অসম

assam

অসমৰ ১২ খন জিলাত আমি ইতিমধ্যেই সংখ্যালঘু হৈ পৰিছো : বাংলাদেশৰ পৰিস্থিতিক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰী - ASSAM CM ON BANGLADESH VIOLENCE

By ETV Bharat Assamese Team

Published : Aug 8, 2024, 11:53 AM IST

CM Himanta Biswa Sarma: বাংলাদেশৰ পৰিস্থিতিক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰী ৷ সামাজিক মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়া ৷ বাংলাদেশৰ লগতে গুৱাহাটীৰ কৃত্ৰিম বান, নিযুত মইনা আঁচনি আদি কেইবাটাও বিষয়ত মুখ্য়মন্ত্ৰীৰ মন্তব্য প্ৰকাশ ৷ চাওক সবিশেষ...

ASSAM CM ON BANGLADESH VIOLENCE
মুখ্য়মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)

গুৱাহাটী, 8 আগষ্ট:"বাংলাদেশৰ ঘটনাই মোৰ বাৰে বাৰে মনত পেলাইছে যে, অসমৰ ১২ খন জিলাত আমি ইতিমধ্যেই সংখ্যালঘু হৈ পৰিছো ৷ আমাৰ ৰাজ্যখনতো লাহে লাহে হিন্দু সমাজ সংখ্যালঘু হোৱাৰ ফালে আগবাঢ়িছে ৷ সংখ্যাৰ যুঁজ আমি কৰিব নোৱাৰো ৷ সংখ্যাৰ যুঁজ কৰাৰ আমাৰ শক্তিও নাই আৰু তেনে অ-বৈজ্ঞানিক যুঁজ আমি কৰিবও নিবিচাৰো ৷ সংখ্যালঘু হোৱা মানেই কি আমি আমাৰ ধৰ্মৰ পবিত্ৰতাকো এৰিব লাগিব নেকি ? বাংলাদেশৰ ঘটনাই মনটো ব্যথিত কৰি ৰাখিছে ৷" এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷ বুধবাৰে নিশা মুখ্যমন্ত্ৰী শৰ্মাই বাংলাদেশৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত সামাজিক মাধ্যমযোগে প্ৰকাশ কৰে প্ৰতিক্ৰিয়া ৷

অসম আৰক্ষী আৰু বি এছ এফে সীমান্তত নিৰন্তৰ পহৰা দি আছে:

বাংলাদেশৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয়, "সীমান্ত যাতে সুৰক্ষিত হৈ থাকে আৰু কোনো যাতে অসমলৈ আহিব নোৱাৰে, তাৰ বাবে অসম আৰক্ষী আৰু বি এছ এফে নিৰন্তৰ পহৰা দি আছে ৷ অৱশ্যে বাংলাদেশত থকা অসমৰ শিক্ষাৰ্থীসকলক ওভতাই অনা হৈছে ৷ সীমান্ত সুৰক্ষিত কৰাটো মোৰ সাংবিধানিক দায়িত্ব ৷ কিন্তু তাৰ লগে লগে বাৰে বাৰে মনত পৰে বাংলাদেশত নিৰ্যাতিত হৈ থকা হিন্দু সংখ্যালঘু লোকসকলৰ কথা ৷’’

‘‘ইস্কন মন্দিৰ, দুৰ্গা মন্দিৰ ভাঙি পেলোৱা অত্যন্ত দুখজনক ছবিসমূহ সামাজিক মাধ্যমত দেখা পাই আছো ৷ বাংলাদেশৰ হিন্দু লোকসকলক ৰচীৰে বান্ধি গছত ওলোমাই নিৰ্মমভাৱে অত্যাচাৰ হত্যা কৰা দৃশ্যও সামাজিক মাধ্যমত আহি আছে ৷ ধৰ্ম নিৰপেৰক্ষতাকে জীৱনৰ ব্ৰত হিচাপে লোৱা বাংলাদেশ কমিউনিষ্ট পাৰ্টীৰ এজন হিন্দু নেতাকো হত্যা কৰা হৈছে ৷ অৱশ্যে কথাবোৰ কিমান সঁচা আৰু কিমান মিছা মই নাজানো ৷ সকলো কথাই যাতে মিছা হয়, তাৰেই কামনা কৰো" ৷ মুখ্যমন্ত্ৰীয়ে কয় ৷

আধ্যাত্মিক দায়িত্ব আৰু আধ্যাত্মিক পবিত্ৰতা হিন্দু সমাজৰো আছে:

মুখ্যমন্ত্ৰীয়ে লগতে কয়, "যেতিয়া কোনো এটা ধৰ্মই ঘোষণা কৰে যে, ময়েই সৰ্বশ্ৰেষ্ঠ আৰু মই পোৱা জ্ঞানেই অন্তিম জ্ঞান, তেতিয়াই ধৰ্মীয় উন্মাদনাৰ সৃষ্টি হয় ৷ ঋকবেদে কৈছিল, সত্য এটাই কিন্তু সেই পথত যোৱা ৰাস্তা বহুতো ৷ বাংলাদেশৰ সংখ্যাগুৰু লোকসকলেও বুজি পোৱা উচিত যে, সত্যক সন্ধান কৰাৰ আধ্যাত্মিক দায়িত্ব আৰু আধ্যাত্মিক পবিত্ৰতা হিন্দু সমাজৰো আছে" ৷

মুখ্যমন্ত্ৰীৰ উদ্বিগ্নতা:

তদুপৰি মুখ্যমন্ত্ৰীয়ে কয়, "বাংলাদেশৰ হিন্দু সমাজৰ লগতে অসম, পশ্চিমবংগ আৰু ঝাৰখণ্ডৰ দৰে ৰাজ্যসমূহৰ হিন্দু সমাজেও অনাগত ভৱিষ্যতক লৈ সদায় উদ্বিগ্ন হৈ থাকিম ৷ সীমা আমি সুৰক্ষিত ৰাখিম ৷ সীমাৰ ভিতৰলৈ আমি কাকো আহিবলৈ নিদিও ৷ কাৰণ সেইটো সাংবিধানিক দায়িত্ব আৰু সেই দায়িত্ব আমি পালন কৰিম ৷’’

গুৱাহাটীৰ ভয়াৱহ কৃত্ৰিম বান:

গুৱাহাটীত হোৱা ভয়াৱহ বান সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, "বানৰ বাবে ৰাইজৰ খং উঠাতো স্বাভাৱিক ৷ বহু ৰাতিলৈকে ৰাইজ আৱদ্ধ হৈ আছিল ৷ মুখ্যমন্ত্ৰী হিচাপে সফলতাৰ দায়িত্ব লোৱাৰ দৰে বিফলতাৰ বাবেও দায়িত্ব ল'ব লাগিব ৷ সমস্যা হ'ল চাৰিওফালৰ পাহাৰ ৷ পাহাৰৰ পৰা পানী নামি অহাৰ হিচাপ ল’ব নোৱাৰি ৷ বছৰৰ এটা বা দুটা দিনত হোৱা এনেধৰণৰ বৰষুণে সৃষ্টি কৰা পৰিস্থিতি নিয়ন্ত্ৰণ কৰাটো সহজ নহয় ৷’’

‘‘সিদিনা কেৱল গুৱাহাটীতে নহয়, মেঘালয়ৰ ৰিভ'ই জিলাতো বৰষুণ হৈছিল ৷ মেঘালয়ৰ খানাপাৰা অঞ্চলত উন্নয়ন হৈছে ৷ ইউ এছ টি এম হৈছে ৷ মেডিকেল কলেজ এখনৰ বাবে পুনৰ পাহাৰৰ মাটি কাটি থকা হৈছে, ফলত গুৱাহাটীলৈ পানী অহাৰ প্ৰাকৃতিক বাধা নোহোৱা হৈ গ’ল ৷ মেঘালয়ত বৰষুণ হ’লে পানী বাধাহীনভাৱে নামি আহে ৷’’ মুখ্যমন্ত্ৰীয়ে কয় ৷

কৃত্ৰিম বানৰ সমস্যা সমাধানৰ চেষ্টা অব্যাহত থাকিব:

"নলা-নৰ্দমাসমূহ বহল কৰাৰো উপাই নাই ৷ নলাৰ কাষলৈকেও ৰাইজে নিজৰ মাটিত নিৰ্মাণকাৰ্য কৰিছে ৷ খালী থকা মাটিসমূহ পুতি পেলোৱা হৈছে ৷ পানী জমা হোৱাৰ উৎসসমূহ নোহোৱা হৈছে ৷ চিন্তা কৰিছো যে, কিদৰে মেঘালয়ৰ পানী শিলসাঁকো আৰু দীপৰ বিললৈ নিব পাৰি ৷ বিশেষজ্ঞসকলৰ লগত কথা পাতিছো ৷ মেঘালয়ত মাটি কাটি থাকিলে কি হ'ব ৷ যোৰাবাটত বুধবাৰে কিয় ইমান পানী হ'ল কাৰণ বুজি নাপালো ৷ কৃত্ৰিম বান সমস্যা সমাধানৰ চেষ্টা অব্যাহত থাকিব ৷" মুখ্যমন্ত্ৰীয়ে কয় ৷

বন সুৰক্ষা বাহিনীৰ দীক্ষান্ত সমাৰোহ:

সামাজিক মাধ্যম যোগে মুখ্যমন্ত্ৰীয়ে কয়, "যোৱা বছৰ নতুনকৈ পাঁচটা কমাণ্ডো বেটালিয়ান নিৰ্মাণ কৰাৰ দৰে অসমৰ তৃতীয়টো বন সুৰক্ষা বাহিনী নতুনকৈ নিৰ্মাণ কৰিছিলো ৷ ইয়াত ৯৪০ গৰাকী কনিষ্টবল জোৱানক নিযুক্তি দিয়া হৈছিল ৷ এটা বছৰ প্ৰশিক্ষণৰ পাছত দীক্ষান্ত সমাৰোহ কৰা হয় ৷ স্বচ্ছ নিযুক্তিৰ বাবে এনেদৰে সকলোৱে দীক্ষান্ত সমাৰোহত অংশগ্ৰহণ কৰিব পাৰিছে ৷’’

‘‘আগৰ চৰকাৰৰ দিনত হোৱা নিযুক্তিৰ কথা মনলৈ আহিছে ৷ কেইদিনমান আগত ন্যায়ালয়ে ৰাকেশ পালক দুৰ্নীতিৰ অভিযোগত অভিযুক্ত কৰিলে ৷ আয়োগৰ সদস্যক দণ্ডিত কৰিলে ৷ কোন দলে নিযুক্তি দিছিল ৰাকেশ পালক ৷ ৰাজেশ পালক নিযুক্তি দিয়া দলটোৱে অসমৰ ৰাইজৰ ওচৰত ক্ষমা খোজা উচিত ৷ যাৰ বাবে এটা প্ৰজন্ম চাকৰি নাপালে ৷ যোগ্যজনৰ ঠাইত অযোগ্যজনে চাকৰি পালে ৷’’ তেওঁ কয় ৷

কাজিৰঙালৈ ২০ খন ৰাবাৰ নাও:

কাজিৰঙাৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয়, "দুমাহ পূৰ্বে কাজিৰঙালৈ যোৱাত সুৰক্ষা প্ৰদানৰ বাবে ২০ খন ৰাবাৰ নাওৰ প্ৰয়োজনৰ কথা কৈছিল ৷ দুমাহৰ ভিতৰতে ২০ খন আজি দিবলৈ সক্ষম হৈছিলো ৷’’

হাতীমুৰা মথাউৰিৰ পুনৰ মেৰামতি:

মথাউৰি ভঙাৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয়, "এইবাৰৰ বানত কলিয়াবৰ হাতীমুৰা মথাউৰি ভাঙিছিল ৷ এইবাৰ বহুকেইটা ভাঙিছে ৷ হাতীমুৰাৰ মথাউৰিৰ মেৰামতি কৰা হৈছে ৷ অসমে গতানুগতিক চিন্তাৰ পৰা আঁতৰি আহিব পাৰিছে ৷ ভঙাৰ সময়ত ৰাইজ খঙত আছিল আৰু আজি হাঁহি বিৰিঙিছে ৷ বাকী মথাউৰি কেইটাও বনাই দিয়া হৈছে ৷ আনহাতে, আগষ্টৰ ভিতৰত বানত ক্ষতিগ্ৰস্ত হোৱাসকলক ক্ষতিপূৰণ দিয়া হ'ব ৷’’

নিযুত মইনা আঁচনি:

নিযুত মইনা আঁচনিৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয়, "আজি নিযুত মইনা আঁচনি আৰম্ভ কৰিম ৷ ১০ লাখ ছোৱালীক এই আঁচনি দিম ৷ উচ্চতৰ মাধ্যমিকত নামভৰ্তিৰ বাবদ ১০০০ টকা পাব ৷ স্নাতক পৰ্যায়ত ১২৫০ টকা পাব ৷ প্ৰতিমাহে পাব ৷ বিশ্ববিদ্যালয়ত পঢ়িলে ২৫০০ টকা দিম ৷ প্ৰ-পত্ৰ বিতৰণ কৰা হ'ব ৷ ১০ অক্টোবৰৰ পৰা প্ৰথম কিস্তি দিয়াৰ লক্ষ্য ৷’’

লগতে পঢ়ক:কংগ্ৰেছৰ দিনত ৰাজ্যত তিনিশতকৈ অধিক মথাউৰি ছিগিছিল : মুখ্যমন্ত্ৰী - Himanta Biswa Sarma

ABOUT THE AUTHOR

...view details