অসম

assam

ETV Bharat / state

দৰঙত এটা পৰিয়ালক এঘৰীয়া; ভুক্তভোগী পৰিয়াল সঁচা নে গাঁৱৰ ৰাইজ ? - Darrang Family outcast

Boycott from society: পাথৰিঘাটত ৰামৰাই পাৰা গাঁৱত এটা পৰিয়ালক এঘৰীয়া কৰা সন্দৰ্ভত বাতৰি প্ৰকাশৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়া ।

By ETV Bharat Assamese Team

Published : 4 hours ago

Boycott from society
ভুক্তভোগী পৰিয়াল সঁচা নে গাঁৱৰ ৰাইজ (ETV Bharat)

দৰং,৭ অক্টোবৰ :দৰং জিলাৰ ঐতিহাসিক পাথৰিঘাট ৰাজহ চক্ৰৰ অন্তৰ্গত ৰামৰাই পাৰা গাঁৱত শেহতীয়াকৈ এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছিল । এটা নৱকান্ত বৰুৱা নামৰ লোকজনৰ পৰিয়ালে অভিযোগ কৰিছিল যে তেওঁলোকৰ কন্যা আন ধৰ্মৰ যুৱকলৈ পলাই যোৱাৰ বাবে গাঁওবাসীয়ে তেওঁলোকক এঘৰীয়া কৰিছে । পৰিয়ালটোৱে অভিযোগ কৰিছিল যে ৰাইজে প্ৰায়চিত্তৰ নামত ৫০ হাজাৰ টকাৰো দাবী কৰিছে । লগতে ৰাইজক ভোজভাত খুৱাবলৈও তেওঁলোকক হেঁচা প্ৰয়োগ কৰা হৈছিল বুলি পৰিয়ালটোৱে দাবী কৰিছিল । এই খবৰ বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পিছতে গাঁওখনত পুনৰ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

ৰাইজৰ বিপৰীত ভাষ্য

এই সন্দৰ্ভত ৰাইজে পুনৰ সভা পাতিবলৈ বাধ্য হৈছে । ৰাইজে এইবাৰ সকলো অভিযোগ অস্বীকাৰ কৰিছে । ৰাইজৰ মতে নৱকান্ত বৰুৱাৰ পৰিয়ালে সম্পূৰ্ণ মিছা মাতিছে । গাঁৱৰ বদনাম কৰিবলৈ এইদৰে মন্তব্য কৰিছে বুলি ৰাইজে অভিযোগ কৰে । গাঁৱৰ এজন যুৱকে জনোৱা মতে আন ধৰ্মৰ যুৱকৰ সৈতে কন্যাৰ সম্পৰ্কৰ কথা পৰিয়ালৰ লোকে আগৰে পৰা জানিছিল । সেয়ে গাঁৱৰ ৰাইজে তেওঁলোকক পূৰ্বৰ নিয়ম অনুসৰি প্ৰায়চিত্ত হ'বলৈ কৈছিল । কিন্তু প্ৰায়চিত্তৰ নামত ৫০ হাজাৰ টকাৰ দাবী ৰাইজে কৰা নাই আৰু ছাগলী মাংসৰে ভোজভাতৰ দাবীও ৰাইজে কৰা নাই বুলি তেওঁ সংবাদ মাধ্যমক অৱগত কৰে ।

ভুক্তভোগী পৰিয়াল সঁচা নে গাঁৱৰ ৰাইজ (ETV Bharat)

কোনো তৃতীয় পক্ষৰ প্ৰৰোচনাত পৰি পৰিয়ালটোৱে গাঁৱৰ ৰাইজৰ বিৰুদ্ধে এই ধৰণৰ মিছা অভিযোগ উত্থাপন কৰিছে বুলিও তেওঁ দাবী কৰে । যুৱকজনৰ মতে গাঁৱৰ ৰাইজে তেওঁলোকক প্ৰতিটো মুহূৰ্ততে আঁকোৱালি ল'বলৈ সাজু আছে । কেৱল পৰিয়ালটোৱে ভুল স্বীকাৰ কৰি ৰাইজৰ ওচৰত ক্ষমা বিচাৰিব লাগিব । এতিয়া প্ৰশ্ন হ'ল নৱকান্ত বৰুৱাৰ পৰিয়ালটোৱে সঁচা কৈছে নে ৰাইজে সঁচা কৈছে ? এই ক্ষেত্ৰত এতিয়া বিভিন্নজনে প্ৰশাসনৰ হস্তক্ষেপ বিচাৰিছে । যিয়ে নহওঁক বৰ্তমানৰ আধুনিক যুগত এই ধৰণৰ ঘটনা প্ৰবাহে সচেতন মহলক বিচলিত কৰা দেখা গৈছে ।

লগতে পঢ়ক :প্ৰায়চিত্ত হিচাপে লাগে ৫০ হাজাৰ টকা, নিদিয়াৰ বাবেই কৰা হ'ল এঘৰীয়া - Darrang family outcast

ABOUT THE AUTHOR

...view details