কাজিৰঙা/তেজপুৰ: গুৱাহাটীত অনুষ্ঠিত হ’ব লগা এডভাণ্টেজ আছাম - ২.০ ত অংশগ্ৰহণ কৰিবলৈ আহি কাজিৰঙা পালেহি বিদেশী অতিথিৰ দল ৷ দেশৰ বৈদেশিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী এছ জয়শংকৰৰ নেতৃত্বত ভাৰতৰ লগতে অষ্ট্ৰিয়া, ভূটান, জাপান, বাংলাদেশ, জাৰ্মানী, জৰ্জিয়া, ফিনলেণ্ড, ইটালী, ইৰাক আদি কৰি প্ৰায় ৪৫খন দেশৰ ৰাষ্ট্ৰদূত, উচ্চায়ুক্ত, প্ৰতিনিধিৰ ৮১ জনীয়া দলটো দেওবাৰৰ নিশা কাজিৰঙাত উপস্থিত হয় ৷ নিশা প্ৰায় ৯ বজাত আহি ৰয়েল দিকাছা আৰু বৰগছত নিশা কটাই আজি পুৱা দলটোৱে ৰাষ্ট্ৰীয় উদ্যানৰ ভ্ৰমণ কৰে । ৰাষ্ট্ৰীয় উদ্যানৰ গজৰাজ প্ৰদ্যুম্নৰ পিঠিত উঠি বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰে ।
কাজিৰঙাত ৰাত্ৰি যাপন কৰি সোমবাৰে প্ৰতিনিধিৰ দলটোৱে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মিহিমুখত প্ৰথমতে হাতী ছাফাৰী কৰে ৷ হাতীৰ পিঠিত উঠি দলটো আপ্লুত হৈ পৰে ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভ্ৰমণৰ সময়ত বিদেশী ৰাষ্ট্ৰৰ প্ৰতিনিধি দলটোৱে ৰাষ্ট্ৰীয় উদ্যানৰ হস্তিক খাদ্য খুৱাই আনন্দ উপভোগ কৰে । দলটোৰ এগৰাকী প্ৰতিনিধিয়ে কয়, "বৈদেশিক পৰিক্ৰমা বিভাগ আৰু অসম চৰকাৰৰ তৰফৰ পৰা আমাক কাজিৰঙা ভ্ৰমণৰ এক সুযোগ প্ৰদান কৰে, যিটো আমাৰ চিৰজীৱন মনত থাকিব ৷" নতুন দিল্লীত থকা ৰাষ্ট্ৰদূতগৰাকীয়ে লগতে কয়, "গঁড়, হাতী আদিকে ধৰি সকলো বন্যজন্তুৰ সংৰক্ষণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা হৈছে ৷"
ইফালে বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে কাজিৰঙা দৰ্শন কৰি কয়, "কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰি আপ্লুত হৈ পৰোঁ ৷ বাঘৰ বাদে সকলো বন্যপ্ৰাণী নিচেই কাষৰ পৰা দেখা পাই ভাল লাগিল ৷ বিশেষকৈ হাতী ছাফাৰীৰ আমেজেই সুকীয়া আছিল ৷ জীপ ছাফাৰী আগতে কৰিছো কিন্তু হাতী ছাফাৰী এইবাৰ প্ৰথম ৷"
বিদেশী অতিথিৰ দলটোক সংগ দিয়ে স্থানীয় বিধায়ক তথা মন্ত্ৰী অতুল বৰা আৰু কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই ৷ কৃষিমন্ত্ৰী অতুল বৰাই ইটিভি ভাৰতক কয়, "বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে কয়, অসমত পৰ্যটনৰ যথেষ্ট সম্ভাৱনীয়তা আছে । দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাষ্ট্ৰীয় উদ্যানৰ ভ্ৰমণৰ পিছতে অসমত বিশেষকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ পৰ্য্যটকৰ সংখ্যা বহুখিনি বৃদ্ধি পাইছে । পৰ্যটকৰ সংখ্যা প্ৰায় ৩ লাখলৈ বৃদ্ধি পাইছে ৰাষ্ট্ৰীয় উদ্যানলৈ ৷ বিশেষকৈ বিদেশী পৰ্য্যটকৰ সংখ্যা এইবাৰ প্ৰায় ৮ হাজাৰলৈ বৃদ্ধি পাইছে ।"
মন্ত্ৰী বৰাই লগতে কয়, "বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে প্ৰথম বাৰৰ বাবে অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰে যথেষ্ট উৎফুল্লিত ৷ ৰাষ্ট্ৰদূতসকলেও এক সুকীয়া অভিজ্ঞতা লাভ কৰিলে বুলি তেওঁক কয় ।"
ইফালে বৈদেশিক মন্ত্ৰী গৰাকীৰ লগত হাতী ছাফাৰীত সংগ দিয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন প্ৰাধিকাৰী অৰুণ কুমাৰ ভিঙ্গেছয়ে ইটিভি ভাৰতক কয়, "বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰি অভিভূত হৈ পৰে । তেওঁ ৰাষ্ট্ৰীয় উদ্যানখনৰ পৰিসৰ আৰু চোৰাং চিকাৰী হ্ৰাস পোৱা বিষয়টো শলাগ লয় । উদ্যানৰ এশিঙীয়া গঁড়ৰ বিচৰণ দেখি তেওঁ অভিভূত হৈ পৰে ।"