অসম

assam

ETV Bharat / state

ব্যৱসায়িক প্ৰতিষ্ঠানক এসপ্তাহৰ সময় ধৰি দি গুৰুত্বপূৰ্ণ নিৰ্দেশ ডিব্ৰুগড় পৌৰ নিগমৰ - Dibrugarh Municipal Corporation - DIBRUGARH MUNICIPAL CORPORATION

DMC orders on signboards : খিলঞ্জীয়াৰ অস্তিত্ব আৰু ভাষা-সংস্কৃতিৰ প্ৰতি তীব্ৰ ভাবুকি অহা বুলি বিভিন্ন মঞ্চত চৰ্চা চলি থকাৰ লগতে ইয়াৰ সংৰক্ষণ আৰু সংবৰ্ধনৰ বাবে জাতীয় সংগঠনবোৰে বিভিন্ন সময়ত মাত মাতি আহিছে । তেনে সময়তে ডিব্ৰুগড় পৌৰ নিগমে গ্ৰহণ কৰিছে এক ঐতিহাসিক সিদ্ধান্ত । আনহাতে, অসমীয়া ভাষাৰ সংৰক্ষণ আৰু প্ৰচাৰৰ বাবে ডিব্ৰুগড় পৌৰ নিগমে জাৰি কৰা এই নিৰ্দেশক বিভিন্ন মহলে আদৰণি জনোৱাৰ লগতে মন্ত্ৰী যোগেন মহনেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।

DMC Orders on Signboards
ডিব্ৰুগড়ত ব্যৱসায়িক প্ৰতিষ্ঠানলৈ ঐতিহাসিক নিৰ্দেশ পৌৰ নিগমৰ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Sep 10, 2024, 4:15 PM IST

ডিব্ৰুগড়, ১০ ছেপ্টেম্বৰ :অসমৰ দ্বিতীয়খন পৌৰ নিগম হিচাপে কাৰ্যকৰী হোৱা ডিব্ৰুগড় পৌৰ নিগমে গ্ৰহণ কৰিছে এক ঐতিহাসিক সিদ্ধান্ত । ১৮৭৩ চনতেই গঠন হোৱা ডিব্ৰুগড় পৌৰসভা পৌৰ নিগমলৈ উন্নীত হোৱাৰ পাচতেই ডিব্ৰুগড় চহৰ উন্নয়নৰ বাবে তৎপৰ হৈছে মেয়ৰ ডঃ চৈকত পাত্ৰ, উপ-মেয়ৰ উজ্জ্বল ফুকনৰ নেতৃত্বত ডিব্ৰুগড় পৌৰ নিগম । ইয়াৰ মাজতে ডিব্ৰুগড়ৰ দল-সংগঠনৰ দাবীৰ প্ৰতি সন্মান জনাই ডিব্ৰুগড়‌ পৌৰ নিগমে জাৰি কৰিলে এক ঐতিহাসিক নিদেৰ্শনা ।

ডিব্ৰুগড়ত ব্যৱসায়িক প্ৰতিষ্ঠানলৈ ঐতিহাসিক নিৰ্দেশ পৌৰ নিগমৰ (ETV Bharat Assam)

পৌৰ নিগমৰ নিদেৰ্শ অনুসৰি, পৌৰ নিগমৰ অন্তৰ্গত সকলো ব্যৱসায়িক প্ৰতিষ্ঠানে নামফলকসমূহ ইংৰাজী ভাষাৰ লগতে অসমীয়া ভাষাতো লিখিব লাগিব । ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰৰ স্বাক্ষৰিত নিৰ্দেশনা পত্ৰখনত উল্লেখ থকা অনুসৰি, "ডিব্ৰুগড় পৌৰ নিগম এলেকাত থকা দোকান আৰু ব্যৱসায়িক প্রতিষ্ঠানসমূহৰ সন্মুখত ওলোমাই ৰখা নামফলকসমূহ অসমীয়া ভাষাত লিখাটো বাধ্যতামূলক কৰা হৈছে । গতিকে ডিব্ৰুগড় পৌৰ নিগমৰ ১নং ৱাৰ্ডৰ পৰা ২২নং ৱাৰ্ডলৈকে অৱস্থিত দোকান আৰু ব্যৱসায়িক প্রতিষ্ঠানসমূহৰ নামফলকসমূহ ইংৰাজীৰ লগতে অসমীয়া ভাষাত লিখিব লাগিব ।"

ডিব্ৰুগড় পৌৰ নিগমৰ জাননী (ETV Bharat Assam)

যিহেতু ৯ ছেপ্টেম্বৰ তাৰিখে ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰে এই নিৰ্দেশনা প্ৰদান কৰিছে, গতিকে নিৰ্দেশনা প্ৰদান কৰাৰ ৭ দিনৰ ভিতৰত ইয়াক কাৰ্যকৰী কৰিবলৈও নিৰ্দেশ দিয়া হৈছে । আনহাতে, ডিব্ৰুগড় পৌৰ নিগমৰ এই ঐতিহাসিক সিদ্ধান্তক সকলোৱে আদৰণি জনাইছে ।

উল্লেখ্য যে ৰাজ্যত অসমীয়া-অনা অসমীয়াৰ প্ৰসংগ আৰম্ভ হোৱাৰ পাচতে অসমীযা ভাষা ৰক্ষাৰ বাবে তৎপৰ হৈছে দল- সংগঠন । বিশেষকৈ শেহতীয়াকৈ ৰাজ্যত সংঘটিত নাৰী নিৰ্যাতনৰ ঘটনাৰ লগত মিঞা মুছলমান জড়িত থকাৰ লগতে শিৱসাগৰত অসমীযা যুৱতীক অনা অসমীয়াই আক্ৰামণ কৰা পাচতে উজনি অসমত অসমীয়া-অনা অসমীয়া প্ৰসংগ এটাই মূৰ দাঙি উঠিছিল ।

ইয়াৰ ফলস্বৰূপেই মিঞা মুছলমানক উজনি এৰিবলৈ দাবী জনোৱাৰ লগতে উজনিত অসমীয়া ভাষা ৰক্ষাৰ বাবে আন্দোলন আৰম্ভ কৰিছে দল-সংগঠনে । ইতিমধ্যে বিভিন্ন জিলাত অসমীয়া ভাষাত নামফলক লিখিবলৈ বাধ্য কৰোৱা হৈছে । দল-সংগঠনসমূহে ইংৰাজীত লিখা নামফলকসমূহত ক'লা ৰঙ সানি দিছে ।

আনহাতে, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে ডিব্ৰুগড় জিলাতো আৰম্ভ হৈছে ভাষা ৰক্ষাৰ আন্দোলন । ডিব্ৰুগড়ত আছুৱে অসমীয়া ভাষাত নামফলক লগাবলৈ ১০ দিনৰ সময়সীমা বান্ধি দিছিল ব্যৱসায়িক প্ৰতিষ্ঠানসমূহলৈ । ডিব্ৰুগড় চহৰৰ সকলো অনুষ্ঠান, ব্যৱসায়িক প্ৰতিষ্ঠানৰ নামফলকত অসমীয়া ভাষা বাধ্যতামূলক কৰাৰ দাবীত পৌৰ নিগমৰ মেয়ৰক স্মাৰক-পত্ৰ প্ৰদান কৰিছিল সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই ।

ইয়াৰ সমান্তৰালভাৱে ডিব্ৰুগড় জিলা সাহিত্য সভাই একেটা বিষয়ত ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰক স্মাৰক-পত্ৰ প্ৰদান কৰিছিল । ইয়াৰ পিচত সোমবাৰে ডিব্ৰুগড় পৌৰ নিগমে ৭ দিনৰ ভিতৰত সকলো ব্যৱসায়িক প্ৰতিষ্ঠানক নামফলক অসমীয়া আৰু ইংৰাজীত লিখিবলৈ নিদেৰ্শ দিয়ে ।

আনহাতে, ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ নামফলকত অসমীয়া ভাষা ব্যৱহাৰ কৰিবলৈ সকলোৰে প্ৰতি আহ্বান জনাইছে অসম চৰকাৰৰ মন্ত্ৰী যোগেন মহনে ৷ মৰাণত এই সম্পৰ্কত ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰীগৰাকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰে ।

নামফলকত অসমীয়া ভাষা ব্যৱহাৰ কৰাক লৈ কি কয় মন্ত্ৰী যোগেন মহনে

মন্ত্ৰী যোগেন মহনে কয়, "অসমীয়াতে হ'ব লাগে নামফলকবিলাক । বৰ্তমান বিজেপি চৰকাৰখনে অসমীয়া ভাষাক গুৰুত্ব প্ৰদান কৰিছে । নামফলক অসমীয়াত লিখাটো জাতীয় আৱেগৰ কথা । অসমত থাকি ব্যৱসায়-বাণিজ্য কৰাসকলে অসমীয়া ভাষাটো হৃদয়েৰে গ্ৰহণ কৰিব লাগে ৷ বৃহৎ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত সকলোৱে অৰিহণা যোগাব লাগে ৷"

লগতে পঢ়ক :কিয় পদত্যাগ কৰিলে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সভাপতিয়ে ? - Cotton University
লগতে পঢ়ক :চাহ শ্ৰমিকৰ পূজা বোনাছক লৈ নিৰ্দেশনা, ১৫ ছেপ্টেম্বৰৰ ভিতৰত কৰিব লাগিব ঘোষণা - Durga Puja 2024

ABOUT THE AUTHOR

...view details