অসম

assam

ETV Bharat / state

আজি ঈদ উল আজহা : জানো আহক ইয়াৰ তাৎপৰ্য - Eid 2024 - EID 2024

Significance of Eid al Adha : আজি অৰ্থাৎ 17 জুন সোমবাৰে পালন কৰা হ’ব ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ উৎসৱ ঈদ উল আজহা । ঈদ উদযাপনৰ বাবে সকলো প্ৰান্ততে সম্পূৰ্ণ হৈছে প্ৰস্তুতি । চৌদিশে উখল মাখল পৰিৱেশ । কিন্তু কেতিয়া আৰু কিয় পালন কৰা হয় ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ এই উৎসৱ ঈদ উল আজহা ? ঈদ উল আজহা তাৎপৰ্য জানিবলৈ পঢ়ক ইটিভি ভাৰতৰ জ্যেষ্ঠ সাংবাদিক ৰকিবুল ওৱাহিদৰ এই বিশেষ প্ৰতিবেদন ।

Bakrid significant Muslim festival
ঈদ উল আজহাৰ তাৎপৰ্য (ETV Bharat)

By ETV Bharat Assamese Team

Published : Jun 17, 2024, 7:01 AM IST

নগাঁও,17 জুন :হয়, আজি অৰ্থাৎ 17 জুন সোমবাৰে ঈদ উল আজহা উদযাপনৰ বাবে সকলো প্ৰান্ততে ইতিমধ্যেই সম্পূৰ্ণ কৰি তোলা হৈছে প্ৰস্তুতি । ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ উৎসৱ ঈদ উল আজহা উদযাপনক লৈ বিগত কেইদিন ধৰিয়েই বিভিন্ন প্ৰান্তত এক উখল মাখল পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে ।

ঈদৰ দিনা এযোৰ নতুন কাপোৰ পৰিধান কৰাবলৈ বিগত কেইদিন ধৰিয়েই কাপোৰৰ দোকানত যথেষ্ট ভিৰ হোৱা পৰিলক্ষিত হৈছে । কিন্তু এই ঈদ উল আজহাৰ তাৎপৰ্য কি এই বিষয়ে ইটিভি ভাৰতৰ সাংবাদিকৰ সন্মুখত ব্যাখ্যা আগবঢ়াইছে নগাঁৱৰ ভকতগাঁও মধ্য টেক হাফিজিয়া মাদ্ৰাছাৰ প্ৰধান শিক্ষক হাফিজ, মৌলানা, আলহাজ হবিবুৰ ৰহমান কাছিমিয়ে ।

মৌলানা আলহাজ হবিবুৰ ৰহমান কাছিমিয়ে উল্লেখ কৰা কিছু ব্যাখ্যা তলত উল্লেখ কৰা হ’ল -

কেতিয়া পালন কৰা হয় ঈদ উল আজহা :

পবিত্ৰ ৰমজান মাহৰ অন্তত পালন কৰা ঈদ উল ফিটৰৰ প্ৰায় আঢ়ৈ মাহৰ অন্তত অৰ্থাৎ আৰৱী জিলহজ মাহৰ 10 তাৰিখে পালন কৰা হয় ঈদ উল আজহা । চৌদি আৰৱ তথা একাংশ ৰাষ্ট্ৰত ভাৰত তথা অসমতকৈ এদিন পূৰ্বে ঈদ উদযাপনক লৈয়ো প্ৰায়েই হয় চর্চা ।

এইক্ষেত্ৰত নগাঁৱৰ ভকত গাঁও মধ্য টেক হাফিজিয়া মাদ্ৰাছাৰ প্ৰধান শিক্ষক হাফিজ, মৌলানা, আলহাজ হবিবুৰ ৰহমান কাছিমিয়ে উল্লেখ কৰা মতে আৰৱী মাহটো সম্পূৰ্ণ নিৰ্ভৰ কৰে জোনৰ ওপৰত । চৌদি আৰৱৰ দৰে একাংশ ৰাষ্ট্ৰত এদিন পূৰ্বেই জোন উদয় হোৱাত আৰৱী মাহো এদিন পূৰ্বেই আৰম্ভ হয় ।

লগতে পঢ়ক :প্ৰতি ঈদত মন্দিৰ-নামঘৰৰ জীৱকুলত খাদ্য যোগান এজন মুছলমান যুৱকৰ - Eid ul Fitr in Kaliabor

যাৰ পৰিপ্ৰেক্ষিতত ভাৰত তথা অসমত জিলহজ মাহৰ 9 তাৰিখেই চৌদি আৰৱৰ দৰে ৰাষ্ট্ৰত একমাহৰ দহ তাৰিখ হোৱাত এদিন পূৰ্বে ঈদ উদযাপন কৰে যদিও আৰৱী মাহৰ দহ তাৰিখেই উদযাপন কৰে ঈদ উল আজহাও ।

কি এই ঈদ উল আজহা :

আৰৱী ঈদ শব্দৰ অৰ্থ হৈছে আনন্দ স্ফূৰ্তি । আনফালে আজহা শব্দৰ অৰ্থ হৈছে কুৰবাণী অৰ্থাৎ ত্যাগ । এক কথাত ঈদ উল আজহা মানেই ত্যাগৰ এক উৎসৱ । অৰ্থাৎ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ ধনাঢ্যসকলৰ ত্যাগৰ ফলত দুখীয়া দৰিদ্ৰসকলেও যাতে আনন্দ স্ফূৰ্তিত অংশগ্ৰহণ কৰিব পাৰে । তাৰেই যেন এক উৎসৱ হৈছে ঈদ উল আজহা । ঈদ উল আজহাক কোনো কোনোৱে কুৰবাণী ঈদ অথবা বকৰী ঈদ বুলিও অভিহিত কৰি আহিছে ।

কি এই কুৰবাণী :

ইছলামিক গ্ৰন্থ হাদিছ শ্বৰীফত উল্লেখ থকা অনুযায়ী নৱী হজৰত ইব্ৰাহিম আলাইহি ওৱা চাল্লাতু ওৱা চাল্লামে মহান আল্লাহৰ সন্তুষ্টিৰ বাবে সৰ্বোচ্চ ত্যাগ কৰি নিজৰ মৰমৰ সন্তানক কুৰবাণী কৰিবলৈ আগবাঢ়িছিল । কিন্তু সন্তানৰ পৰিৱৰ্তে কুৰবাণী হৈছিল এটা জন্তু । সেই সময়ৰ পৰাই পোহনীয়া উট, দুম্বা, ভেড়া, ছাগলী আদি জন্তু কুৰবাণী দিয়াৰ প্ৰথা আৰম্ভ হয় ।

কুৰবাণীৰ ক্ষেত্ৰত পোহনীয়া জন্তুটো প্ৰাপ্তবয়স্ক হোৱাটোও জৰুৰী বুলি জনাই নগাঁৱৰ ভকতগাঁও মধ্য টেক হাফিজিয়া মাদ্ৰাছাৰ প্ৰধান শিক্ষক হাফিজ, মৌলানা, আলহাজ হবিবুৰ ৰহমান কাছিমিয়ে । জন্তু কুৰবাণীৰো আছে এক উদ্দেশ্য । ধনী পৰিয়ালৰ সমানে যাতে দুখীয়া দৰিদ্ৰ লোকসকলেও তৃপ্তিৰে এসাঁজ খাব পাৰে তাৰ বাবেই ইছলাম ধৰ্মাৱলম্বী লোকৰ খাদ্যৰ উপযোগী জন্তু কুৰবাণী কৰা হয় ।

কাৰ ওপৰত জৰুৰী কুৰবাণী :

ইছলাম ধৰ্মাৱলম্বী ধৰ্ণাঢ্য ব্যক্তি অথবা কোনো ব্যক্তিৰ হাতত যদি প্ৰয়োজনতকৈ অধিক সোণ, ৰূপ, ব্যৱসায়িক সম্পদৰ পৰিমাণ যদি 42 হাজাৰ টকাৰ সমান জিলহজ মাহৰ দহ তাৰিখৰ পৰা 12 তাৰিখলৈকে মজুত থাকে, তেন্তে তাৰ ওপৰত কুৰবাণী জৰুৰী হয় ।

কিন্তু লোকজন আজাদ হ’ব লাগিব অৰ্থাৎ কাৰো গোলাম হ’লে তাৰ ওপৰত কুৰবাণী জৰুৰী নহয় । আনকি নাবালকৰ ওপৰতো কুৰবাণী জৰুৰী নহয় । জিলহজ মাহৰ দহ তাৰিখে সূৰ্যোদয়ৰ পৰা 12 তাৰিখ সূৰ্যাস্তলৈকে কুৰবাণী কৰিব পাৰে বুলিও উল্লেখ কৰে মৌলানাগৰাকীয়ে ।

লগতে পঢ়ক :হোজাইত পবিত্র ঈদ-উল-আজহাৰ ব্যাপক প্ৰস্তুতি - Eid ul Adha 2024

ABOUT THE AUTHOR

...view details