যোৰহাট:অসম চৰকাৰে ঘোষণা কৰা আদৰ্শ গাঁৱৰ ৰাইজৰ বিলৈ । মৰণত শৰণ দি যাতায়ত কৰিবলগীয়া হৈছে একাংশ শিক্ষাৰ্থীয়ে । এখন নৈ আৰু নৈখনৰ ওপৰত তিনিডাল লোহাৰ পাতি । এই পাতিয়েদি বিপদসংকুলভাৱে পাৰ হৈছে ইজনৰ পিছত সিজন । কোনোৱে গৈছে বিদ্যালয়লৈ আৰু কোনোৱে ভয়ে ভয়ে লোহাৰ সাঁকোৰ ওপৰেদি পাৰ হৈ গৈছে নিজৰ কৰ্মক্ষেত্ৰলৈ । কাৰণ তেওঁলোকে উপায়হীন ।
গাঁও আছে, ৰাইজ আছে ঠিকেই, কিন্তু যাবলৈহে পথহে নাই । গাঁওবাসীৰ বাবে এই সাঁকোডালেই হৈছে বহিঃজগতৰ যোগাযোগৰ একমাত্ৰ মাধ্যম । চৰকাৰে ঘোষণা কৰা যোৰহাট জিলাৰ অন্তৰ্গত তিতাবৰৰ এখন আদৰ্শ গাঁৱৰ গাঁওবাসীৰ বিলৈ এয়া । তিতাবৰৰ নামচুঙী পঞ্চায়তৰ ধুবুনী গাঁৱৰ ৰাইজৰ দুৰ্দশাৰ প্ৰতিচ্ছবি ।
চৰকাৰে ঘোষণা কৰা আদৰ্শ গাঁৱত উন্মোচিত হৈছে বিকশিত অসমৰ নগ্ন ছবি । বানে বিধ্বস্ত কৰা অঞ্চল হিচাপে চিহ্নিত তিতাবৰৰ ধুবুনী গাঁৱত তিনিডাল পাতি থকা লোহাৰ সাঁকোৱেদি বছৰ বছৰ ধৰি এইদৰে মৃত্যুক হাতৰ মুঠিত ৰাখি বিপদসংকুলভাৱে অহা যোৱা কৰিছে গাঁওবাসীয়ে ।
কেৱল এতিয়া এই তিনিডাল লোহাৰ চিৰিৰ ওপৰতে তেওঁলোকৰ যাতায়ত ব্যৱস্থা নিৰ্ভৰ । কংগ্ৰেছ চৰকাৰেই কওক বিজেপি চৰকাৰেই কওক কোনো এখন চৰকাৰে গুৰুত্ব নিদিয়াৰ অভিযোগ ৰাইজৰ । ইফালে বৰ্তমানৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱাই ৰাইজৰ এনেবোৰ সমস্যাই বিচাৰি ফুৰে হেনো । কিন্তু ৰাইজৰ কাষ চপাত ব্যৰ্থ বিধায়কগৰাকী । এতিয়া বিধায়কৰ ভূমিকাত অসন্তুষ্ট ৰাইজ় ।