গুৱাহাটী:কৰ্তব্যৰত জোৱানৰ নিৰ্দেশ অৱমাননা কৰাৰ অপৰাধতে জ্ঞানদীপ হাজৰিকা নামৰ যুৱকজনক ৰাজহুৱা স্থানত নির্মমভাৱে প্ৰহাৰ কৰিছিল পাণবজাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাৰ্গৱ বৰবৰাই । ইয়াৰ পিছতেই এই ঘটনাক লৈ ৰাজ্য়জুৰি সৃষ্টি হৈছিল প্ৰতিক্ৰিয়াৰ । এই বিষয়টোক কেন্দ্ৰ কৰি চৰ্চা অব্য়াহত থকাৰ মাজতেই চাকৰি পালে জ্ঞানদীপ হাজৰিকাই ।
সোমবাৰে জ্ঞানদীপ হাজৰিকাই ইউ এছ টি এমত ছেকচনেল অফিচাৰ (ট্ৰেইনী) হিচাপে যোগদান কৰে । মেধাৱী ছাত্ৰজনক ইউ এছ টি এম কৰ্তৃপক্ষই দিলে নতুন কামৰ সন্ধান । সোমবাৰে ইউ এছ টি এমৰ আই কিউ এ চি ছেকচ'নেল অফিচাৰ (ট্ৰেইনী) হিচাপে যোগদান কৰা জ্ঞানদীপ হাজৰিকাই ডেলিভাৰী বয় হিচাপে জীৱিকা নিৰ্বাহ কৰি আছিল । কটনৰ ছাত্ৰ জ্ঞানদীপে ইউ এছ টি এমৰ আচাৰ্য মহবুবুল হকক ২৫ নৱেম্বৰত সাক্ষাৎ কৰিছিল । ইয়াৰ পিছতেই ইউ এছ টি এমৰ আচাৰ্য মহবুবুল হকে তেওঁক নিযুক্তি দিব বুলি আশ্বাস দিয়ে ।
নতুন চাকৰিয়ে জ্ঞানদ্বীপলৈ কঢ়িয়াইছে আশাৰ ৰেঙনি
ইউ এছ টি এম কৰ্তৃপক্ষই জনোৱা অনুসৰি জ্ঞানদীপে ছেকচ'নেল অফিচাৰ (ট্ৰেইনী) হিচাপে যোগদান কৰাৰ লগতে ইয়াতেই এম বি এ পাঠ্যক্ৰমো গ্ৰহণ কৰিব । মেধাৱী ছাত্ৰ জ্ঞানদীপে চাকৰি আৰু পাঠ্যক্ৰম একেলগে আগবঢ়াই নিব । ডেলিভাৰী বয় হিচাপে জীৱিকা নিৰ্বাহ কৰি আছিল কটনৰ ছাত্ৰ জ্ঞানদীপে । ডেলিভাৰী বয় হিচাপে কাম কৰি সপ্তাহত ৩ হাজাৰ টকা উপাৰ্জন কৰিছিল । সেই কথা জানিব পাৰি ইউ এছ টি এমৰ আচাৰ্য মহবুবুল হকে চাকৰিৰ বাবে প্ৰস্তাৱ আগবঢ়ায় । সেই প্ৰস্তাৱত সন্মতি দি সোমবাৰৰ পৰা চাকৰিত যোগদান কৰে জ্ঞানদীপে ।