হোজাই, 31 জানুৱাৰী :মঙলবাৰে নিশা হোজাইত এনকাউন্টাৰ ঘটনা ৷ ডবকাৰ শালবাগানত সংঘটিত হয় এই এনকাউন্টাৰৰ ঘটনা ৷ ফলত আহত হৈছে এজন ইৰাণী গ্ৰুপৰ এটা সদস্য ৷ ঘটনা অনুসৰি, মঙলবাৰে বিয়লি হোজাই জিলাৰ নিলবাগানৰ আলাল উদ্দিন নামৰ যুৱকজনে বেংকৰ পৰা 4.5 লাখ টকা লৈ ঘৰলৈ গৈ আছিল ৷ তেনে সময়তে যুৱকজনৰ পৰা চিলনী চোৰে থাপ মাৰি লৈ যায় টকাৰ বেগটো ৷ পৰৱৰ্তী সময়ত ৰাইজে খেদি খেদি কৰায়ত্ত কৰে চোৰটোক ৷
ৰাইজে কৰায়ত্ত কৰি পৰৱৰ্তী সময়ত চোৰটোক ডবকা আৰক্ষীক গতাই দিয়ে ৷ কিন্তু অধিক তথ্যৰ বাবে নিশা ডবকা আৰক্ষীয়ে চোৰটোক ডবকা শালবাগানলৈ লৈ গৈছিল ৷ সেই সময়তে আৰক্ষীক আক্ৰমণ কৰি পলায়নৰ চেষ্টা কৰে চোৰটোৱে ৷ সেয়ে আৰক্ষীয়ে আত্মৰক্ষাৰ বাবে গুলী চলোৱাত চোৰটোৰ ভৰিত গুলী লাগে ৷ আহত চোৰটোক নিশাই হোজাইৰ জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷