তেওঁ কয়, "ইলোৰা বিজ্ঞান মঞ্চ, জ্ঞান-বিজ্ঞান সমিতি, অসম আৰু চি আৰ ইউ (এন ই আৰ) অনুষ্ঠানৰ বিশেষজ্ঞসকলে আতজবাজীৰ পৰা সৃষ্টি হোৱা বায়ু আৰু শব্দ প্ৰদূষণৰ ফলত স্বাস্থ্যৰ ওপৰত কি প্ৰভাৱ পেলাই সেই সন্দৰ্ভত ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ চেষ্টা কৰিছে ।"
বায়ু আৰু শব্দ প্ৰদূষণ : স্বাস্থ্যৰ ওপৰত প্ৰভাৱ
ইলোৰা বিজ্ঞান মঞ্চ, জ্ঞান-বিজ্ঞান সমিতি, অসম আৰু চি আৰ ইউ (এন ই আৰ) অনুষ্ঠানৰ বিশেষজ্ঞসকলে এই সন্দৰ্ভত প্ৰকাশ কৰা তথ্য অনুসৰি, দীপাৱলীত ব্যৱহাৰ কৰা আতচবাজী যেনে কলগছ, ৰকেট আদিত বেৰিয়াম নাইট্রেট, এলুমিনিয়াম, ক্ৰমিয়াম, ছালফাৰ ইত্যাদি বিষাক্ত কণিকা থাকে আৰু এইবোৰেই বিভিন্ন ৰঙৰ পোহৰৰ সৃষ্টি কৰে । এলুমিনিয়ামে বগা পোহৰৰ চিকমিকনি উৎপন্ন কৰে আৰু লগতে ছালৰ বেমাৰো কৰে ।
আনহাতে, সেউজীয়া পোহৰ সৃষ্টি কৰা বেৰিয়ামে শ্বাস-প্ৰশ্বাসৰ সমস্যা সৃষ্টি কৰে । ভাৰত চৰকাৰৰ প্ৰদূষণ নিয়ন্ত্রণ ব'ৰ্ডে বায়ুমণ্ডলত ১৫বিধ ক্ষতিকাৰক আৰু বিষাক্ত উপাদানৰ উপস্থিতিৰ কথা কৈছে । আতচবাজীৰ ফলত বায়ুমণ্ডলত এনে উপাদানৰ পৰিমাণ বহুগুণে বাঢ়ি যায় ৷ চালৰ বেমাৰ, চকুৰ পোৰণিৰ বাহিৰেও বিষাক্ত উপাদানসমূহৰ বাবে কাহ, হাঁই-ফাই (এজমা), শ্বাসনলীৰ প্রদাহজনিত ৰোগ (ব্ৰংকাইটিছ), হাওঁফাওঁৰ ৰোগ, আনকি স্নায়বিক বিকাৰ তথা বোধশক্তিৰ বিলোপ আদিতো মানুহ আক্ৰান্ত হ'ব পাৰে । আটাইতকৈ বেছি আক্রান্ত হয় কণ কণ শিশুসকল ।
সাধাৰণ সম্পাদক কমলেশ গুপ্তই কয়, "আতচবাজীৰ ফলত সৃষ্টি হোৱা শব্দ আৰু বায়ু প্ৰদূষণ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা আছে । কিন্তু এই নিৰ্দেশনা বাস্তৱত কাৰ্যকৰী হোৱা নাই । এই সন্দৰ্ভত আমাৰ সংগঠনৰ পৰা উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ কাৰ্যকৰী কৰাৰ বাবে ৰাজ্যৰ সকলো জিলা আয়ুক্ত, আৰক্ষী অধীক্ষকৰ লগতে মুখ্য সচিবক দাবী জনাই স্মাৰক-পত্ৰ প্ৰদান কৰা হৈছে ।
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ
আতচবাজীৰ ফলত সৃষ্টি হোৱা শব্দ আৰু বায়ু প্ৰদূষণ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে ২০১৮ চনৰ ২৩ অক্টোবৰত এটা ৰায়ৰ জৰিয়তে দীপাৱলীৰ প্ৰদূষণ সংক্রান্তত কিছু প্রতিবদ্ধকতা আৰোপ আৰু নিৰ্দেশনা জাৰি কৰিছে । যোৱা ২০২২ চনৰ ১০ অক্টোবৰত উচ্চতম ন্যায়ালয়ে এটা নিৰ্দেশৰ জৰিয়তে দিল্লীত আনকি সেউজ ফটকাও সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিছিল আৰু অন্যান্য ৰাজ্যবোৰৰ ক্ষেত্ৰত ২০১৮ চনৰ ৰায়টোকে বাহাল ৰাখিছে ।
ন্যায়ালয়ৰ ৰায়টোৰ কেইটামান উল্লেখযোগ্য কথা হ'ল— দীপাৱলীৰ নিশা ৮ বজাৰ পৰা ১০ বজালৈ কেৱল দুঘণ্টাৰ বাবেহে আতচবাজী ব্যৱহাৰৰ অনুমতি প্রদান । কিন্তু উচ্চ প্রাবল্যৰ আতচবাজীত ন্যায়ালয়ৰ বাধা আৰোপ ।