গোলাঘাট, 9 মাৰ্চ : আজি পুৱাৰ ভাগত নুমলীগড় চাহ বাগিচাৰ 17 নং লাইনত এটা হাতী পোৱালীৰ কৰুণ মৃত্যু হয় ৷ অজ্ঞাত কাৰণত হাতী পোৱালীটোৰ মৃত্যু হয় ৷ ইফালে স্থানীয় ৰাইজ আৰু নুমলীগড় বন বিভাগৰ লোকে সন্দেহ কৰামতে ৰজা ফেঁটী সাপ (KIng Cobra) ৰ দংশনত হাতী পোৱালীটোৰ মৃত্যু হয় ৷ ইতিমধ্যে পশু চিকিৎসকৰ দল ঘটনাস্থলীত উপস্থিত হৈ হাতী পোৱালীটোৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে মৃত হাতীটোক সমাধিস্থ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে ৷
উল্লেখ্য যে বনাঞ্চল সমূহত খাদ্যৰ নাটনি হোৱাৰ বাবে দৈনিক বন্যহস্তীৰ জাকে জনাঞ্চলত প্ৰৱেশ কৰি সৃষ্টি কৰি আহিছে সন্ত্ৰাসৰ ৷ দিনে-নিশাই বৃহত্তৰ মৰঙী মৌজাৰ বিভিন্ন চাহ বাগিচা অঞ্চলত গৰু-ছাগলীৰ দৰে মুক্ত বিচৰণ কৰে বন্যহস্তীৰ জাকে ৷ বিশেষকৈ নিশাৰ ভাগত মৰঙী অঞ্চলৰ বিভিন্ন প্ৰান্তত সৰ্বসাধাৰণ ৰাইজৰ ভঁৰালৰ ধান খাই তহিলং কৰাৰ লগতে ভাঙি তচনচ কৰে বাসগৃহ ৷ তাৰ পাচতো নিধিৰাম চৰ্দাৰৰ ভূমিকাত বিয়াগোম বন বিভাগ ৷