অসম

assam

ETV Bharat / state

জ্যোতিষশাস্ত্ৰ অনুসৰি কেনে যাব আপোনাৰ দিনটো... - DAILY HOROSCOPE

কেনে যাব আপোনাৰ আজিৰ দিনটো ? কি কয় আপোনাৰ ৰাশিফলে ? সবিশেষ...

DAILY HOROSCOPE FOR 22ND DECEMBER 2024
জ্যোতিষশাস্ত্ৰ অনুসৰি কেনে যাব আপোনাৰ দিনটো... (ETV Bharat)

By ETV Bharat Assamese Team

Published : Dec 22, 2024, 6:47 AM IST

মেষ ৰাশি :দিনটো মধ্যমীয়া । শাৰীৰিক আৰু মানসিক স্বাস্থ্য উন্নত ৷ এক কাল্পনিক জগতত বিৰাজ কৰিব ৷ আপোনাৰ সৃষ্টি আৰু উদ্ভাৱনী শক্তিয়ে এক উৰ্ধগতি লাভ কৰিব । সাহিত্যিক, শৈল্পিক আৰু শৈক্ষিক কামসমূহত বিস্ময়কৰ গ্ৰহৰ প্ৰভাৱত লাভাম্বিত হ’ব । ঘৰৰ সুন্দৰ, শান্ত পৰিস্থিতিয়ে আনন্দ প্ৰদান কৰিব । কৰ্মস্থলীত ঊৰ্ধতন কৰ্তৃপক্ষৰ লগত লেনেদেন কৰোতে সাৱধান হ’ব ৷

বৃষ ৰাশি : ক্ৰোধক নিয়ন্ত্ৰণত ৰাখক । অন্য দিনতকৈ আজি অধিক বিৰক্তিকৰ হ’ব । শান্ত হৈ থাকক ৷ পানীৰ পৰা আঁতৰত থাকক । ক্লান্ত মন আৰু শৰীৰক আৰাম দিয়ক । কোনো আইনী বা উত্তৰাধিকাৰ সংক্ৰান্তিয় কাগজত হস্তাক্ষৰ কৰোতে সাৱধানতা অৱলম্বন কৰক । সৌভাগ্যক্ৰমে দুপৰীয়াৰ পৰা ভাগ্য উন্নত হ’ব ৷

মিথুন ৰাশি : দিনটোত শান্তিৰে পাৰ হৈ যাবলৈ দিয়ক । ভাতৃৰ লগত থকা উন্নত সম্পৰ্কই উপকৃত কৰাৰ সম্ভাৱনা ৷ প্ৰিয়জনৰ লগত আনন্দেৰে সন্ধিয়াটো উপভোগ কৰক ৷ দ্বিতীয়ভাগত গ্ৰহসমূহ নিস্তেজ হৈ পৰিব ৷ অতি সংবেদনশীল হৈ পৰিব ৷ বিৰক্তি আৰু উত্তেজনাই আৱৰি ধৰিব পাৰে । আবেগক নিয়ন্ত্ৰণ কৰক ৷ আইনী কাম-কাজ কৰাৰ আগতে ভালদৰে চিন্তা কৰক ৷

কৰ্কট ৰাশি : শান্ত হৈ থাকক ৷ আত্মীয়ৰ লগত অতি সুন্দৰ সময় কটাব । মধুৰ কথাৰে সকলো সমস্যাৰ অন্ত পেলাব পাৰিব । সন্ধিয়া প্ৰমোদ ভ্ৰমণৰ যোগ ।

সিংহ ৰাশি : দিনটো শুভ ৷ ঘৰৰ পৰিৱেশ শান্ত আৰু বন্ধুত্বপূৰ্ণ হ’ব ৷ বিবাহিতসকলে বৈবাহিক আনন্দ লাভ কৰিব । পৰিয়ালৰ জ্যেষ্ঠসকল উপকৃত হ’ব । বিলাসীতা আৰু আৰাম লাভৰ বাবে আয়ৰ কিছু অংশ ব্যয় কৰিব পাৰে ৷

কন্যা ৰাশি : অধিক সংবেদনশীল আৰু আবেগ প্ৰবল হৈ থাকিব ৷ কিন্তু দুৰ্বল হৈ নপৰিব । বিবাদৰ পৰা দূৰত থাকক ৷ তিক্ত কথা কোৱাৰ আগতে ভাবি চাওক ৷ আৰ্থিক সংকট হ’ব ৷ পিতৃ আৰু পৰিয়ালৰ অন্য জেষ্ঠসকলৰ পৰা প্ৰয়োজনীয় সৰ্মথন লাভ কৰিব ৷ সুস্থ শৰীৰৰ বাবে ব্যায়ামৰ প্ৰয়োজন ৷

তুলা ৰাশি :দিনটো কঠিন ৷ শান্ত হৈ থাকক ৷ নতুনকৈ কাম আৰম্ভ কৰাটো ভাল নহ’ব । চিন্তাৰ পাক চক্ৰত পৰি মনোযোগ হেৰুৱাব পাৰে । অত্যাধিকে চাপে শৰীৰত প্ৰতিবদ্ধতাৰ সৃষ্টি কৰিব পাৰে । অধিক ব্যয়ৰ সম্ভাৱনা ।

বৃশ্চিক ৰাশি : দিনটোত সুন্দৰ ৷ নতুন প্ৰকল্প, সময়সীমা পূৰণ আৰু সফলতা আদিৰ বাবে উত্তম । অভিনন্দন লাভ । অস্থাৱৰ সম্পত্তি যেনে মাটি আৰু সম্পত্তিৰ আদিৰ লেনদেনৰ বাবে উপযুক্ত সময় । চৰকাৰী কামে উপকৃত কৰিব । বন্ধুবৰ্গৰ লগত সময় কটাব ৷ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণৰ পৰা আঁতৰি থাকক ।

ধনু ৰাশি :দিনটো কঠিন । ধৰ্মীয় যাত্ৰা তথা কাৰ্যকলাপে অৱকাশ প্ৰদান কৰিব । শাৰীৰিকভাৱে দুৰ্বল আৰু অৱশ হৈ থাকিব ৷ কামত শ্ৰেষ্ঠতা প্ৰদান কৰিব নোৱাৰিব । সহকৰ্মীৰ লগত পাৰ্থক্য বৃদ্ধি পাব । দিনটোৰ দ্বিতীয়ভাগত পৰিস্থিতি কিছু উন্নত হ’ব ৷ পেচাদাৰী খ্যাতি বৃদ্ধি । স্বাস্থ্য উত্তম ৷

মকৰ ৰাশি : প্ৰয়োজন হ’লে দীঘলীয়া আলোচনা এৰাই চলক, শান্ত আৰু সৰ্তক হওক । অপ্ৰত্যাশিত আৰ্থিক ব্যয় হ’ব ৷ পদপথৰ খাদ্য গ্ৰহণ কৰাৰ পৰা বিৰত থাকক ।

কুম্ভ ৰাশি :ব্যৱসায়ীক সংগী আৰু গ্ৰাহকৰ লগত আনন্দেৰে লেনদেন কৰিলে উপকৃত হ’ব । বাৰম্বাৰ চেষ্টা কৰাৰ পিছতো কামত আপুনি সন্তুষ্ট নহ’ব । ঘৰুৱা পৰিৱেশ শান্ত আৰু শান্তিপূৰ্ণ । বিজুলী তথা পানীৰ সমস্যা হ’ব পাৰে । সংগীৰ সৈতে বিবাদৰ সম্ভাৱনা । শিক্ষাৰ্থীৰ অগ্ৰগতি লক্ষ্যণীয় হ’ব ।

মীন ৰাশি :এটা সাধাৰণ দিন । পৰিয়ালৰ লগত সম্পৰ্ক ভালেই থাকিব ৷ কিন্তু সংগীৰ লগত সৰু সৰু বিবাদ হ’ব পাৰে ৷ পৰিকল্পনা অনুসৰি দৈনন্দিন কামসমূহ সম্পূৰ্ণ নহ’ব পাৰে ৷ সহকৰ্মীৰ পৰা সহায় নাপাব ৷

ABOUT THE AUTHOR

...view details