ্বোধন কৰাৰ কাৰণে তেওঁলোকে মোক দায়িত্ব দিছিল । আৰু ময়ো বিনাদ্বিধাই মানৱতাৰ খাতিৰত এই থিয়েটাৰৰ মঞ্চখন উদ্বোধন কৰিছিলোঁ । তাৰ পিছত পঞ্চমদিনা শিলিগুড়িৰ ৰাইজে গোপনে মিটিং কৰি সকলোকে জনাই দিলে মোৰ লগতে তিনিঘৰক সামাজিকভাৱে বৰ্জন কৰা হৈছে ।" এতিয়া সমাজৰ পৰা এঘৰীয়া হোৱাত পৰিয়ালটো হতাশাত ভুগিবলগীয়া হৈছে । উল্লেখ্য যে সামাজিক বৰ্জনৰ বলি হোৱা পৰিয়ালকেইটাৰ ভিতৰত এগৰাকী কেঞ্চাৰ ৰোগীও আছে ।
ইফালে এই ঘটনা সন্দৰ্ভত শুৱালকুছি আৰক্ষীক পৰিয়ালকেইটাই অৱগত কৰাৰ পিছতো ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে বিষয়টোত কোনো গুৰুত্ব নিদি একপ্ৰকাৰ ভুক্তভোগী পৰিয়ালকহে ওলোটাই ধমক দিয়া বুলি অভিযোগ কৰিছে ভুক্তভোগী পৰিয়ালে । আনহাতে, পৰিয়ালকেইটাৰ সৈতে যোগাযোগ ৰক্ষা কৰা চুবুৰীৰ অন্য লোককো জৰিমনা বিহিছে । কেৱল সিমানেই নহয়, ভুক্তভোগী শিক্ষকগৰাকীয়ে ফাৰ্মাচীৰ পৰা ঔষধ ক্ৰয় কৰাতো বাধা আৰোপ কৰে শিলিগুড়িৰ ৰাইজে ।
শিক্ষকগৰাকীৰ লগতে অন্য দুটা পৰিয়ালকো থিয়েটাৰৰ নাটক চোৱাৰ অপৰাধত সামাজিকভাৱে বৰ্জন কৰে । এগৰাকী কৰ্কট ৰোগী আৰু দিন হাজিৰা কৰা লোককো এঘৰীয়া কৰাৰ অভিযোগ কৰিছে পৰিয়াল দুটাই । এই ঘটনাই এতিয়া অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য সৃষ্টি কৰাৰ লগতে সভ্য সমাজক লজ্জানত কৰি তুলিছে ।