মেষ ৰাশি:বিপদৰ আশংকা থকা কাম আপুনি আজি সহজে সম্পন্ন কৰিব পাৰিব । তথাপি আপোনাৰ আলোচনা পৰচৰ্চালৈ পৰিণত হ’ব পাৰে । দৈনন্দিন কার্যক্ৰমণিকাত প্ৰভাৱ পৰিব পাৰে । নিন্দা আৰু নিৰুৎসাহিত হ'ব পাৰে, পৰচৰ্চা কৰাৰ পৰা আঁতৰি থকা উচিত । কিন্তু আপুনি ইয়াৰ মাজতো সফল হʼব ।
বৃষ ৰাশি:আজি গ্ৰহসমূহ আপোনাৰ পক্ষত নাই । কোনো নতুন কাম আৰম্ভ কৰাৰ আগতে বা নিজকে কোনো কামত জড়িত কৰাৰ পূৰ্বে নিশ্চিত কৰক যে আপুনি কোনো অনৈতিক বা অবৈধ ক্ষেত্ৰত প্ৰবেশ কৰা নাই । নতুন কাম বা প্ৰকল্প আৰম্ভ কৰাৰ পৰা বিৰত থাকক, ফলদায়ক ফলাফল লাভ নকৰিবও পাৰে । চখ পূৰণ আৰু মন প্ৰফুল্ল কৰা কাৰ্যত সময় কটাই উদ্বেগ আৰু চাপমুক্ত হ'ব পাৰে । জিভাক নিয়ন্ত্ৰণত ৰাখক, সহজেই ক্ৰোধৰ পৰা পৰিত্ৰাণ পাব । পেচাদাৰী দিশত কিছুমান সমস্যাৰ সন্মুখীন হ'ব পাৰে যিয়ে আপোনাক মন্থৰ কৰিব পাৰে । ঊৰ্ধতন কৰ্তৃপক্ষক প্ৰভাৱিত কৰাটো সহজ নহ'ব, কঠোৰ পৰিশ্ৰম কৰিবলগীয়া হ'ব পাৰে ।
মিথুন ৰাশি: দিনটোত মিশ্রিত ফলাফল লাভ কৰিব । হতাশা থাকিলেও সফল হʼব । আজি আপোনাৰ দিনটো হʼব আনন্দময় । পৰিয়ালৰ লগত সম্পর্ক ভাল হ'ব । প্ৰেমৰ সম্পর্ক ভাল হʼব । লগতে স্বাস্থ্য ভালে থাকিব । আবেলিলৈ সমস্য়াৰ সন্মুখীন হʼব পাৰে । সতৰ্কতা অৱলম্বন কৰা উচিত ।
ককৰ্ট ৰাশি:আপোনাৰ আজিৰ দিনটো আনন্দময় হ'ব । কৰ্মস্থলীত বন্ধুত্বপূৰ্ণ পৰিবেশে আপোনাৰ মন সলনি কৰিব পাৰে । আপোনাৰ প্ৰতিদ্বন্দ্বীয়ে কৰ্মস্থলীত বেয়া প্ৰদৰ্শন কৰাৰ সম্ভাৱনা আছে । মাতৃৰ ফালৰ পৰা ভাল খবৰে ঘৰৰ পৰিবেশ অধিক আনন্দময় কৰি তুলিব । আপোনাৰ মানসিক আৰু শাৰীৰিক স্থিতি আজি সৰ্বশ্ৰেষ্ঠ হৈ আছে । কোনো বৌদ্ধিক চৰ্চাত ভাগ ল'বলৈ আৰু তীক্ষ্ণ নিৰীক্ষণৰ বাবে উত্তম সময় । সমাজত খ্যাতি লাভ কৰিব পাৰে। ব্যৱসায়ীৰ বাবে পাৰ্টনাৰসকল আশীৰ্বাদ হ'ব পাৰে ।
সিংহ ৰাশি: আপুনি আজি অপৰিচিত লোকৰ পৰা আঁতৰত থাকিবলৈ চেষ্টা কৰিব । আপুনি আজি সফল হʼব । বিদেশী বন্ধুবৰ্গৰ লগত দিন ভালে যাব । অৱশ্য়ে ইয়াৰ মাজতো সতৰ্কতা অৱলম্বন কৰাটো অতি প্ৰয়োজন ।
কন্যা ৰাশি: আজি আপোনাৰ কামৰ প্ৰতি উৎসাহ কম হ'ব । তদুপৰি দুৰ্বল হৈ থাকিব । আৰ্থিক ব্যয়ৰ সম্ভাৱনা আছে । আপোনাৰ মেজাজী মনৰ বাবে বদনাম পাব পাৰে; আপোনাৰ সন্মান হানি হ'বলৈ নিদিব । নিয়োজিত কাম সময়মতে সমাপ্ত কৰিব নোৱৰাটোৱে আপোনাক হতাশ কৰিব। আপোনাৰ চিন্তাৰ প্ৰধান কাৰণ হ'ব আপোনাৰ সন্তান । ভ্ৰমণৰ পৰিকল্পনা পিছুৱাই দিয়ক।