গুৱাহাটী: অসম সাহিত্য সভাৰ কর্মকাণ্ড তথা সভাপতিকেন্দ্রিক পেনেল বিতর্কই অতিষ্ঠ কৰিছে সাহিত্যপ্ৰেমীক । এই সন্দৰ্ভত বিশিষ্ট কবি সমীৰ তাঁতীয়ে ই টিভি ভাৰতৰ আগত কয়,"মই সাহিত্য সভাক নামানো । সাহিত্য সভাই কোনো লেখকৰ সৃষ্টি কৰা নাই, মহান সাহিত্যৰ সৃষ্টি কৰা নাই । অসম সাহিত্য সভাৰ সভাপতি কোন হ'ব তাক লৈ বিতৰ্ক কৰাটো অবান্তৰ কথা ।"
তেওঁ লগতে কয়,"ৰাজ্যত যিসকল মুৰব্বী সাহিত্যক আছে যিয়ে ১৫ খনতকৈ অধিক গ্ৰন্থ লিখিছে, সাহিত্য-সংস্কৃতি, ৰাজনীতিৰ ওপৰত জ্ঞান আছে তেনে ব্যক্তিক সসন্মানেৰে মাতি সভাপতিৰ পদটো দিব লাগে । মতলববাজ মানুহে সাহিত্য সভা নষ্ট কৰি পেলাইছে । সাহিত্য সভা ইমান লেতেৰা কৰি পেলাইছে যে ইয়াত চৰকাৰেও উচটাই আছে । সাহিত্য সভাত নিৰ্বাচনৰ প্ৰশ্ন নাহে । কিয়নো সাহিত্য সভা জাতীয় অনুষ্ঠান, ৰাজনৈতিক দল নহয় । সাহিত্য সভাত নিৰ্বাচন প্ৰক্ৰিয়াটো হোমেন বৰগোহাঞি আৰু লক্ষ্মীনন্দন বৰাই আৰম্ভ কৰি সাহিত্য সভা নষ্ট কৰি গৈছে ।"
আনহাতে কবি নীলিম কুমাৰে কয়,"অসম সাহিত্য সভাৰ সভাপতি বিতৰ্কই সাহিত্য সভাৰ স্খলনৰ স্বৰূপ উদঙাই দিছে । সভাপতি পদৰ বাবে গিৰীশ সন্দিকৈ নামৰ এজন ব্যক্তিৰ নাম উচ্চাৰিত হৈছে আৰু সম্ভাৱনা প্ৰকট হৈছে । এতিয়া একে সময়তে উচ্চাৰিত আন এটা নাম হ’ল ড° নাহেন্দ্ৰ পাদুন । এই নামটো এটা শ্ৰদ্ধেয় নাম । তেওঁৰ গৱেষণামূলক কেইবাখনো মূল্যবান গ্ৰন্থ আছে । তেওঁৰ পাণ্ডিত্য অনস্বীকাৰ্য । তেওঁৰ শাৰীৰিক অসুস্থতাৰ দোহাই দি তেওঁৰ পথ কিয় ৰুদ্ধ কৰাৰ চেষ্টা কৰা হৈছে ? তেওঁক সাহিত্য সভা বাহিনীয়ে সভাপতিৰ পদত অধিস্থিত নকৰে কিয় ? যদিহে নাহেন্দ্ৰ পাদুনক এইবাৰ সভাপতি পাতে তেন্তে এই সংকটৰ মুহূৰ্তত সাহিত্য সভা উদ্ধাৰ হ’ব পাৰে ।"