অসম

assam

ETV Bharat / state

উৰণসেতু নিৰ্মাণত যমৰ-যাতনা মহানাগৰিকৰ : যাতায়াতকাৰীৰ বাবে মৰণফান্দ চানমাৰি-নুনমাটি পথ - Dighali Pukhuri Noonmati fly over

Flyover at Chandmari-Noonmati Road : উন্নয়নৰ নামত ইখনৰ পিচত সিখনকৈ উৰণসেতু নিৰ্মাণ হৈ আছে গুৱাহাটী মহানগৰত । এইবাৰ আন এক অভিলাষী উৰণসেতু নিৰ্মাণ প্ৰকল্পই জীয়াতু ভোগাইছে মহানগৰবাসীক । দীঘলীপুখুৰীপাৰৰ পৰা নুনমাটি এফ চি আইলৈ নিৰ্মাণ কৰি থকা উৰণসেতুখনে দুৰ্ভোগ ভোগাইছে উক্ত পথছোৱাৰে যাতায়াত কৰাসকলক ।

By ETV Bharat Assamese Team

Published : Jul 9, 2024, 10:34 PM IST

Flyover at Chandmari Noonmati Road
যাতায়াতকাৰীৰ বাবে মৰণফান্দ চানমাৰি-নুনমাটি পথ (ETV Bharat Assam)

গুৱাহাটী, ৯ জুলাই : আপুনি যদি এতিয়া গুৱাহাটী ক্লাবৰ পৰা নুনমাটি দিশে যাব বিচাৰে, তেতিয়াহ'লে এশবাৰ চিন্তা কৰিব লাগিব । কিয়নো দীঘলীপুখুৰীৰ পৰা নুনমাটি এফ চি আইলৈ নিৰ্মাণৰত উৰণসেতুখনৰ বাবে এই পথছোৱাৰে যাতায়াত কৰাটো দুৰ্বিষহ হৈ পৰিছে । কেৱল যান-জঁটৰ সমস্যায়ে নহয়, অতি বিপদসংকুলভাৱে উৰণসেতুখনৰ নিৰ্মাণকাৰ্য চলাই থকাৰ বাবে যিকোনো মুহূৰ্ততে জীৱনলৈও ভাবুকি আহিব পাৰে ।

যাতায়াতকাৰীৰ বাবে মৰণফান্দ চানমাৰি-নুনমাটি পথ (ETV Bharat Assam)

মহানগৰীৰ বিভিন্ন স্থানত কেৱল উৰণসেতু নিৰ্মাণ কৰি উন্নয়নৰ জয়গান গোৱা ৰাজ্যৰ বিজেপি চৰকাৰৰ উন্নয়নৰ ফোঁপোলা স্বৰূপ ইতিমধ্যে উদঙাইছে ৮ বছৰীয়া শিশু অবিনাশ সৰকাৰৰ মৃত্যুৱে । কিন্তু তাৰ পিচতো যেন গা লৰা নাই চৰকাৰ তথা প্ৰশাসনৰ । ইয়াৰে এটা উদাহৰণ হৈছে চানমাৰিৰ পৰা নুনমাটিলৈ যোৱা পথছোৱা । এই পথটোত ইতিমধ্যে দীঘলীপুখুৰী আৰু নিউ গুৱাহাটী সংযোগী উৰণসেতু নিৰ্মাণৰ কাম আৰম্ভ হৈছে । ইয়াৰ বাবে চানমাৰিৰ পৰা নিউ গুৱাহাটী এফ চি আইলৈ যাতায়াতকাৰী তথা পথচাৰীৰ বাবে এক আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে ।

এফালে উৰণসেতুৰ নিৰ্মাণকাৰ্য, আনফালে পথটোৰ দুয়োফালৰ নলাসমূহ খান্দি পুনৰ নিৰ্মাণকাৰ্য । কোনো ধৰণৰ সংগতি নোহোৱাকৈ কেৱল ভঙা আৰু খন্দা কাৰ্যই সমগ্ৰ পথটোত এক আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছে । বৰ্তমান চানমাৰিৰ পৰা নিউ গুৱাহাটীলৈ নলাসমূহ পুনৰ নিৰ্মাণৰ কাৰ্য চলিত বৰ্ষৰ জানুৱাৰী মাহৰ পৰা চলি আছে । যাৰ বাবে জলা-কলা খাইছে যাতায়াতকাৰী, পথচাৰী তথা স্থানীয় ব্যৱসায়ীসকলে।

যাতায়াতকাৰী আৰু পথচাৰীয়ে অতি বিপদসংকুলভাৱে যাতায়াত কৰিবলগীয়া হৈছে এই পথটোৰে । আনহাতে, পথটোত অবিজ্ঞানসন্মতভাৱে উৰণসেতু আৰু নলা নিৰ্মাণে পথছোৱাক মৃত্যুদূতলৈ পৰিণত হৈছে । কেৱল সিমানেই নহয়, পথটোত সঘনাই দুৰ্ঘটনা সংঘটিত হৈ যাতায়াতকাৰী তথা পথচাৰী আহত হৈ অহা বুলিও অভিযোগ উঠিছে ।

কেৱল উক্ত অঞ্চলটোৱেই নহয়, গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত আছে উন্মুক্ত নলা । কি চানমাৰি, কি লাচিতনগৰ, গান্ধীবস্তি, বামুণীমৈদাম বা নিউ গুৱাহাটী- মহানগৰীৰ ঠায়ে ঠায়ে এতিয়া পথৰ কাষৰ নলাবোৰ মৰণফান্দলৈ পৰিণত হৈছে । অকণমান অমনোযগিতা, অকণমান অসাৱধানতাৰ বাবে পথচাৰীৰ ভৰি পৰিব পাৰে এই মৰণফান্দত ।

উন্নয়নৰ নামত গুৱাহাটীত জধেমধে চলোৱা নিৰ্মাণকাৰ্যৰ ফলত এতিয়া মহানগৰবাসীয়ে মৰণত শৰণ দি যাতায়াত কৰিবলগীয়া হৈছে । কিয়নো কেতিয়া কি অঘটন ঘটে তাৰ কোনো ঠিক নাই । সেয়েহে সচেতন নাগৰিকসকলে জনসাধাৰণৰ সুৰক্ষা নিশ্চিত কৰি উন্নয়নৰ কাম কৰিবলৈ দাবী জনাইছে ।

উল্লেখ্য যে কোনো ধৰণৰ সুৰক্ষা ব্যৱস্থা গ্ৰহণ নকৰাকৈয়ে চলি আছে চানমাৰিৰ পৰা নুনমাটিলৈ উৰণসেতু তথা পদপথ নিৰ্মাণৰ কাম । যাৰ বাবে পদে পদে বিপদৰ ভয়ত যাতায়াত কৰিবলগা হৈছে জনসাধাৰণে ।

লগতে পঢ়ক :সাৰে আছেনে চৰকাৰ-প্ৰশাসন ? আৰু কিমানজন অবিনাশক হেৰুৱাব লাগিব ? - DRAINAGE SYSTEM OF GUWAHATI
লগতে পঢ়ক :চিতাত কণমানি নিথৰ দেহটো : বুকুৱে-বুকুৱে ধুমুহা এজাক বোৱাই অবিনাশ গ’লগৈ - Minor Boy Swept Away in Drain

ABOUT THE AUTHOR

...view details