অসম

assam

ETV Bharat / state

বিধানসভা ভৱনৰ সমুখত কোনে চৰিয়ালে কাক ? - Woman protester assaulted - WOMAN PROTESTER ASSAULTED

Protest in Dispur: এটা চৰে নৈতিকতাৰ প্ৰতি প্ৰশ্ন তুলিছে অসম আৰক্ষীৰ ৷ এটা চৰে লাভ কৰিছে চৰ্চা ৷ অসম আৰক্ষীৰ উপস্থিতিত এনে ঘটনা আপুনি কল্পনা কৰিব পাৰে নে ? তাকো বিধানসভা ভৱনৰ সমুখত ! কোনে কাক চৰিয়ালে ? চাওক সবিশেষ....

Woman protester assaulted
Protest in Dispur (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Aug 28, 2024, 7:24 PM IST

গুৱাহাটী, ২৮ আগষ্ট: খিলঞ্জীয়া, অনাঅসমীয়া, মিঞা হাটাও, উজনিলৈ মাছৰ সৰবৰাহ আদি বিষয়ে ৰাজ্যৰ ভিন্ন মহলত চৰ্চা লাভ কৰি থকাৰ মাজতেই এই চৰ্চিত বিষয়সমূহৰ তালিকাত এইবাৰ সংযোজন ঘটিছে আন এটা বিষয় ৷ বিষয়টো হ’ল ‘চৰ’ ৷ এটা পূৰ্ণহতীয়া চৰক লৈ এতিয়া সৰৱ চৰ্চা আৰম্ভ হৈছে বিভিন্ন মহলৰ মাজত ৷ কোনে চৰিয়ালে ? কাক চৰিয়ালে ? এটা চৰে ইমান চৰ্চা লাভ কৰাৰ কাৰণ কি ? আপোনৰ মনত চাগৈ কেবাটাও প্ৰশ্ন উদয় হৈছে ৷ তেন্তে মন দি পঢ়ক এই প্ৰতিবেদন ৷

ৰাজ্যজুৰি চৰ্চা লাভ এটা চৰৰ (ETV Bharat Assam)

হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ চলিত বৰ্ষৰ শৰৎকালীন অধিৱেশন চলি আছে ৷ কেইদিনমান ধৰি ‘মিঞা’ক লৈ ৰাজ্যৰ আকাশ-বতাহো গৰম হৈ আছে ৷ এফালে একাংশই ভাবুকি দিছে উজনিৰ পৰা মিঞা আঁতৰি যাব লাগে আৰু আনফালে মধ্য অসমৰ মৎস্য ব্যৱসায়ী সন্থাই দাবী কৰিছে যে যিহেতু মধ্য অসমৰ মাছৰ বজাৰ সম্পূৰ্ণৰূপে মিঞাৰ দখলত আছে, গতিকে কোনো কাৰণত উজনি অসমলৈ মাছ যোগান ধৰা নহয় ৷ বিধানসভাৰ ভিতৰতো মিঞাক লৈ শাসক-বিৰোধীৰ মাজত তীব্ৰ-বাকযুদ্ধ দেখা গৈছে ৷ তাৰ মাজতে বুধবাৰে চৰ্চালৈ আহিল এটা চৰ ৷ এই চৰটো কোনো সাধাৰণ চৰ নহয়, প্ৰতিবাদৰ মাজতে শোধোৱা এই চৰটোক লৈ এতিয়া ব্যাপক প্ৰতিক্ৰিয়া দেখা গৈছে ৷

কি হৈছিল প্ৰকৃততে ?

আমি সকলোৱেই জ্ঞাত যে গুৱাহাটী মহানগৰক কৃত্ৰিম বানৰ পৰা মুক্ত কৰাৰ উদ্দেশ্য শিলসাঁকো বিলত বিগত বৰ্ষত চৰকাৰে চলাইছিল ব্যাপক উচ্ছেদ অভিযান ৷ অবৈধভাৱে বাসস্থান নিৰ্মাণ কৰি শিলসাঁকো বেদখল কৰাৰৰ অভিযোগত বহু পৰিয়ালক তাৰ পৰা উচ্ছেদ কৰা হ’ল ৷ ইয়াৰে একাংশ আছিল খিলঞ্জীয় ভূমিপুত্ৰ বড়ো, ৰাভা, মিচিং, কাৰ্বি আদি জনগোষ্ঠীৰ লোক ৷ চৰকাৰে উচ্ছেদ চলালে ঠিকেই, কিন্তু তেওঁলোকক সংস্থাপনৰ কোনো সুব্যৱস্থা নকৰিলে ৷ পুনঃসংস্থাপন বিচাৰি এই উচ্ছেদিত মানুহখিনিয়ে বিভিন্ন সময়ত চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ, দাবী, ধৰ্ণা আদি প্ৰদৰ্শন কৰি আহিছে ৷ কিন্তু গা নলৰে চৰকাৰৰ ৷ আজিও বিধানসভাৰ শৰৎকালীন অধিবেশন চলি থকা কালত এই লোকসকল আহিছিল বিধানসভা ভৱনৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ৷ তাতেই সংঘটিত হয় অঘটন ৷ ঠেলা-হেঁচাৰ মাজতেই শোধোৱা চৰটোৱে এতিয়া ৰাজ্যজুৰি চৰ্চা লাভ কৰিছে ৷

কোনে চৰিয়ালে কাক ?

প্ৰতিবাদকাৰীক বাধা দিবলৈ বিধানসভাৰ বাহিৰত আৰক্ষী মোতায়েন কৰা হৈছিল ৷ আৰক্ষীয়ে উগ্ৰ প্ৰতিবাদকাৰীসকলক টানি-আঁজুৰি এখন বাছত উঠাবলৈ চেষ্টা চলায় ৷ সেই সময়তে এগৰাকী প্ৰতিবাদকাৰী মহিলাৰ গালত পৰে এগৰাকী মহিলা কনিষ্টবলৰ এটা পূৰ্ণহতীয়া চৰ ৷ তাৰ পিছত মহিলা প্ৰতিবাদকাৰীগৰাকীয়েও মহিলা কনিষ্টবলগৰাকীলৈ চোঁচা লয় ৷ কিন্তু সেই স্থানত থকা আন প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ হস্তক্ষেপত পৰিস্থিতি নিয়ন্ত্ৰণ হয় ৷ এগৰাকী আৰক্ষীয়ে প্ৰতিবাদকাৰী মহিলাৰ গাত হাত উঠোৱা কাৰ্যক বিভিন্নজনে ধিক্কাৰ জনাইছে ৷

পুলিচৰাজ চলিছে এইখন ৰাজ্যত: এ আই ইউ ডি এফ বিধায়ক

প্ৰতিবাদকাৰীৰ ওপৰত জপিয়াই পৰি আৰক্ষী কনিষ্টবনে এইদৰে এগৰাকী মহিলাক প্ৰহাৰ কৰা কাৰ্যক গৰিহনা দিছে এ আই ইউ ডি এফে ৷ দলটোৰ বিধায়ক আশ্ৰাফুল হুছেইনে কয়, ‘‘পুলিচৰ অপশাসন আৰম্ভ হৈছে ৷ শিলসাঁকোৰ এগৰাকী মহিলা এই স্থানলৈ আহিছিল ৷ তেওঁলোকে তেওঁলোকৰ দাবীৰ কথা কোনোপ্ৰকাৰে কৰ’বাত ক’বলৈ আহিছিল ৷ সেই সময়তে আৰক্ষীয়ে এগৰাকী মহিলাক চৰিয়াইছে, গতিয়াইছে ৷ আমি এ আই ইউ ডি এফ দলে ইয়াক নিন্দা জনাইছো ৷ আজি আৰক্ষীক/প্ৰশাসনক এই চৰকাৰখনে যিমান ক্ষমতা দি দিলে, শেষলৈকে কিন্তু ইয়াক নিয়ন্ত্ৰণ কৰাটো টান হ’ব ৷ মুখ্যমন্ত্ৰীয়ে তেওঁলোকৰ হাতত থকা মেচিন গানৰ কথা কয়, পিষ্টলৰ কথা কয় ৷ যাৰ কাৰণে এইধৰণৰ নৈৰাজ্য ৰাজ্যত পুলিচীতন্ত্ৰ চলা বুলি আমি অনুভৱ কৰিছো ৷ মহিলাগৰাকীয়ে ন্যায় পাওক আৰু এইদৰে আৰক্ষীয়ে জনসাধাৰণৰ আগত বৰমতাগিৰি দেখুৱাব নালাগে ৷’’

এ আই ইউ ডি এফৰ আন এগৰাকী বিধায়ক হাফিজ ৰফিকুল ইছলামে কয়, ‘‘ শিলসাঁকোত উচ্ছেদিত লোকসকল মুখ্যমন্ত্ৰীয়ে কৈ থকা খিলঞ্জীয়া ৷ তেওঁলোকক উচ্ছেদ কৰিছে, এতিয়া মহিলাসকলে যেতিয়া দাবী জনাইছে আমাক থাকিবলৈ এটুকুৰা মাটি দিয়ক, অথচ তেওঁলোকৰ ওপৰত জঁপিয়াই পৰি মাৰিছে ৷ মহিলা আৰক্ষীয়ে হওক বা আন কোনোবাই হওক, যিয়ে আন্দোলনকাৰী মহিলাৰ ওপৰত হাত উঠাইছে, মই ভাবো অতি সোনকালে গ্ৰেপ্তাৰ হ’ব লাগে ৷’’

লগতে পঢ়ক:৭৫বছৰে শোষিত কোচ ৰাজবংশীৰ কমতাপুৰ ৰাজ্য পুনৰগঠনৰ দাবী - Kamtapur state Demand

পোষ্টাৰিং কৰোতেই টাইপাৰ সভাপতিক আটক, থানাত উপস্থিত আটাছুৰ উপ সভাপতি - Miya Muslims Controversy

অসমত এতিয়া হিন্দু মুছলমানৰ বাহিৰে কোনো জ্বলন্ত বিষয় নাই : সদনত‌ মুখ্যমন্ত্ৰী - Assam Assembly Autumn Session

ABOUT THE AUTHOR

...view details