মেষ ৰাশি:মেষ ৰাশিৰ জাতক-জাতিকাসকলৰ কাৰণে দিনটো ইতিবাচক শক্তিৰে পৰিপূৰ্ণ । আজি আপুনি অত্যধিক তজবজীয়া হৈ থাকিব আৰু উত্সাহ-উদ্দীপনাৰে সৈতে কাম কৰিব । ধনদেৱীৰ আশীৰ্বাদ লাভ কৰিব ।
বৃষ ৰাশি:আজিৰ দিনটো সতৰ্ক হৈ থাকক । আজি আপুনি দুশ্চিন্তাত ভুগিব পাৰে ৷ খৰছ কৰাৰ সময়ত সাৱধানে থাকিব, কাৰণ অতিৰিক্ত ব্যয়ৰ আশংকা আছে ।
মিথুন ৰাশি: লাভদায়ক দিন । অবিবাহিতসকলে ভাল জীৱনসংগী বা জীৱনসংগিনী পাব পাৰে । আৰ্থিক লাভ ৷ চাকৰি বা ব্যৱসায়ত লাভ হ’ব আৰু আয়বৃদ্ধি হ’ব। আজিৰ এই ফলদায়ক দিনটোক সম্পূৰ্ণ সদ্ব্যৱহাৰ কৰক।
কৰ্কট ৰাশি:আজিৰ দিনটো ধৰ্মীয় কাম-কাজ কৰিবৰ বাবে আজিৰ দিনটো ভাল । মন্দিৰ দৰ্শনত গ’লে মনোবল বৃদ্ধি পাব আৰু মন ভাল লাগিব । পৰিয়ালৰ লোকৰ সৈতে সময় কটাব পাৰিলে প্ৰচুৰ আনন্দ আৰু পৰিতৃপ্তি পাব । আজি গোটেই দিনটো আপুনি সুস্থ আৰু সক্ৰিয় অনুভৱ কৰিব ।
সিংহ ৰাশি: আজি আপুনি সজাগ আৰু সতৰ্ক হৈ থাকক । স্বাস্থ্য সম্বন্ধীয় সমস্যা দেখা দিব পাৰে । প্ৰাৰ্থনা আৰু ধ্যান কৰিলে লাভৱান হ'ব ।
কন্যা ৰাশি: সন্মান বৃদ্ধিৰ যোগ । নতুন সাজপাৰ ক্ৰয় কৰিব পাৰে । আজি আপুনি নতুন গাড়ী বা বাহনৰ গৰাকী হ’ব পাৰে ।