গুৱাহাটী, ১ আগষ্ট :গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিদায়ী উপাচাৰ্য অধ্যাপক প্ৰতাপজ্যোতি সন্দিকৈয়ে বিদায়ী বেলাত সামাজিক মাধ্যমত কৰা এক বিষোদ্গাৰে বিশেষ চৰ্চা লাভ কৰিছে । ৰাজ্য চৰকাৰে শেহতীয়াকৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্য হিচাপে ড৹ ননীগোপাল মহন্তক নিযুক্তি দিছে ৷
বিশ্ববিদ্যালয়খন বিদায়ী উপাচাৰ্য অধ্যাপক প্ৰতাপজ্যোতি সন্দিকৈৰ কাৰ্যকাল শেষ নোহোৱাকৈ একপ্ৰকাৰ ক্ষমতা খটুৱাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্য হিচাপে ড৹ ননীগোপাল মহন্তক নিযুক্তি দিয়া বুলি অভিযোগ উত্থাপিত হৈ আহিছিল । অৱশেষত শেহতীয়াকৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিদায়ী উপাচাৰ্য অধ্যাপক প্ৰতাপজ্যোতি সন্দিকৈয়ে সামাজিক মাধ্যমত দিয়া পোষ্টটোৱে এই কথা এক প্ৰকাৰে প্ৰমাণিত কৰিছে ।
গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিদায়ী উপাচাৰ্য অধ্যাপক প্ৰতাপজ্যোতি সন্দিকৈয়ে সামাজিক মাধ্যমত দিয়া পোষ্টটোত কয়, ‘‘ ২০১৯ চনৰ ২১ আগষ্টত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ দায়িত্ব লৈছিলো । মোৰ জীৱনৰ সমগ্ৰ সাধনাৰ প্ৰাপ্তি আছিল এই দায়িত্ব ৷ মোৰ কাৰ্যকাল শেষ হ’বলৈ ২৫ দিন বাকী থাকোতেই ৰাজ্যপালে নতুন উপাচাৰ্য নিযুক্তি দি নিজেও নতুন চাকৰিত যোগদান কৰিলেগৈ ৷ মই আতঁৰি যাবলৈ সাজু হৈছো । জীৱনে মোক নিৰ্মোহ হ’বলৈ শিকাইছে । মনৰ মাজত নিসংগ অহং । গুৱাহাটী বিশ্ববিদ্যালয় উজলি থাকক সৰ্বকাল ৷’’