- মেষ ৰাশি : দিনটো মধ্যমীয়া । ভাগৰুৱা, এলেহুৱা আৰু অস্থিৰ অনুভৱ কৰিব । সৰু সুৰা কথাত মূৰ গৰম নকৰিব । ঘৰতেই হওক বা কৰ্মক্ষেত্ৰতেই হওক, কাকো আঘাত কৰাকৈ কথা নক’ব । এনে কৰিলে আপোনাৰে ক্ষতি হ’ব পাৰে ।
- বৃষ ৰাশি : ধ্যান কৰক আৰু মনক স্থিৰ কৰক ৷ দিনৰ শেষ ভাগলৈ ভাগৰি পৰিব ৷ কামৰ হেঁচা থাকিব ৷ ভ্ৰমণ শুভ নহয় ৷ এলাহ ভাব থাকিব ৷ খোৱা বোৱাত চকু ৰাখক ৷ নতুন একো আৰম্ভ নকৰিব ৷
- মিথুন ৰাশি : ইন্দ্ৰিয়সুখ পৰিতৃপ্তি আৰু সুখভোগৰ যোগ আছে । বিভিন্ন ধৰণৰ মানুহৰ সৈতে সাক্ষাৎ হ’ব । বন্ধু আৰু পৰিয়ালৰ লোকৰ সৈতে সুখদায়ক ভ্ৰমণত যাব পাৰে । নতুন কাপোৰ কিনিবলৈ যাব পাৰে । প্ৰেমত মধ্যমীয়া ৷ শাৰীৰিক সুস্থতা, সামাজিক সন্মান আৰু খ্যাতি বহুদূৰলৈ বিয়পি যাব । দিনটো ঈশ্বৰৰ আশীৰ্বাদ আপোনাৰ ওপৰত থাকিব ।
- কৰ্কট ৰাশি : আজিৰ দিনটো আপোনাৰ বাবে ভাল । ঘৰোৱা পৰিৱেশ শান্তিপূৰ্ণ আৰু উত্তম । কিছুমান সুখৰ মুহূৰ্ত সৃষ্টি হ’ব । আজি যি কামেই কৰিব, তাতেই খ্যাতি পাব । শাৰীৰিকভাৱে সম্পূৰ্ণ সুস্থ হৈ থাকিব ৷ পৰিয়ালৰ সৈতে ভাল সময় কটোৱাৰ সম্ভাৱনা ৷ চাকৰিয়ালসকলৰ কাৰণে আজিৰ দিনটো ফলদায়ক ।
- সিংহ ৰাশি :নিজৰ শিল্পী প্ৰতিভাৰ গুণাগুণ ব্যৱহাৰ কৰক ৷ দিনটো সক্ৰিয় অনুভৱ হʼব ৷ ৰোমাঞ্চকৰ কাৰ্যত ভাগ ল’ব । কর্মৰ বাবে দূৰলৈ যাত্ৰা হʼব পাৰে ৷ এই যাত্ৰা কৰ্ম-ব্যৱসায়ত সফল লাভ হʼব ৷
- কন্যা ৰাশি :দিনটো কঠিন হʼব ৷ মানসিক আৰু শাৰীৰিক হতাশা হʼব পাৰে ৷ পৰিয়ালৰ লগত তৰ্ক-বিতৰ্ক হʼব পাৰে ৷ অধিক তৰ্ক-বিতৰ্ক নকৰিব ৷ মাতৃৰ ৰোগ-পীড়া হ’ব পাৰে ৷ স্বাস্থ্য ভালে ৰখাত মনোযোগ দিব ৷
- তুলা ৰাশি : নিজৰ কর্ম-ব্যৱসায়ত ব্যস্ত থাকিব ৷ ইয়াৰ প্ৰভাৱ ব্যক্তিগত জীৱনত পৰিব ৷ পৰিয়ালৰ লগত সম্পর্ক ভাল ৷ পৰিয়ালৰ লগত সৰু যাত্ৰা হʼব পাৰে ৷ ৰাতিৰ খানা ভাল হʼব ৷
- বৃশ্চিক ৰাশি :ইফালে-সিফালে আজি আপুনি অআমন্ত্ৰিত পৰামর্শ পাব, কিন্তু পৰামর্শবোৰ ভাল হʼব ৷ বিয়া আৰু সংযোগত সফলতা লাভ ৷ প্ৰেমত শুভ ৷ বিবাহিৰ বাবে ভাল দিন ৷ নতুনকৈ ব্যৱসায় আৰম্ভ কৰিব পাৰে ৷
- ধনু ৰাশি :দিনটো আপোনাৰ পৰিকল্পনা অনুসৰি গৈ থাকিব । আৰ্থিক লাভ নিশ্চিত । গোটেই দিনটো তজবজীয়া আৰু প্ৰাণৱন্ত অনুভৱ কৰিব । সৰুসুৰা আৰু সুখকৰ ভ্ৰমণৰ যোগ ৷ ঘনিষ্ঠ আৰু প্ৰিয়জনৰ সৈতে সুখকৰ কিছু মুহূৰ্ত কটাব । কোনো আনন্দদায়ক আৰু শুভ অনুষ্ঠানৰ নিমন্ত্ৰণ পাব পাৰে । সন্মান আৰু জনপ্ৰিয়তা বৃদ্ধিৰ প্ৰবল যোগ আছে ।
- মকৰ ৰাশি :আজি আপুনি ধৰ্মীয় কামত বেছি মন দিব ৷ তাৰ বাবে কিছু খৰচো কৰিব লগা হ’ব ৷ আইনী বিষয়ৰ কামত বিশেষ চকু ৰখাৰ প্ৰয়োজন ৷ দুৰ্ঘটনা হ’ব পাৰে ৷ অপাৰেচন কৰাৰ পৰা আঁতৰত থাকক ৷
- কুম্ভ ৰাশি : এটা সফল দিন ৷ ব্যৱসায়ত বহু উন্নতি হ’ব ৷ পুৰণি বন্ধুক লগ পাব ৷ তেওঁলোকৰ লগত ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰক ৷ নতুন কাম আৰম্ভ কৰাৰ সুন্দৰ সময় ৷ বিবাহৰ বাবে প্ৰস্তাৱ আহিব ৷ দিনটো উত্তম ৷
- মীন ৰাশি :কৰ্ম জীৱনত অশান্তি হʼব পাৰে ৷ নিজৰ জীৱন যাপন কৰা প্ৰণালীক সৰল কৰিব ৷ মনৰ কথা ভাগ-বতৰা কৰিব ইচ্ছা নহʼব ৷ প্ৰেমৰ সম্পর্ক ভাল ৷ বিয়াৰ সংযোগত সফল লাভ হʼব ৷ বিবাহিত বাবে দিনটো শুভ ৷
জ্যোতিষশাস্ত্ৰ মতে জানো আহক কেনে যাব আপোনাৰ আজিৰ দিনটো... - DAILY HOROSCOPE
জ্যোতিষশাস্ত্ৰৰ মতে আজিৰ দিনটো আপোনাৰ বাবে কিমান ভাল বা বেয়া হ'ব ? দিনটোৰ ৰাশিফল পঢ়ো আহক...

ৰাশিফল (ETV Bharat)
Published : Feb 24, 2025, 6:10 AM IST