ধেমাজি : শনিবাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ উদ্যেগত সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ সমন্বয় সমিতিৰ প্ৰথম সভা ধেমাজি স্বাগত হোটেলত অনুষ্ঠিত হয় । এই সভাতেই অসম বিধান সভাৰ বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াকে ধৰি ভালেকেইগৰাকী দলীয় শীৰ্ষ বিষয়া কৰ্মীয়ে অংশগ্ৰহণ কৰে । সভাৰ পিছত সংবাদ মাধ্যমৰ আগত বিৰোধী দলপতিগৰাকীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰে ।
বিৰোধী দলপতিগৰাকীয়ে কয়, "অসমৰ মুখ্যমন্ত্ৰী হ’বলৈ নাপায় কংগ্ৰেছৰ পৰা গুচি গৈছিল তেওঁ আৰু অসমত ১ নম্বৰ নেতা হ’বলৈ কৰা প্ৰতিযোগিতাৰ বাবে অসমত ২০১১ চনৰ পৰা কংগ্ৰেছত বিসম্বাদ সৃষ্টি হৈছিল । আমাৰ দলত হাই কামাণ্ড বেচ পাৰ্টী । ৰাহুল গান্ধী, মল্লিকাজুন খাৰ্গেই যাকে নেতা হিচাপে বিবেচনা কৰে আমি তাক সকলোৱে মানি লোৱা দৰকাৰ ।"
গুৱাহাটীত ঘটনাৰ সম্পৰ্ক দেৱব্ৰত শইকীয়াই পুনৰ কয়, “ৰাজভৱনটোৱে ৰাজ্যপালৰ কাৰ্যালয় । তেওঁ তাত নাথাকিলে ডেপুটি কমিচনাৰ, চেক্ৰেটাৰী, জইন্ট চেক্ৰেটাৰী, কেৰেণী মহৰি চব থাকে । এইখিনিকে নকৰি জনগনৰ গাত লাঠী চাৰ্জ কৰা হ’ল । আমি প্ৰকৃততে গুলী খাবলৈ গৈছিলো নেকি ? আমি ৰাইজৰ কেইটামান দাবী উত্থাপন কৰিব গৈছিলো ।"