সৰুপথাৰ, 9 আগষ্ট :ৰাজ্যত এতিয়াও অন্ত হোৱা নাই বান বিভীষিকাৰ ৷ নীপকোৱে এৰি দিয়া পানীয়ে এইবাৰ ত্ৰাসৰ সৃষ্টি কৰিছে গোলাঘাট জিলাৰ সৰুপথাৰ সমষ্টিৰ অন্তৰ্গত ধনশিৰি মহকুমাৰ বিভিন্ন অঞ্চলত । নীপকোৱে পানী এৰি দিয়াৰ ফলত দৈয়াং নদীৰ জলস্তৰ বৃদ্ধি পাইছে আৰু সমস্যাৰ সন্মুখীন হৈছে সমীপৱৰ্তী বহুলোক ৷
উল্লেখ্য যে, দৈয়াং জলবিদ্যুৎ প্রকল্পৰ চাৰিখনকৈ গেট খুলি দিয়াৰ পিচতে বৃদ্ধি হৈছে দৈয়াং নদীৰ জলস্তৰ আৰু জলমগ্ন হৈ পৰিছে নৈৰ দাঁতিকাষৰীয়া অঞ্চলসমূহ । বৰ্তমান পৰ্যন্ত, সৰুপথাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত আমগুৰি, টেঙানীৰ নৈ কাষৰীয়া অঞ্চল, গেলাবিল, উৰিয়ামঘাটৰ বহু অঞ্চলৰ লোক এতিয়া নীপকোৱে এৰি দিয়া পানীৰ ফলত বানৰ কবলত পৰিছে ।
দুৰ্ভাগ্যজনক বিষয় যে, উক্ত অঞ্চলসমূহৰ জনসাধাৰণ বানৰ কবলত পৰাৰ পিচতো ধনশিৰি মহকুমা প্ৰশাসনে এতিয়ালৈকে কোনো সাহায্য শিবিৰৰ ব্যৱস্থা কৰা নাই বুলি বানাক্ৰান্তই জনায় । এই বানৰ ফলত সমগ্র অঞ্চলটোতে বহু হেক্টৰ কৃষি ভূমিৰ বিস্তৰ ক্ষতি সাধন হৈছে ।
এগৰাকী ভুক্তভোগীয়ে এই সন্দৰ্ভত কয়, "প্ৰায় 700-800 বিঘা ভূমি ক্ষতিগ্ৰস্ত হৈছে ৷ কল, জিকা, তিঁয়হ, তিতাকেৰালা, পাণ-তামোল সকলো খেতি নষ্ট হৈ গ’ল ৷ 40-50 ঘৰ মানুহ বানৰ কবলত পৰিছে ৷ প্ৰশাসনৰ লোকক দেখাই নাই আমি ৷ এটা ৰাতি ৰাস্তাতে কটালো ৷ দমকল পৰ্যন্ত পানীত ডুব যোৱাৰ ফলত খোৱাপানীৰো অভাৱ হৈছে ৷"