কলিয়াবৰ/বঢ়মপুৰ, 21 আগষ্ট:ৰাজ্যৰ বিভিন্ন প্ৰান্তত শক্তি বিভাগৰ স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত আছে ৷ আজি নগাঁও জিলাৰ কলিয়াবৰ আৰু কামপুৰত স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ওলাই আহিল ৰাইজ ।
কলিয়াবৰত প্ৰতিবাদ
কলিয়াবৰত স্মাৰ্ট মিটাৰ তথা অসম শক্তি বিতৰণ কোম্পানীৰ বিৰুদ্ধে সোচ্চাৰ হ’ল মহিলা । স্মাৰ্ট মিটাৰৰ সলনি পুৰণি মিটাৰকে বাহাল ৰাখিবলৈ ৰাজ্য চৰকাৰ তথা মুখ্যমন্ত্ৰীক দাবী জনায় প্ৰতিবাদী মহিলাসকলে ।
প্ৰতিবাদী মহিলাসকলে সংবাদ মাধ্যমৰ আগত ক্ষোভ প্ৰকাশ কৰি কয়, "পুৰণি মিটাৰ মতে বিলখন অহাৰ পাচত পৰিয়ালটোৱে 20 দিন সময় পায় । সাধাৰণ পৰিয়াল এটাই সেই সময়খিনিৰ ভিতৰতে পৰিশোধ কৰিবলগীয়া টকাখিনি যোগাৰ কৰিব পাৰে । কিন্তু এতিয়া স্মাৰ্ট মিটাৰ সংস্থাপন কৰাৰ লগে লগে স্মাৰ্ট ফোনো অত্যাৱশকীয় হৈ পৰিল । মুঠতে ই এটা খৰচী কাৰবাৰ । কলিয়াবৰৰ ভালেমান গাঁৱত স্মাৰ্ট মিটাৰ স্থাপন কৰাৰ পাছত জ্বলা-কলা খাইছে সৰ্বসাধাৰণ লোকে ।"
প্ৰতিবাদী মহিলাসকলে কলিয়াবৰত স্মাৰ্ট মিটাৰ সংযোগ নকৰিবলৈ অসম শক্তি বিতৰণ নিগমৰ কাৰ্যালয়ত লিখিত আবেদন জনায় । আনহাতে, কলিয়াবৰৰ অসম শক্তি বিতৰণ নিগমৰ প্ৰৱন্ধকৰ কাৰ্যালয়ত উপস্থিত হৈ প্ৰতিবাদী মহিলাসকলে বিভাগীয় বিষয়াবৰ্গক তেওঁলোকৰ ঘৰত স্মাৰ্ট মিটাৰ কোনোপধ্যেই সংযোগ কৰিবলৈ দিয়া নহ'ব বুলি স্পষ্ট ভাষাৰে জনায় ।
কামপুৰতপ্ৰতিবাদ