কলিয়াবৰ, ২৬ ফেব্ৰুৱাৰী :দীৰ্ঘদিনীয়া পৰম্পৰা ৰক্ষা কৰি নগাঁও জিলাৰ কলিয়াবৰৰ ঐতিহাসিক ভড়ালী নামঘৰত উদযাপন কৰা হৈছে মাঘী পূৰ্ণিমা । মাঘী পূৰ্ণিমা উপলক্ষে আয়োজিত কাৰ্যসূচীৰ অন্তিম তথা সামৰণি অনুষ্ঠানত শ্ৰীমন্ত শংকৰদেৱৰ 'ৰাম বিজয়' অঙ্কীয়া নাট পৰিবেশন কৰা হয় । ভাওনাখনত গাঁওখনৰ লগতে কলিয়াবৰৰ একাংশ শিল্পীয়ে অংশগ্ৰহণ কৰে । কলিয়াবৰত গুৰুজনাৰ ভাওনাৰ পৰম্পৰা ৰক্ষা কৰি নাৰী চৰিত্ৰত অভিনয় কৰে পুৰুষসকলে ।
উল্লেখ্য যে গুৰু দুজনাৰ বিৰচিত নাটসমূহৰ লগতে পৰৱৰ্তী কালত ৰচনা হোৱা অঙ্কীয়া শৈলীৰ নাটসমূহৰ নাৰী চৰিত্ৰসমূহো পুৰুষে ৰূপায়ণ কৰাৰ পৰম্পৰা আজিও অব্যাহত ৰাখিছে কলিয়াবৰৰ সত্ৰ তথা নামঘৰসমূহে । তাৰ অংশ হিচাপে কলিয়াবৰৰ ঐতিহ্যমণ্ডিত ভড়ালী নামঘৰত উদযাপন কৰা হয় মাঘী পূৰ্ণিমা । প্ৰতি বছৰৰ দৰে এইবাৰো দুদিনীয়াকৈ পালন কৰা হয় ভড়ালী নামঘৰত মাঘী পূৰ্ণিমাৰ কাৰ্যসূচী ।
ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা ভক্তপ্ৰাণ ৰাইজৰ সমাগমত উদুলি-মুদুলি পৰিৱেশে বিৰাজ কৰে ভড়ালী নামঘৰত । শতাধিক ভক্তপ্ৰাণ ৰাইজৰ সমাগম হোৱা ভড়ালী নামঘৰত পুৱাৰ পৰাই নাম-প্ৰসংগ আৰু হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰে । ১৫৯৪ শকতে স্থাপন হোৱা ভড়ালী নামঘৰত উদযাপন কৰা এই মাঘী পূৰ্ণিমা কাৰ্যসূচী প্ৰত্যেক বছৰে উলহ-মালহেৰে পালন কৰি আহিছে কলিয়াবৰ তথা ভড়ালী গাঁওবাসীয়ে ।