ধেমাজি, 3 মে’ :কামৰ সন্ধানতবহিঃৰাজ্যলৈ গৈ থকা অৱস্থাতে ৰহস্যজনকভাৱে নিৰুদ্দেশ হ’ল ধেমাজিৰ এজন যুৱক ৷ নিৰুদ্দেশ হোৱা যুৱকজন ধেমাজিৰ ৰাজীৱ কোঁচ বুলি জানিব পৰা গৈছে ৷ জানিব পৰা মতে, ধেমাজি জিলাৰ অসম-অৰুণাচল সীমান্তৱৰ্তী নিলখ পঞ্চায়ত পশ্চিম নিলখ গাঁৱৰ দুটি কণমানি সন্তানৰ পিতৃ ৰাজীৱ কোঁচে কামৰ সন্ধানত 20 এপ্ৰিল, শনিবাৰৰ সন্ধিয়া 7:55 বজাত ডিব্ৰুগড়ৰ পৰা কেৰালা অভিমুখে যাত্ৰা কৰিছিল ।
ৰে’লেৰে গৈ থকা অৱস্থাত বিগত 22 এপ্ৰিলৰ নিশা 8 বাজি 5 মিনিটলৈকে ঘৰৰ মানুহৰ সৈতে যোগাযোগত আছিল যদিও আচম্বিতে একেদিনাই নিশা 11:03 মিনিটত এটি অচিনাকি নম্বৰযোগে ৰাজীৱ কোঁচৰ পৰিয়ালটোলৈ এটা ফোন আহে ৷ উক্ত ফোনকলযোগে কোঁচৰ পৰিয়ালক কেৰালা অভিমুখী কোঁচ চলন্ত ৰে’লৰ পৰা পৰি যোৱা বুলি অৱগত কৰে ।
অৱশ্যে তাৰ পাচৰে পৰাই ৰাজীৱ কোঁচৰ পৰিয়ালে কোচ সন্দৰ্ভত কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷ সমান্তৰালভাৱে, উক্ত অচিনাকী নম্বৰটোৰ গৰাকীৰ সৈতে বাৰাম্বাৰ যোগাযোগৰ বাবে চেষ্টা চলোৱা হৈছিল যদিও সম্পূৰ্ণ ব্যৰ্থ হয় দুৰ্ভগীয়া পৰিয়ালটো ৷ উপায়বিহীন হৈ পৰিয়ালটোয়ে আৰক্ষী আৰু ৰে’ল বিভাগত অভিযোগ দাখিল কৰে যদিও আজিকোপতি কোনো শুংসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই বুলি জনায় ।