অসম

assam

ETV Bharat / state

ঘৰুৱা হিংসাৰ পৰা ৰক্ষা পাবলৈ ফোন কৰিব পাৰিব হেল্পলাইন নম্বৰত - DAVA INDIA

ঘৰুৱা হিংসাৰ বলি হৈছে নেকি ? ঘৰুৱা হিংসাৰ ভুক্তভোগীৰ বাবে হেল্পলাইন নম্বৰ মুকলি ।

Dava India launches helpline number to protect women from domestic violence
ঘৰুৱা হিংসাৰ পৰা ৰক্ষা পাবলৈ ফোন কৰিব পাৰিব হেল্পলাইন নম্বৰত (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Nov 20, 2024, 7:14 PM IST

গুৱাহাটী:মহিলাসকলক ঘৰুৱা হিংসা, শাৰিৰীক আতিশয্যৰ পৰা ৰক্ষা কৰিবলৈ দৱা ইণ্ডিয়াই উত্তৰ পূৰ্বাঞ্চলত এক সজাগতা অভিযান আৰম্ভ কৰিছে । মঙলবাৰে গুৱাহাটীত এই কথা ঘোষণা কৰিছে জ'টা হেল্থকেয়াৰ লিমিটেডৰ গ্ৰুপ মুখ্য কাৰ্যবাহী সদস্য ডাঃ সুজিত পালে ।

তেওঁ কয়,"ভাৰতৰ দৰে এখন দেশত ঘৰুৱা হিংসাৰ জ্বলন্ত সমস্যাটো সমাধানৰ লক্ষ্যৰে শেহতীয়া #StandAgainstViolence নামেৰে এক পদক্ষেপ গ্ৰহণ কৰা হৈছে । ইয়াৰ লক্ষ্য হৈছে ঘৰুৱা হিংসাৰ বিৰুদ্ধে সজাগতা বৃদ্ধি কৰা, সাহায্য প্ৰদান কৰা আৰু ভুক্তভোগীসকলৰ সৱলীকৰণ কৰা ।"

ঘৰুৱা হিংসাৰ পৰা ৰক্ষা পাবলৈ ফোন কৰিব পাৰিব হেল্পলাইন নম্বৰত (ETV Bharat Assam)

ডাঃ পালে লগতে কয়,"ঘৰুৱা হিংসাৰ ঘটনাসমূহ সমাধান কৰাৰ বাবে স্বাস্থ্যকৰ্মী, অধিবক্তা, আৰক্ষী প্ৰশাসনক লগত লৈ ভুক্তভোগীসকলক তেওঁলোকৰ জীৱন পুনৰ গঢ়ি তোলাত সহায় কৰিবলৈ তথা হিংসাজড়িত কাৰ্যকলাপ বন্ধ কৰাৰ প্ৰচেষ্টা চলোৱা হৈছে । ইয়াৰ অংশ হিচাপে দৱা ইণ্ডিয়াই এলানি সামূহিক কৰ্মশালাও আৰম্ভ কৰিছে । তদুপৰি ঘৰুৱা হিংসাৰ বলি হোৱা ভুক্তভোগীয়ে 8471009009 এই হেল্পলাইন নম্বৰত অভিযোগ দিব পাৰিব । অভিযোগ দিয়াৰ পিছতেই ভুক্তভোগীক ন্যায় দিয়াৰ ক্ষেত্ৰত সহায় কৰা হ'ব ।"

এই পদক্ষেপৰ লক্ষ্য সন্দৰ্ভত তেওঁ কয়,"আমাৰ লক্ষ্য হৈছে হিংসা আৰু ভয়ৰ পৰা মুক্ত এখন সুৰক্ষিত সমাজ গঢ়ি তোলা । আনহাতে, মহিলাৰ ঋতুজনিত পৰিষ্কাৰ পৰিচ্ছন্নতাৰ সজাগতা আৰম্ভ কৰা হৈছে ।" উল্লেখ্য যে,উত্তৰ পূৰ্বাঞ্চলত উন্নতমানৰ জেনেৰিক ঔষধ গ্ৰাহকক প্ৰদান কৰাৰ উদ্দেশ্যে দৱা ইণ্ডিয়াই অসমৰ গুৱাহাটী, শিলচৰ, ডিব্ৰুগড়, বঙাইগাঁও, শৰাইঘাট, তিনিচুকীয়া, ত্ৰিপুৰাৰ আগৰতলা, মেলাগড়, ধৰ্মনগৰ, বিশালগড়, আৰু মেঘালয়, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আদিত বিত্তীয় বৰ্ষ ২০২৫ৰ শেষলৈকে আউটলেট মুকলি কৰাৰ পৰিকল্পনা কৰিছে ।

লগতে পঢ়ক:বহিঃৰাজ্যলৈ বাঁহ সৰবৰাহে উদ্বিগ্নতা বঢ়াইছে প্ৰকৃতিপ্ৰেমীৰ

একেখন মঞ্চত অসম সাহিত্য সভাৰ সভাপতি পদৰ দুই প্ৰাৰ্থী; পৰস্পৰক জনালে শুভেচ্ছা

ABOUT THE AUTHOR

...view details