অসম

assam

ETV Bharat / state

বোকাখাতত ২৯২৬ গৰাকী লোকক ভূমি পট্টা বিতৰণ - মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

Mission Basundhara 2.0 : কথমাতেই কাম ৷ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চৰকাৰৰ মিছন বসুন্ধৰা 2.0 আঁচনিৰ অধীনত খিলঞ্জীয়াক ভূমিৰ পট্টা প্ৰদান কৰা হৈছে ৷ গোলাঘাটতো প্ৰায় তিনি হাজাৰ ভূমিহীন পৰিয়ালক ভূমিৰ পট্টা বিতৰণ কৃষিমন্ত্ৰী অতুল বৰাৰ ৷

Mission Basundhara 2.0
বোকাখাতত ২৯২৬ গৰাকী লোকক ভূমি পট্টা বিতৰণ

By ETV Bharat Assamese Team

Published : Feb 23, 2024, 3:56 PM IST

বোকাখাতত ২৯২৬ গৰাকী লোকক ভূমি পট্টা বিতৰণ

কাজিৰঙা, 23 ফেব্ৰুৱাৰী :ৰাজ্যজুৰি অব্যাহত হৈছে মিছন বসুন্ধৰা 2.0 ৷ 22 ফেব্ৰুৱাৰীত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ধেমাজি জিলাত ভূমি পট্টা বিতৰণৰ পিচতেই গোলাঘাট জিলাৰ বোকাখাতত প্ৰায় তিনি হাজাৰ ভূমিহীন পৰিয়ালক ভূমিৰ পট্টা বিতৰণ কৰা হয় ৷

মিছন বসুন্ধৰা ২.০ ৰ দ্বাৰা আবেদন কৰা লোকসকলক স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী অতুল বৰাই শুকুৰবাৰে প্ৰদান কৰে মাটিৰ পট্টা ৷ মন্ত্ৰী বৰাই শুভাৰম্ভ কৰা এই পট্টা বিতৰণী অনুষ্ঠানত বোকাখাতৰ ২৯২৬ গৰাকী লোকক ভূমি পট্টা বিতৰণ কৰে ৷ গোলাঘাটৰ জিলা আয়ুক্ত ড৹ পি উদয় প্ৰবীণে এই অনুষ্ঠানৰ আদৰণি ভাষণ প্ৰদান কৰে ৷

ইয়াৰোপৰি এই ভূমি পট্টা বিতৰণী অনুষ্ঠানত বোকাখাত উপ-জিলাৰ উপ আয়ুক্ত চিমি কৰণ, পৌৰপতি ৰত্নেশ্বৰ বৰুৱা, মহকুমা আৰক্ষী বিষয়া অতুল কুমাৰকে ধৰি অগপ, বিজেপি, গণ শক্তিৰ বিষয়ববীয়াসকল উপস্থিত থাকে

মন্ত্ৰী অতুল বৰাই নিজৰ বক্তব্যত উল্লেখ কৰে যে, বৰ্তমান চৰকাৰৰ উন্নয়নমূলক কামৰ অংশ হিচাপে ৮৫০ কোটি টকা ব্যয়েৰে বোকাখাতৰ পাণবাৰীত এটি টুৰিষ্ট মিউজিয়ামৰ কাম অচিৰেই আৰম্ভ হ'ব ৷ মাটিৰ পট্টা নোহোৱাৰ বাবে বহু কৃষকে সা-সুবিধা গ্ৰহণ কৰিব পৰা নাছিল ৷ কিন্তু এতিয়া ভূমিৰ পট্টাই কৃষকসকলক সকাহ প্ৰদান কৰিব ৷

লগতে শেহতীয়া ৰাজনৈতিক প্ৰেক্ষাপটৰ সন্দৰ্ভত সোধা সাংবাদিকৰ প্ৰশ্নত অগপৰ কেন্দ্ৰীয় সভাপতি অতুল বৰাই কয় যে, কোনোবাই যদি আন দল-সংগঠন ত্যাগ কৰি অগপলৈ আহিব বিচাৰে, তেনে সিদ্ধান্তক আদৰণি জনোৱা হ’ব ৷ অগপলৈ আগমণৰ এয়াই উপযুক্ত সময় । এই সময়ত কোনোবা অগপ দললৈ অহাটোও তেওঁলোকৰ কাৰণে ভাল আৰু অগপ দলৰ কাৰণেও ভাল ।

নাম উল্লেখ নকৰি একাংশ ৰাজনৈতিক দলৰ নেতাই অগপত যোগদানৰ বাবে যোগাযোগ কৰি থকাৰ কথাও উনুকিয়াই কৃষিমন্ত্ৰী অতুল বৰাই ।

লগতে পঢ়ক:বৰপেটাত মিছন বসুন্ধৰা ২.০ ৰ অধীনত ভূমি পট্টা বিতৰণ

ABOUT THE AUTHOR

...view details