অসম

assam

ETV Bharat / state

২৬ নৱেম্বৰৰ পৰা কাজিৰঙাত দ্বাদশ আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মাৰ্ট - KAZIRANGA NATIONAL PARK

'দেখো আপনা দেশ পিপ'লছ চয়চ ২০২৪' । কাজিৰঙাত অনুষ্ঠিত হ'ব চাৰিদিনীয়া দ্বাদশ 'আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মাৰ্ট' ।

Tourism Mart at Kaziranga
কাজিৰঙাত দ্বাদশ আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মাৰ্ট (@IndianGovtTourismDepartment)

By ETV Bharat Assamese Team

Published : Nov 21, 2024, 10:09 PM IST

তেজপুৰ: এক বিশেষ ভোট । দেশৰ পৰ্যটন মন্ত্ৰণালয়ৰ অধীনত অনলাইনত পৰ্যটকৰ পৰা বিচাৰিছে প্রিয় পৰ্যটন স্থানখন বিবেচনা কৰাৰ বাবে ভোট । আগন্তুক ২৬ নৱেম্বৰৰ পৰা ২৯ নৱেম্বৰলৈ অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটন মন্ত্ৰণালয়ৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মাৰ্টৰ দ্বাদশ সংস্কৰণৰ আয়োজন কৰা হৈছে ।

ইয়াত উত্তৰ-পূব ভাৰতৰ চহকী সাংস্কৃতিক ঐতিহ্য আৰু পৰ্যটনস্থলীসমূহ প্ৰদৰ্শন কৰা হ'ব । যাৰ বাবে মন্ত্ৰণালয়ে কাজিৰঙাত সমগ্ৰ বিশ্বৰ পৰা আহিবলগীয়া অংশগ্ৰহণকাৰীসকলক আদৰিবলৈ সাজু হৈ পৰিছে । বিশ্ব বিখ্যাত এশিঙীয়া গঁড়ৰ বিচৰণথলী কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক ন-ৰূপত সজাই তোলা হৈছে ।

দেখো আপনা দেশ পিপ'লছ চয়চ ২০২৪ (@IndianGovtTourismDepartment)

পৰ্যটন মন্ত্ৰণালয়ৰ দ্বাৰা এইবাৰ পৰ্যটকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ https://bit.ly/DADPC ৱেবছাইটত বিজ্ঞাপনৰ জৰিয়তে প্ৰচাৰ চলাইছে আৰু কাজিৰঙাক ভোট দিবলৈ আহ্বান জনাইছে । মন্ত্ৰণালয়ৰ দ্বাৰা উল্লেখ কৰিছে, "দেখো আপনা দেশ পিপ'লছ চয়চ ২০২৪ৰ অংশ হিচাপে আপোনাৰ প্ৰিয় পৰ্যটন গন্তব্যস্থানসমূহক ভোট দিবলৈ ৬০ ছেকেণ্ড সময় খৰচ কৰক । আপোনাৰ পছন্দে ভাৰত চৰকাৰৰ পৰ্যটন মন্ত্ৰণালয়ে মিছন মোডত উন্নয়নৰ বাবে গন্তব্যস্থান চিনাক্ত কৰিবলৈ সক্ষম কৰিব, যিয়ে ভাৰতবৰ্ষক বিক্ষিত ভাৰত ২০৪৭ৰ দিশৰ যাত্ৰাত অৰিহণা যোগাব ।"

দেশৰ পৰ্যটন মন্ত্ৰণালয়ৰ অধীনত চলিত নৱেম্বৰ মাহৰ ২৬ তাৰিখৰ পৰা চাৰিদিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া দ্বাদশ আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মাৰ্ট এই বর্ষত বহু ব্যাপক কার্যসূচীৰে আয়োজন কৰা হৈছে । এই পর্যটন মেলাই ভাৰতৰ বিশাল পৰ্যটন সম্ভাৱনাৰ বিষয়ে অন্তৰ্দৃষ্টি প্ৰদান কৰিব আৰু অসমৰ সমৃদ্ধ ঐতিহ্য-পর্যটনৰ গভীৰতাক পুনৰ এবাৰ প্রতিষ্ঠা কৰাৰ আশা প্রকাশ কৰিছে অসম পৰ্যটন বিভাগে ।

দেখো আপনা দেশ পিপ'লছ চয়চ ২০২৪ (@IndianGovtTourismDepartment)

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক সোণালী ঘোষে এই সন্দৰ্ভত জনায়, "আন্তঃৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় পৰ্যটকক আদৰিবলৈ ন-কইনাৰ দৰে সজোৱা হৈছে কাজিৰঙাক । আমি আমাৰ সংৰক্ষণ সফলতাৰ কাহিনী বিশ্বৰ আগত প্ৰদৰ্শন কৰিব বিচাৰোঁ ।"

তেওঁ লগতে কয় যে দেশ-বিদেশৰ পৰ্যটকৰ আকৰ্ষণস্থলী বিশ্ব ঐতিহ্য কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান । তেওঁ কয়, "কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এই বৰ্ষৰ উদ্যান মুকলি হোৱাৰ পাছত অক্টোবৰ মাহত ২৮,৯৮৬ দেশীয় আৰু ৫৯৩ গৰাকী বিদেশী পৰ্যটকৰে মুঠ ২৯,৫৭৯ গৰাকী পৰ্যটকৰ আগমন ঘটে । চলিত মাহত ২৪,১৩২ গৰাকী দেশীয় আৰু ১,০০৪ গৰাকী বিদেশী পৰ্যটকৰে মুঠ ২৫,১৩৫ গৰাকী পৰ্যটকৰ আগমন ঘটে ৰাষ্ট্ৰীয় উদ্যানখনলৈ ।"

কাজিৰঙাত হাতী চাফাৰী (@AssamTourism)

আনহাতে, শোণিতপুৰ জিলা পৰ্যটন বিষয়া বাসৱ বৰাই ই টিভি ভাৰতক কয়, "এই আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মাৰ্টত ২৬ তাৰিখে দেশ-বিদেশৰ প্ৰতিনিধিসকল আহি উপস্থিত হব । এই প্ৰতিনিধি তথা পৰ্যটকসকলক ২৯ তাৰিখ অৰ্থাৎ শেষৰ দিনা কাজিৰঙাৰ পৰা তেজপুৰৰ ভিন্ন ঠাই আৰু নামেৰী ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰোৱাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ।"

লগতে পঢ়ক :অসমত ২৬ বিলিয়ন ডলাৰৰ ৰিয়েল ইষ্টেট বজাৰ
লগতে পঢ়ক :ৰীলত নহয় বাস্তৱত দেখুৱাইছে পাঁচ বান্ধৱীয়ে কৰ্ম-সংস্কৃতিৰ নিদৰ্শন

ABOUT THE AUTHOR

...view details