অসম

assam

সিদ্ধি বিনায়কৰ বন্দনাৰে গুঞ্জৰিত গুৱাহাটী - GANESH CHATURTHI 2024

By ETV Bharat Assamese Team

Published : Sep 7, 2024, 12:32 PM IST

Ganesh Chaturthi in Guwahati : সমগ্ৰ ৰাজ্যতে আজি গুঞ্জৰিত হৈছে গণেশ বন্দনা । প্ৰতিটো গণেশ মন্দিৰত সিদ্ধি বিনায়কৰ পূজা-অৰ্চনাৰ বাবে ভিৰ কৰিছে ভক্তই । ব্যতিক্ৰম নহয় গুৱাহাটী মহানগৰীও । গুৱাহাটীৰ বিভিন্ন স্থানত থকা গণেশ মন্দিৰবোৰত এতিয়া ভক্তৰ লানি নিছিগা ভিৰ । পৰিলক্ষিত হৈছে উখল-মাখল পৰিৱেশ ।

Ganesh Chaturthi in Guwahati
সিদ্ধি বিনায়কৰ বন্দনাৰে গুঞ্জৰিত গুৱাহাটী (ETV Bharat Assam)

গুৱাহাটী, ৭ ছেপ্টেম্বৰ : আজি গণেশ চতুর্থী । এই উপলক্ষে ৰাজ্যজুৰি গুঞ্জৰিত হৈছে সিদ্ধি বিনায়কৰ বন্দনা। ইফালে গণেশ চতুর্থী উপলক্ষে ভক্তই ভিৰ কৰিছে বিভিন্ন স্থানৰ গণেশ মন্দিৰত । ইয়াৰ ব্যতিক্ৰম নহয় গুৱাহাটী মহানগৰীও ।

সিদ্ধি বিনায়কৰ বন্দনাৰে গুঞ্জৰিত গুৱাহাটী (ETV Bharat Assam)

গুৱাহাটী মহানগৰীৰ ঐতিহ্যমণ্ডিত গণেশগুৰিৰ গণেশ মন্দিৰ, লতাশিলৰ গণেশ মন্দিৰ, হাতীশিলা গণেশ মন্দিৰ, খানাপাৰা গণেশ মন্দিৰ, বতাহঘূলি গণেশ মন্দিৰত পুৱাৰে পৰা ভক্তই ভিৰ কৰিছে । আনহাতে, মহানগৰীৰ অন্যান্য ঠাইতো আয়োজন কৰা কৰা হৈছে সিদ্ধিদাতা গণেশৰ পূজা । পুৱাৰে পৰা গণেশ বাবাক দৰ্শনৰ বাবে ভক্তৰ লানি নিছিগা সোঁত বৈছে । গণেশ চতুর্থীক কেন্দ্ৰ কৰি মহানগৰীত এক উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে ।

উল্লেখ্য যে হিন্দু ধৰ্মৰ তেত্ৰিশ কোটি দেৱতাৰ ভিতৰত গণেশ হৈছে অন্যতম । ঐতিহাসিক লতাশিল গণেশ মন্দিৰত আয়োজন কৰা হৈছে গণেশ চতুৰ্থীৰ । এদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে গণেশ পূজা । গণেশ চতুৰ্থীৰ দিনটোত নিত্য নৈমিত্তিক পূজাৰ পিচতে ভক্তৰ বাবে মন্দিৰৰ দুৱাৰ খুলি দিয়া হয় ।

বিশ্ব শান্তিৰ বাবে ইয়াত আজি তিনিটা আহুতি দিয়া হ'ব । আনহাতে, মন্দিৰৰ সভাপতি ৰমেন বৰুৱা য'তে আছে ভালে-কুশলে থাকি আমাৰ মাজলৈ যাতে ঘূৰি আহে তাৰ বাবে আহুতি দিয়া হ'ব । সন্ধিয়া অনুষ্ঠিত হ'ব মহিলাৰ নাম । আৰতিৰ পিচত প্ৰদৰ্শিত হ'ব আতচবাজী ।

আনহাতে, গণেশগুৰি গণেশ মন্দিৰতো বিগত বৰ্ষৰ দৰে এইবাৰো গণেশ চতুৰ্থীৰ আয়োজন কৰা হৈছে । এইবাৰ ৪৯ সংখ্যক গণেশ চতুৰ্থী আয়োজন কৰা হৈছে । পুৱা ৬ বজাৰ পৰা ভক্তৰ বাবে মন্দিৰৰ দুৱাৰ খুলি দিয়া হৈছে । ১০ বজাৰ পৰা পূজা-অৰ্চনা আৰম্ভ হৈছে । দুপৰীয়া ১২ .১৫ বজাত মহা আৰতি অনুষ্ঠিত হ'ব । সন্ধিয়া নাম-কীৰ্তন কৰা হ'ব ।

লগতে পঢ়ক :বাণাসুৰে পূজা কৰা ঐতিহাসিক গণেশ মন্দিৰটো ক'ত আছে আপুনি জানেনে ? - Ganesh Chaturthi 2024
লগতে পঢ়ক :মহানগৰীৰ কোনটো গণেশ মন্দিৰত আদা-নিমখ দিলে হেৰুৱা বস্তু ঘূৰাই পায় ? - GANESH CHATURTHI 2024

ABOUT THE AUTHOR

...view details