গুৱাহাটী : ‘‘শেহতীয়াকৈ অসমৰ পৰা কোনো হাতী সৰবৰাহ কৰা নাই ৷’’ আম্বানীৰ গুজৰাটৰ জামনগৰৰ বনতাৰা চিৰিয়াখানালৈ অসমৰ মাজেৰে ২৩ খনকৈ এনিমেল এম্বুলেন্সত হাতী কঢ়িয়াই নিয়া বুলি ৰাজ্য তোলপাৰ লগোৱা বাতৰি প্ৰসংগত স্পষ্টীকৰণ দিছে ৰাজ্য চৰকাৰে । সামাজিক মাধ্যম X-যোগে অসমৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে দিছে এই স্পষ্টীকৰণ ৷
স্পষ্টীকৰণটোত কোৱা হৈছে, “এইটো স্পষ্ট কৰি দিয়া হৈছে যে অসমৰ পৰা শেহতীয়াকৈ কোনোধৰণৰ হাতী সৰবৰাহ কৰা হোৱা নাই ৷ অসমক এনে কাৰ্যত জড়িত কৰি যিবোৰ বাতৰি আৰু সামাজিক মাধ্যমত পোষ্ট প্ৰকাশ কৰা হৈছে, সেইবোৰ সম্পূৰ্ণভাৱে অনাকাংক্ষিত আৰু ভুৱা ৷”
মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে এই স্পষ্টীকৰণৰ লগত সংলগ্ন কৰি দিছে কেইবাটাও সংবাদ প্ৰতিষ্ঠানৰ বাতৰিৰ লগতে সামাজিক মাধ্যমত প্ৰকাশিত হোৱা ফটোৰ স্ক্ৰীনশ্ব'ট । আনকি ৰঙা আখৰেৰে এই খবৰবোৰ ‘‘FAKE NEWS’’ বুলিও লেখি দিয়া হৈছে ৷
উল্লেখ্য যে অসমৰ মাজেৰে গুজৰাটত পঞ্জীয়নভুক্ত ২৩ খন এনিমেল এম্বুলেন্সত দেওবাৰে বিশালসংখ্যক হাতী লৈ যোৱাৰ দৃশ্যই তোলপাৰ লগাইছিল অসম ৷ সোমবাৰেও অসমত অব্যাহত আছে ইয়াৰ প্ৰতিক্ৰিয়া । অসমৰ হাতী দেশৰ সবাতোকৈ বিত্তশালী আম্বানী পৰিয়ালৰ গুজৰাটৰ জামনগৰৰ চিৰিয়াখানালৈ সৰবৰাহ কৰাৰ অভিযোগেৰে অসম চৰকাৰক কৰা সমালোচনাৰে সামাজিক মাধ্যম উপচি পৰিছে ৷
এফালে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰক কঠোৰ সমালোচনা ৷ আনফালে দক্ষিণ কোৰিয়াত বিনিয়োগকাৰীৰ সন্ধানত ব্যস্ত মুখ্যমন্ত্ৰীগৰাকী ৷ যাৰ বাবে এই বাতৰি আৰু সামাজিক মাধ্যমৰ পোষ্টক লৈ স্পষ্টীকৰণ দিবলৈ বাধ্য হ’ল মুখ্যমন্ত্ৰীৰ কাৰ্যালয় ।